লক্ষ্য চুপ্ৰিম লিডাৰৰ মৃত্যু! ইৰাণৰ ওপৰত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, ধ্বংস কৰি গৈছে গুৰুত্বপূৰ্ণ স্থান…
পুনৰ ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। সন্দেহ কৰা হৈছে যে এই আক্ৰমণত ইজৰাইলে ইৰাণৰ চুপ্ৰিম লিডাৰক লক্ষ্য কৰি লৈছে। ইৰাণৰ চুপ্ৰিম লিডাৰৰ সকীয়নিৰ পাছতে এই আক্ৰমণ।

ইৰাণৰ ৰাজধানী তেহৰাণত চলিছে এটাৰ পাছত আনটো আক্ৰমণ। খবৰ অনুসৰি, এই আক্ৰমণ বিশেষকৈ তেহৰাণৰ লাভিজান অঞ্চলত সংঘটিত হৈছে। এই ঠাইতে ইৰাণৰ মিছাইল আৰু সেনাৰ কাৰ্যক্ৰমৰ সৈতে জড়িত ডাঙৰ ডাঙৰ ফেক্টৰী,বাংকাৰ আদি থাকে। এই অঞ্চলটোত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ নিৰাপত্তা বাংকাৰ থকাৰ সন্দেহ কৰা হৈছে।
এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে, ইজৰাইলে এই আক্ৰমণ দ্বাৰা বিশেষকৈ ইৰাণৰ চুপ্ৰিম লিডাৰ খামেনেইক লক্ষ্য় কৰি লৈছে নেকি ? মাত্ৰ কিছু সময় পূৰ্বে ইজৰাইলৰ চুপ্ৰিম লিডাৰে জনতাক সম্বোধন কৰি ইজৰাইল আৰু আমেৰিকাক সকীয়নি প্ৰদান কৰিছিল। ইৰাণে স্পষ্টকৈ কৈছিল যে কেতিয়াও তেওঁলোকে আত্মসমৰ্পন নকৰে। যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব। খামেনেই এই সতৰ্কবাণীৰ পাছতে এতিয়া তাহৰেণৰ পৰা বিস্ফোৰণৰ শব্দ শুনা গৈছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, স্থানীয় লোকে কয় যে অঞ্চলটোৰ পৰা তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা গৈছে। তাৰ পৰা ধোঁৱাৰ ওলাই অহাৰ ভিডিঅ’ পোহৰলৈ আহিছে। স্থানীয় লোকৰ মতে, এই আক্ৰমণ ইমানেই প্ৰবল আছিল যে ওচৰৰ অঞ্চলৰ ঘৰ-দুৱাৰো কঁপি গৈছে।
ইয়াৰ পূৰ্বে নেতান্যেহুৱে এটা সাক্ষাৎকাৰত কৈছিল যে খামেনেইৰ মৃত্যুৰ পিছতহে এই যুদ্ধ বন্ধ হ’ব। গতিকে অনুমান কৰা হৈছে যে যি সময়ত খামেনেই দেশক বাৰ্তা প্ৰদান কৰি আছিল সেই সময়ত ইজৰাইলে তেহৰাণত বিস্ফোৰণ সংঘটিত কৰি আছিল।
অৱশ্যে খামেনেইৰ সম্বোধন লাইভ নাছিল, কেইঘন্টামান পূৰ্বে এয়া ৰেকৰ্ড কৰি তেওঁ পাছত প্ৰকাশ কৰিছিল। ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ এই নেতাগৰাকীৰ সাম্ভাব্য স্থানকো লক্ষ্য কৰি লোৱা হৈছিল। খোজিৰ, পাৰচিনৰ দৰে স্পৰ্শকাতৰ অঞ্চলতো আক্ৰমণ কৰা হয়। এনে পৰিস্থিতিত এই সংঘাতে আগন্তুক কেইঘণ্টামানৰ ভিতৰত আৰু অধিক গুৰুতৰ ৰূপ ল’ব পাৰে বুলি আশংকা কৰা হৈছে।
ইৰাণৰ ৰাজধানী তেহৰাণৰ বহু অঞ্চলৰ পৰা বিস্ফোৰণৰ খবৰ পোহৰলৈ আহিছে। ইৰাণ ইণ্টাৰনেশ্যনেলৰ তথ্য অনুসৰি নাগৰিকে প্ৰেৰণ কৰা ভিডিঅ’ত পূব আৰু পশ্চিম তেহৰাণত বৃহৎ বিস্ফোৰণ হোৱা দেখা গৈছে। এটা ভিডিঅ’ত দেখা গৈছে ৰাজধানীৰ পূব পাহাৰীয়া অঞ্চলৰ নোব’নিয়াডৰ ওচৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। আন এটা ভিডিঅ’ত দেখা গৈছে যে ইজাৰইলে আক্ৰমণৰ সময়ত পূবৰ পাৰ্ডিছ ফেজ-৮, পশ্চিমৰ চিট্টৰৰ ওচৰৰ শ্বাহৰাক-ই-এষ্টেগলাল আৰু পূৰ্বে ইন্ধন ডিপোক লক্ষ্য কৰি লৈছে।
ইয়াৰোপৰি উত্তৰ তেহৰাণৰ ছিউল ষ্ট্ৰীটৰ ওচৰত আন এক বিস্ফোৰণৰ খবৰ পোৱা গৈছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে ইৰাণ চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ আমি কেতিয়াও আত্মসমৰ্পন নকৰো, আমেৰিকাই আক্ৰমণ কৰিলে ধ্বংস কৰি পেলামঃ ইৰাণ