শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ ৩খন বাতিল! উৰণৰ মাজতে উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কাৰণ কি…

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানৰ বিজুতিৰ খবৰ পোহৰলৈ আহিছে। আজিৰ দিনটোত এয়াৰ ইণ্ডিয়াৰ তিনিখনকৈ বিমান বাতিল হয়। অৱশ্যে সুৰক্ষিত আছে সকলো যাত্ৰী।

পুনৰ ৩খন বাতিল! উৰণৰ মাজতে উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কাৰণ কি…
এয়াৰ ইণ্ডিয়াImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 18 Jun 2025 21:21 PM

এখনৰ পাছত আনখন এয়াৰ ইণ্ডিয়াৰ বিমানৰ বিজুতিৰ খবৰ পোহৰলৈ আহিছে। আজি (১৮জুন) পুনৰ এয়াৰ ইণ্ডিয়াৰ ৩ খন বিমান বিভিন্ন কাৰণত বাতিল কৰা হয়। যাত্ৰী বিমানত উঠাৰ পাছত বাতিল কৰা হয় দুখন বিমান। ইয়াৰ বিপৰীতে এখন বিমান উৰণৰ পাছত উভতি আহে। এই সকলোবোৰ আছিল আন্তৰাষ্ট্ৰীয় বিমান। উৰাণ বাতিল হোৱা বিমান কেইখন হৈছে- টৰন্টো-দিল্লী বিমান -AI188, ডুবাই-দিল্লী বিমান- AI996 আৰু দিল্লী-বালি বিমান- AI2145 ।

কাৰণ

  • টৰন্টো-দিল্লী বিমান (AI188): এয়াৰ ইণ্ডিয়াই জনোৱা মতে, এই বিমানখন টৰেন্টোৰ পৰা দিল্লীলৈ অহা কথা আছিল। কিন্তু ক্ৰু সদস্যসকলৰ ৰক্ষণাবেক্ষণ আৰু বিমানৰ মেন্টেইনেন্স নিয়মৰ বাবে টৰন্টোৰ পৰা দিল্লীলৈ বিমানখন বাতিল কৰিবলগীয়া হৈছিল। ইতিমধ্যে বিমানখনত যাত্ৰীসকল উঠিছিল। তাৰ পাছতে বাতিল কৰা হয় বিমানখন।
  • ডুবাই-দিল্লী বিমান (AI996): আজি উৰণ বাতিল হয় ডুবাই-দিল্লী বিমান (AI996) ৰ। এই বিমানখন কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হয়। এই বিমানখনতো যাত্ৰীসকল উঠিছিল আৰু বিমানখন উৰিবলৈ সাজু হৈছিল। কিন্তু লগে লগে যাত্ৰীসকলক নমাই দিয়া হয়। পাছত বিমানখন বাতিল কৰা হয়।
  • দিল্লী-বালি বিমান (AI2145): আজি বাতিল হোৱা এয়াৰ ইণ্ডিয়াৰ তৃতীয়খন বিমান হল দিল্লী-বালি বিমান (AI2145)। এই বিমানখন উৰি আছিল আৰু উৰণৰ মাজভাগতে পুনৰ উভতি আহে। এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বালি বিমানবন্দৰৰ ওচৰত আগ্নেয়গিৰি বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পাছতে এই বিমানখন উভতি আহিবলৈ অৰ্ডাৰ লাভ কৰে। তাৰ পাছতে বিমানখন উভতি আছে। অৱশ্যে সকলো যাত্ৰী সুৰক্ষিত আছে।

বিমান তিনিখন বাতিল হোৱাৰ পাছত এয়াৰ ইণ্ডিয়াই কয় যে, ক্ষতিগ্ৰস্ত সকলো যাত্ৰীৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে। যাত্ৰীসকলে সোনকালে যাতে গন্তব্যস্থানত উপস্থিত হ’ব পাৰে তাৰ বাবে নিশ্চিত ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে বিমান সংস্থাটোৱে কয় যে আমি যাত্ৰীসকলক সম্পূৰ্ণ ৰিফাণ্ড বা ৰিশ্বেডুলৰ ব্যৱস্থা কৰিছো। উল্লেখ্য যে, মঙলবাৰেও এয়াৰ ইণ্ডিয়াই ৭খন বিমান বাতিল কৰিছিল।

৮৩ খন বিমান বাতিল

ডিজিচিএই মঙলবাৰে জনোৱা মতে, ১২ৰ পৰা ১৭ জুনৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ ৮৩খন বিমান বাতিল কৰা হৈছে।ইয়াৰে ৬৬খন বিমান বয়িং ৭৮৭ৰ।অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে কয় যে এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ বিমানৰ নিৰীক্ষণৰ সময়ত কোনো সুৰক্ষাজনিত সমস্যা দেখা পোৱা নাই।

উল্লেখ্য যে, যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। আহমেদাবাদত সংঘটিত হোৱা এই দুৰ্ঘটনাত ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জনে প্ৰাণ হেৰুয়ায়।  এই দুৰ্ঘটনাত ২৭৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই সন্দৰ্ভত চাঞ্চল্য অব্যাহত থকাৰ মাজতে এয়াৰ ইণ্ডিয়াৰ এখনৰ পাছত আনখন বিমানৰ বিজুতি পোহৰলৈ আহিছে।

 

অন্য খবৰ পঢ়কঃ লক্ষ্য চুপ্ৰিম লিডাৰৰ মৃত্যু! ইৰাণৰ ওপৰত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, ধ্বংস কৰি গৈছে গুৰুত্বপূৰ্ণ স্থান…