TV9 ASSAM
ব্যক্তিৰ জীৱনত সুখ-শান্তি বজাই ৰাখিবলৈ হিন্দু ধৰ্মত বহু নিয়ম মানি চলাৰ কথা কোৱা হয়। চুলি আৰু নখ কটাৰ বিষয়তো এনে কিছুমান নিয়মৰ বিষয়ে উল্লেখ আছে।
শাস্ত্ৰ মতে বুধবাৰ আৰু শুকুৰবাৰ চুলি কটাৰ বাবে শুভ। বুধবাৰে চুলি কাটিলে ব্যৱসায় আৰু চাকৰিৰ উন্নতি হয়। আনহাতে শুকুৰবাৰে চুলি কটালে জীৱনত সুখ-সমৃদ্ধি অটুট থাকে।
এই দিন দুটাৰ বাবে বুধবাৰ সপ্তাহৰ বাকী দিনকেইটাত চুলি কটাব নালাগে। শাস্ত্ৰ মতে সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে চুলি কটা উচিত নহয়।
বহুলোকে বিশ্বাস কৰে যে এইকেইটা দিনত চুলি কটালে আয়ুস কমি যায়। লগতে জীৱনত প্ৰগতিৰ পথ ৰুদ্ধ হৈ পৰে। যিকোনো কামত সফলতা নাহে।
কিছু্লোকৰ মতে শনিবাৰে চুলি কটালে শনি দেৱৰ খং উঠে। এই দিনটোত চুলি কটালে শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি কোৱা হয়।
এই প্ৰতিবেদনত উপস্থাপন কৰা মতামতসমূহ প্ৰচলিত ধৰ্মীয় দৃষ্টিকোণৰ পৰা উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মতামত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
ঘৰৰ সন্মুখত কাউৰীয়ে চিঞৰাটো অশুভ নেকি