শৰীৰত ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ...

18 June 2025

TV9 ASSAM

ইউৰিক এচিড হৈছে শৰীৰত থকা প্ৰাকৃতিক পদাৰ্থ,যিয়ে শৰীৰৰ কোষ বিভাজন আৰু খাদ্য হজমৰ ফলত গঠিত হয়। সুস্থ শৰীৰত ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ বৃক্কৰ সহায়ত প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা নিৰ্গত হয়।

ইউৰিক এচিড

কিন্তু কেতিয়াবা ইয়াৰ পৰিমাণ বৃদ্ধি হয়। ইয়াক চিকিৎসা ভাষাত হাইপাৰ ইউৰিচেমিয়া বুলি কোৱা হয়। ইউৰিক এচিড বৃদ্ধি হোৱাৰ ফলত শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।

বৃদ্ধি

ইউৰিক এচিড বৃদ্ধি হ'লে গাঁঠিৰ বিষ হয়। লগতে শৰীৰৰ কোনো অংগ ফুলিব পাৰে। দীৰ্ঘদিন এই বিষ থাকিলে স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ।

গাঁঠিৰ বিষ

ইউৰিক এচিড বৃদ্ধি হ'লে প্ৰস্ৰাৱৰ ৰং সলনি হয়। ইয়াৰ ফলত প্ৰস্ৰাৱৰ ৰং অধিক গাঢ় হয়। গতিকে এই ক্ষেত্ৰত লক্ষণবোৰ মন কৰিব লাগে।

প্ৰস্ৰাৱৰ ৰং

কেতিয়াবা জ্বৰ হোৱা সাধাৰণ কথা। কিন্তু আপোনাৰ যদি বাৰে বাৰে জ্বৰ হয় তেন্তে ই ইউৰিক এচিড সমস্যাৰ লক্ষণ হ'ব পাৰে। লগতে শৰীৰত একেৰাহে খজুৱতি লাগি থকা এই ৰোগৰ সংকেত হ'ব পাৰে।

জ্বৰ, খজুৱতি

যদি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে তেন্তে এয়া এক লক্ষণ হ'ব পাৰে। কোনো কষ্ট নকৰাকৈ ভাগৰ লাগি থাকিলে ইউৰিক এচিড পৰীক্ষা কৰিব লাগে।

ভাগৰুৱা

 সময়মতে  চিকিৎসা নকৰিলে গাউট, বৃক্কৰ পাথৰ, বৃক্কৰ ক্ষতি বা বিকল, হৃদ ৰোগ, মধুমেহ আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অধিক জানিবলৈ  চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। 

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

গৰমত কি খাদ্য খাব নালাগে