শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিয়াৰ কাৰণ...

17 June 2025

TV9 ASSAM

আজিকালি শাৰীৰিক সম্পৰ্কৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিছে। ইয়াৰ ভিতৰত ল' চেক্স ড্ৰাইভ বা যৌন ইচ্ছাৰ প্ৰতি আগ্ৰহ কম হোৱা অন্যতম। ইয়াৰ কাৰণ শাৰীৰিক, মানসিক হ'ব পাৰে।

শাৰীৰিক সম্পৰ্ক

টেষ্টষ্টেৰনৰ মাত্ৰা হ্ৰাস পালে পুৰুষ আৰু মহিলাৰ যৌন ক্ষমতা কম  হ'ব পাৰে। তেনে ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বৈবাহিক জীৱনত পৰিব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় লোৱা ভাল।

হৰম'ন

ডায়েবেটিছ, হৃদৰোগ, দীৰ্ঘদিনীয়া বিষ আদিয়ে যৌন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। ইয়াৰোপৰি এন্টিডিপ্ৰেছন আৰু ৰক্তচাপৰ ঔষধে আপোনাৰ শাৰীৰিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।

পুৰণি ৰোগ

কিছুমান যৌন বিসংগতি যেনে ইৰেক্টিল ডিছফংচন আৰু যোনিৰ শুকানতাই যৌন ক্ষমতা কম কৰিব পাৰে। ইয়াৰোপৰি ভালদৰে টোপনি নহাও আপোনাৰ শাৰীৰিক সমস্যাৰ কাৰণ হ'ব পাৰে।

ৰোগ, টোপনি

অত্যধিক মদ্যপান আৰু ড্ৰাগছ সেৱনেও যৌন ক্ষমতা হ্ৰাস কৰিব পাৰে। ইয়াৰোপৰি চিগাৰেটেও ইয়াত প্ৰভাৱ পেলায় বুলি কোৱা হয়।

সুৰা, ড্ৰাগছ

মানসিক চাপ, উদ্বেগ,সম্পৰ্কত সমস্যা, সম্পৰ্ক ঘনিষ্ঠতা কম আদিয়েও শাৰীৰিক সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰোপৰি খাদ্য, জীৱনশৈলীয়েও এই সমস্যাৰ কাৰণ হ'ব পাৰে।

মানসিক কাৰণ

শাৰীৰিক সম্পৰ্কৰ সমস্যাৰ বিষয়ে বহুতে কথা পাতিব লাজ কৰে। কিন্তু আপোনাৰ যদি এনে সমস্যাই দেখা দিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

বৃক্ক বিকলৰ লক্ষণ