পাকিস্তানক ধূলিসাৎ কৰা ‘আকাশ’ ক্ষেপণাস্ত্ৰ কোনে নিৰ্মাণ কৰিছিল জানেনে?
মাত্ৰ ৩ বিলিয়ন টকাৰে এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। শেষত মাত্র ৫ বিলিয়ন টকাত ‘আকাশ’ বনোৱা হ’ল৷ ইয়াৰ প্ৰতিষ্ঠাপকে দাবী কৰে যে এই পৰিমাণৰ ধনেৰে প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কোনো উদাহৰণ বিশ্বৰ কোনো দেশতে নাই। আজি যেতিয়া সমগ্ৰ বিশ্বই আকাশ ক্ষেপণাস্ত্ৰৰ প্ৰশংসা কৰিছে, তেতিয়া ইয়াৰ সৃষ্টিকৰ্তাই কি কৈছে?

১৫ বছৰ ধৰি প্ৰায় হাজাৰ বিজ্ঞানীৰ যৌথ প্ৰচেষ্টাত ভাৰতৰ একাধিক প্ৰতিৰক্ষা পৰীক্ষাগাৰত নিৰ্মিত সম্পূৰ্ণ থলুৱা ক্ষেপণাস্ত্ৰ ‘আকাশ’ প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰথম যুদ্ধক্ষেত্ৰ পৰীক্ষাত ‘লেটাৰ মাৰ্ক’ৰে উত্তীৰ্ণ হৈছে। ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানে অহৰহ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ ঢাল হিচাপে কাম কৰা আকাশ ক্ষেপণাস্ত্ৰৰ পিতৃ প্ৰহ্লাদ ৰামৰাৱৰ মুখত আজি প্ৰসন্নতাৰ হাঁহি। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ তদানীন্তন প্ৰকল্প সঞ্চালক ৰামা ৰাও আজি এজন সফল সন্তানৰ পিতৃৰ দৰেই গৌৰৱান্বিত, যাৰ সন্তানক আজি সকলোৱে প্ৰশংসা কৰিছে। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিয়া ভাষণত ভাৰতৰ নিজা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা অস্ত্ৰ-শস্ত্ৰৰ প্ৰশংসাৰে ভৰাই তুলিছে।
৮ আৰু ৯ মে’ৰ নিশাৰ আন্ধাৰত পাকিস্তানৰ অবিৰত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছিল আকাশ মিছাইল ডিফেন্স চিষ্টেমে। আকাশক প্ৰশংসা কৰি পঞ্চমুখ বায়ুসেনাৰ ডিজিএমঅ’ এয়াৰ মাৰ্শ্বাল একে ভাৰতীয়ে কয় যে শত্ৰুৰ আক্ৰমণৰ সন্মুখত ‘আকাশ’ দেৱালৰ দৰে দৃঢ়তাৰে থিয় দিছিল। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিৰক্ষা সঁজুলিৰ ই এক ডাঙৰ বিজ্ঞাপন। যাৰ বাবে নিজৰ স্মৃতিবোৰ মনত পেলাই হঠাতে কান্দি উঠিছিল ৭৮ বছৰীয়া ৰামা ৰাৱে। পদ্ম বঁটা বিজয়ী প্ৰহ্লাদ ৰামাৰৱে কয়, “আজি মোৰ সন্তানৰ সফলতাৰ বাবে মই নিজকে এজন গৌৰৱান্বিত পিতৃৰ দৰে অনুভৱ কৰিছো। মোৰ সন্তানে ইমান ভাল কাম কৰিছে, এইটো মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। বিশ্বাস কৰক, পদ্ম বঁটা পোৱাৰ দিনটোতো মই ইমান সুখী নাছিলোঁ।”
নব্বৈৰ দশকৰ আৰম্ভণিতে ভাৰতৰ ‘মিছাইল মেন’ নামেৰে পৰিচিত ড০ এ পি জে আব্দুল কালামে ব্যক্তিগতভাৱে ৩৫ বছৰীয়া প্ৰহ্লাদ ৰামা ৰাওক আকাশ কাৰ্যসূচীৰ প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে বাছনি কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উপদেষ্টা আৰু ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে কালাম ডিআৰডিঅ’ৰ প্ৰতিৰক্ষা লেব, প্ৰতিৰক্ষা গৱেষণা লেব বা ডিআৰএলৰ মুৰব্বী আছিল। তেওঁৰ কথা মনত পেলাই ৰামা ৰাৱে কয়, “কালাম ছাৰ আছিল এজন প্ৰকৃত নেতা। তেওঁ শ্ৰেষ্ঠখিনি উলিয়াই আনিব জানিছিল।” ৰামা ৰাৱে লগতে কয়, “যদি ভাৰতে কালামৰ কাৰ্যকালত মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডই যি হাৰত আগবাঢ়িছিল, তেনে হাৰত আগবাঢ়িব লাগিব আজি কমেও ১০ গৰাকী কালামৰ প্ৰয়োজন।”
তেওঁ কয়, “যদিও এয়া প্ৰথমবাৰৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হৈছে, তথাপিও ভাৰতীয় সেনা আৰু বায়ুসেনাৰ বাবে ‘আকাশ’ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বহু কঠোৰ পৰীক্ষা কৰিবলগীয়া হৈছে। কিন্তু সামৰিক বাহিনীত প্ৰথমবাৰৰ বাবে দুয়োটা ভাৰতীয় বাহিনীয়ে দেশৰ পশ্চিম সীমান্ত পাকিস্তানী ক্ষেপণাস্ত্ৰ, যুদ্ধ বিমান, ড্ৰোন আক্ৰমণক প্ৰতিহত কৰিবলৈ বায়ু সেনাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ মাল্টি-চেন্সৰ ডাটা প্ৰচেছিং ক্ষমতা আৰু শত্ৰুৰ আক্ৰমণৰ দিশৰ আগজাননী দিয়াৰ ক্ষমতাৰ বাবেই ‘আকাশ’-এ চাৰিওফালৰ পৰা অহা আক্ৰমণক বিধ্বস্ত কৰি দেশৰ আকাশখন অক্ষত ৰাখিছে।” ৰামা ৰাৱে কয়, “মই এটা কথা জোৰ দি ক’ব পাৰো, পৃথিৱীৰ কোনো দেশেই মাত্ৰ ৫ বিলিয়ন টকাত এনে প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তুলিব নোৱাৰে। এই ক্ষেপণাস্ত্ৰই ৭০ কিলোমিটাৰ দূৰৰ পৰা বিপদ অনুভৱ কৰে। আকাশে শত্ৰুৰ ক্ষেপণাস্ত্ৰ ৩০ কিলোমিটাৰৰ ভিতৰত আহিলে ধ্বংস কৰিব পাৰে।” উল্লেখ্য যে, ২০২২ চনত আৰ্মেনিয়াই ভাৰতৰ সৈতে ডি আৰ ডি অ’ৰ সম্পূৰ্ণ ঘৰুৱা ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ‘আকাশ’ ক্ৰয়ৰ বাবে প্ৰায় ৬০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে।
লগতে পঢ়ক: ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড, বিশ্বৰ ৮০খন দেশলৈ ৰপ্তানি কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ