অনলাইন Annual Toll Pass ৰ বাবে কেনেকৈ কৰিব আবেদন? ২০০ টাকৈ যাত্ৰা হ’ব বিনামূলীয়া!
ৰাষ্ট্ৰীয় ঘাইপথত টোল দিয়াৰ ক্ষেত্ৰত চাপ আৰু বিভিন্ন সমস্যা হ্ৰাস কৰাৰ বাবেই চৰকাৰে এতিয়া বাৰ্ষিক টোল পাছৰ সুবিধা আৰম্ভ কৰিছে, যাৰ অধীনত এবছৰৰ বাবে নিৰ্দিষ্ট পথত ২০০ বাৰলৈকে টোল গেটৰ মাজেৰে যাত্ৰা কৰিব পাৰিব আপুনি। কিন্তু এই পাছ কেনেকৈ পাব আৰু ইয়াৰ কি লাভ হ’ব সেয়া জানি লওক।

ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰোঁতে আপুনিও নিশ্চয় টোল কৰ ভৰিছে। ব্যক্তিগত বাহন, ব্যৱসায়িক বাহন আদি সকলোৱে টোল কৰ দি পাৰ হ’বলগীয়া হয়। বিভিন্ন সময়ত টোল কৰৰ বাবে টোল গেটৰ কৰ্মচাৰী আৰু চালকৰ মাজত বিবাদ হোৱাও দেখা যায়। কিন্তু এতিয়া আৰু চিন্তা নাই। কেন্দ্ৰ চৰকাৰে টোল কৰৰ বাবে ফাষ্টটেগ পদ্ধতিত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে। এবাৰতে ৩০০০ টকা ৰিচাৰ্জ কৰি আপুনি এবছৰৰ বাবে লাভ কৰিব ফাষ্টটেগৰ সুবিধা। এই সম্পৰ্কে ইতিমধ্যেই TV9-অসমত বাতৰি প্ৰকাশ পাইছে।
ৰাষ্ট্ৰীয় ঘাইপথত টোল দিয়াৰ ক্ষেত্ৰত চাপ আৰু বিভিন্ন সমস্যা হ্ৰাস কৰাৰ বাবেই চৰকাৰে এতিয়া বাৰ্ষিক টোল পাছৰ সুবিধা আৰম্ভ কৰিছে, যাৰ অধীনত এবছৰৰ বাবে নিৰ্দিষ্ট পথত ২০০ বাৰলৈকে টোল গেটৰ মাজেৰে যাত্ৰা কৰিব পাৰিব আপুনি। কিন্তু এই পাছ কেনেকৈ পাব আৰু ইয়াৰ কি লাভ হ’ব সেয়া জানি লওক।
এই পাছৰ বাবে আপুনি অনলাইনত অতি সহজ পদ্ধতিৰে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে NHAI (ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ) আৰু MoRTH (পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়)এ নিজৰ পৰ্টেল আৰু এপত নতুন লিংক মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো বুজি লওক-
বাৰ্ষিক টোল পাছ কি?
বাৰ্ষিক টোল পাছ হৈছে এটা ডিজিটেল পাছ যিয়ে আপোনাক এবছৰত এটা নিৰ্দিষ্ট টোল পথত ২০০ বাৰ বিনামূলীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ কাৰ্যালয় বা ব্যৱসায়ৰ বাবে প্ৰতিদিনে একেটা ঘাইপথেৰে যাত্ৰা কৰিলে প্ৰতিবাৰেই FASTag ৰ পৰা ধন কৰ্তন কৰিব নালাগিব। অৱশ্যে ১৫ আগষ্টৰ পৰা এই সেৱা আৰম্ভ কৰা হ’ব।
এই পাছ নিয়মীয়া যাত্ৰী, স্কুল বাছ, ৰাজহুৱা পৰিবহণ আৰু কোম্পানীসমূহৰ বাণিজ্যিক বাহনৰ বাবে অধিক লাভ দ্বায়ক হ’ব। সকলোবোৰ কথা মনত ৰাখি চৰকাৰে এই সিদ্ধান্ত লৈছে।
কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব?
বাৰ্ষিক টোল পাছৰ বাবে আপুনি কিছুমান মৌলিক তথ্য দিব লাগিব। ইয়াৰ বাবে যান-বাহনৰ পঞ্জীয়ন নম্বৰ, বাহনৰ মালিকৰ নাম, মোবাইল নম্বৰ, ইমেইল যদি আছে, পথৰ তথ্য (উৎপত্তি আৰু গন্তব্যস্থান) আৰু বাহনৰ শ্ৰেণী (ব্যক্তিগত/বাণিজ্যিক ইত্যাদি)ৰ প্ৰয়োজন হ’ব।
ক’ত কেনেকৈ আবেদন কৰিব?
বাৰ্ষিক টোল পাছৰ বাবে আবেদন কৰিবলৈ দুটা ডিজিটেল প্লেটফৰ্ম থাকিব। Highway Saathi App ডাউনলোড কৰিব লাগিব।
ইয়াৰ পিছত লগইন বা পঞ্জীয়ন কৰক। বাৰ্ষিক টোল পাছৰ অংশলৈ যাওক। বাহনৰ সবিশেষ আৰু পথ প্ৰৱেশ কৰক। ডিজিটেল পেমেণ্ট কৰক। আপোনাৰ পাছ ভাৰ্চুৱেলী সক্ৰিয় হ’ব।
NHAI / MoRTH ৱেবছাইটৰ পৰা কেনেকৈ কৰিব?
প্ৰথমে NHAI / MoRTH ৰ অফিচিয়েল ৱেবছাইট – https://nhai.gov.in বা https://morth.nic.in লৈ যাওক
ইয়াৰ পিছত হোমপেজত বাৰ্ষিক টোল পাছৰ (শীঘ্ৰে মুকলি কৰা হ’ব) লিংক পাব। তাত ক্লিক কৰি ফৰ্মখন পূৰণ কৰক।
ইয়াৰ পিছত প্ৰয়োজনীয় সবিশেষ পূৰণ কৰাৰ পিছত ধন পৰিশোধ কৰক। পঞ্জীয়নৰ পিছত পাছ সক্ৰিয় হ’ব।
এই সকলোবোৰ তথ্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ টুইট অনুসৰি দিয়া হৈছে। এই সন্দৰ্ভত এতিয়াও অধিক তথ্য আহিবলগীয়া আছে।