শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেলডিপোত পানী মিহলি পেট্ৰ’ল-ডিজেল! চিকাৰ হ’ল মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন, তদন্তৰ নিৰ্দেশ

তেল ডিপোৰ পৰা ওলাই কিছুদূৰ যোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ কনভয় সন্মুখীন হ’ল এক অনাকাংক্ষিত পৰিস্থিতিৰ। মুখ্যমন্ত্ৰী কনভয়ৰ আটাইকেইখন বাহন কিছুদূৰ যোৱাৰ পিছতে হঠাতে বন্ধ হৈ পৰিল। বাহনকেইখন বন্ধ হৈ যোৱাৰ আঁৰৰ কাৰণ হিচাপে দেখা গ’ল ডিপোৰ পানী মিহলি তেল। ইয়াৰ পিছতে ৰাজ্য চৰকাৰে এই বিষয়ত FIR দাখিল কৰে।

তেলডিপোত পানী মিহলি পেট্ৰ’ল-ডিজেল! চিকাৰ হ’ল মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন, তদন্তৰ নিৰ্দেশ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 29 Jun 2025 19:03 PM

বাহনত ইন্ধন ভৰোৱাৰ উদ্দেশ্যে এটা তেল ডিপোত ৰ’ল মুখ্যমন্ত্ৰীৰ কনভয়। প্ৰয়োজন অনুসাৰে বাহনত তেলো ভৰালে। পিছে তেল ডিপোৰ পৰা ওলাই কিছুদূৰ যোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ কনভয় সন্মুখীন হ’ল এক অনাকাংক্ষিত পৰিস্থিতিৰ। মুখ্যমন্ত্ৰী কনভয়ৰ আটাইকেইখন বাহন কিছুদূৰ যোৱাৰ পিছতে হঠাতে বন্ধ হৈ পৰিল। উপায়ন্তৰ হৈ বাহনকেইখন ঠেলিয়েই পথৰ কাষলৈ নিয়া হ’ল। এই ঘটনাৰ পিছতে ওলাল জোলোঙাৰ মেকুৰী। বাহনকেইখন বন্ধ হৈ যোৱাৰ আঁৰৰ কাৰণ হিচাপে দেখা গ’ল ডিপোৰ পানী মিহলি তেল।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে এই বিষয়ত FIR দাখিল কৰে। সমান্তৰালকৈ ৰাজ্যৰ সকলো তেল ডিপোৰ ওপৰতে তদন্তৰ নিৰ্দেশ জাৰি কৰা হৈছে। এই ঘটনাই এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা। অৱশ্যে এই ঘটনা অসমৰ নহয়, মধ্যপ্ৰদেশ চৰকাৰেহে গ্ৰহণ কৰিছে এই পদক্ষেপ। মুখ্যমন্ত্ৰী মোহন যাদৱৰ কনভয়ৰ বাহনত পানী মিহলি ইন্ধন সোমোৱাৰ পিছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্য চৰকাৰে ৰাতলামস্থিত ‘Shakti Fuel Point’ৰ অপাৰেটৰৰ বিৰুদ্ধে FIR দাখিল কৰিছে।

ইফালে ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী গোবিন্দ সিং ৰাজপুতে ৰাজ্যৰ সকলো পেট্ৰ’ল পাম্পৰ পুংখানুপুংখ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। এই বিষয়ত মন্ত্ৰীগৰাকীয়ে কয় যে সকলো পৰিস্থিতিত গ্ৰাহকৰ বাবে গুণগত মানৰ পেট্ৰল-ডিজেল উপলব্ধ হোৱাটো নিশ্চিত কৰিব লাগে। তেল কোম্পানীসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে।

শেহতীয়াকৈ ৰাটলামৰ দোচিগাঁৱত ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ (BPCL) পেট্ৰ’ল পাম্প ‘Shakti Fuel Pointত মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনত ইন্ধন ভৰোৱা হৈছিল। কিন্তু ডিজেলত পানী থকাৰ বাবে মুখ্যমন্ত্ৰী মোহন যাদৱৰ কনভয়ত থকা আটাইকেইখন বাহনবন্ধ হৈ পৰে আৰু বাহনসমূহ ঠেলি ঠেলি পথৰ কাষত ৰখাব লগা হয়। ইয়াৰ পিছতে চৰকাৰী বিভাগে তাৎক্ষণিকভাৱে পেট্ৰ’ল পাম্পটোৰ তদন্ত কৰে।

ইফালে এনে বিতৰ্ক সন্দৰ্ভত BPCL- এ এক স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে জিলাখনত অস্বাভাৱিক হাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ৰাটলামত থকা তেওঁলোকৰ পেট্ৰ’ল পাম্পৰ ইন্ধন সংৰক্ষণ টেংকত পানী সোমায় আৰু এনে সমস্যাৰ সৃষ্টি হয়। তদন্তৰ সময়ত ডিপোটোৰ পেট্ৰ’ল আৰু ডিজেলৰ নমুনা সংগ্ৰহ কৰি ইন্দোৰস্থিত BPCLৰ মংগলিয়া লেবলৈ প্ৰেৰণ কৰা হয়। কেৱল এয়াই নহয়, পেট্ৰ’ল পাম্পটোত উপলব্ধ পেট্ৰ’ল (৫৯৯৫ লিটাৰ) আৰু ডিজেল (১০৬৫৭ লিটাৰ) জব্দ কৰি পাম্পটো ছীল কৰা হৈছে।

এই গোচৰত Motor Spirit and High Speed Diesel (Regulation of Supply, Distribution and Prevention of Malpractices) Order 2005ৰ অধীনত মটৰ স্পিৰিট আৰু হাই স্পীড ডিজেল (যোগান নিয়ন্ত্ৰণ, বিতৰণ আৰু অসৎ ব্যৱহাৰ প্ৰতিৰোধ) আদেশ ২০০৫ৰ বিধানৰ অধীনত Essential Commodities Act 1955ৰ ৩৭৭ নং ধাৰাত অভিযুক্ত পাম্প অপাৰেটৰৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰা হৈছে।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৱা ২৭ জুনত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰশ্মী অৰুণ শমিয়ে ভাৰতীয় তেল নিগম লিমিটেড, ভাৰত পেট্ৰলিয়াম নিগম লিমিটেড আৰু হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেডৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বাৰিষাৰ পৰিপ্ৰেক্ষিতত তেল কোম্পানীসমূহক নিৰ্ধাৰিত পৰীক্ষা তালিকা অনুসৰি মধ্যপ্ৰদেশৰ সকলো পেট্ৰ’ল পাম্প পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।