শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লখিমপুৰৰ নামঘৰৰ সন্মুখত উদ্ধাৰ গৰুৰ কটা মূৰ, গ্ৰেপ্তাৰ ৭ জন…

ধুবুৰীৰ গো মাংসকেন্দ্ৰিক বিতৰ্ক অব্যাহত থকাৰ মাজতে মঙলবাৰে লখিমপুৰত উদ্ধাৰ হয় গৰুৰ কটা মূৰ। এই সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীয়ে ৭জনক গ্ৰেপ্তাৰ কৰিছে।

লখিমপুৰৰ নামঘৰৰ সন্মুখত উদ্ধাৰ গৰুৰ কটা মূৰ, গ্ৰেপ্তাৰ ৭ জন…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 18 Jun 2025 23:00 PM

গো মাংসকেন্দ্ৰিক বিতৰ্কই উত্তাল কৰি ৰাখিছে ৰাজ্য। ধুবুৰীৰ গো মাংসৰ কাণ্ড বিয়পি পৰিছে লখিমপুৰলৈ। মঙলবাৰে সন্ধিয়া লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সমীপত উদ্ধাৰ হয় গৰুৰ কটা মূৰ। এই ঘটনাৰ পাছতেই সষ্টম হৈ উঠে  অসম আৰক্ষী। ঘটনাৰ লগত জড়িত ৭জন লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে। এইকেইজন ক্ৰমে- মনছুৰ আলী, ম: ৰেজ্জেক আলী, ছাহা আলী, দিলোৱাৰ হুছেইন, দিলদাৰ হুছেইন , আবু কালাম আলী, আবু কালাম আলী আৰু জাহিদুল ইছলাম ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “ক্ষিপ্ৰ আৰু সহযোগিতামূলক পদক্ষেপেৰে লখিমপুৰ আৰক্ষীয়ে ছিৰিংচুক নামঘৰৰ পৰা প্ৰায় ৩০ মিটাৰ দূৰত্বৰ পথৰ কাষত উদ্ধাৰ হোৱা ৩টা গৰুৰ মূৰ উদ্ধাৰৰ সৈতে জড়িত ৭জন লোকক আটক কৰিছে। ধৃত লোককেইজন হ’ল- ১) মনছুৰ আলী (৬০) – ৰংচালি দেবেৰা দলনী, উত্তৰ লখিমপুৰ আৰক্ষী থানা, ২) ম: ৰেজ্জেক আলী (২৯) – ৰংচালি দেবেৰা দলনী, উত্তৰ লখিমপুৰ আৰক্ষী থানা, ৩) ছাহা আলী (৪৮) – দেওবিল খ্ৰীষ্টান, পানীগাঁও আৰক্ষী থানা, ৪) দিলোৱাৰ হুছেইন (২৫) – দেওবিল খ্ৰীষ্টান, পানীগাঁও আৰক্ষী থানা, ৫) দিলদাৰ হুছেইন (৩০) – দেওবিল খ্ৰীষ্টান, পানীগাঁও আৰক্ষী থানা,৬) আবু কালাম আলী (৩৩) – চুকুলিভৰীয়া, উত্তৰ লখিমপুৰ আৰক্ষী থানা, ৭) জাহিদুল ইছলাম (২২) – চুকুলিভৰীয়া, উত্তৰ লখিমপুৰ আৰক্ষী থানা। উল্লেখ্য, মনছুৰ আলীৰ বাসগৃহত তালাচীৰ সময়ত অতিৰিক্ত ৩টা গৰুৰ মূৰ উদ্ধাৰ কৰি জব্দ কৰা হয়। বিষয়টি সন্দৰ্ভত সম্পূৰ্ণ তদন্ত অব্যাহত আছে”।

 

লখিমপুৰত গৰুৰ মূৰ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতা কৰাৰ লগতে বিধায়ক মানৱ  ডেকাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ডেকাই শীঘ্ৰে এই ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰে আৰু গ্ৰেপ্তাৰ কৰে ৭ জনক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, ঈদৰ পাছৰ পৰাই ৰাজ্যত গো মাংসকেন্দ্ৰিত বিতৰ্ক সৃষ্টি হৈছে। ঈদৰ পাছদিনা ধুবুৰীৰ এটা মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ হৈছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত শ্বুট এট চাইটৰ নিৰ্দেশ দিছিল। ধুবুৰীৰ এই কাণ্ডত ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।  ধুবুৰীৰ কাণ্ড মাৰ নৌযাওতেই লখিমপুৰৰ পৰা এনে কু-কাণ্ড পোহৰলৈ আহে।  এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ মইতো বিচাৰো, কোনোবাই গো মাংস থ’লে হিন্দুই গাহৰি মাংস থৈ আহকঃ মুখ্যমন্ত্ৰী