শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড, বিশ্বৰ ৮০খন দেশলৈ ৰপ্তানি কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ

ভাৰতৰ পিনাকা ৰকেট লঞ্চাৰে সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে। ইয়াক DRDO-এ নিৰ্মাণ কৰিছে আৰু ইয়াৰ মাৰ্ক-১ য়ে ৪০ কিলোমিটাৰ আৰু মাৰ্ক-২ সংস্কৰণে ৬৫ কিলোমিটাৰ ৰেঞ্জ দিয়ে। ইয়াৰ লগতে আক্ৰমণৰ সঠিকতা আৰু ৪২ ছেকেণ্ডত ১২টা ৰকেট নিক্ষেপ কৰাৰ ক্ষমতাৰ বাবে পিনাকা ৰকেট লঞ্চাৰক পছন্দ কৰা হয়।

ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড, বিশ্বৰ ৮০খন দেশলৈ ৰপ্তানি কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ
ভাৰতৰ প্ৰতিৰক্ষা খণ্ড
trishna-kalita
Trishna Kalita | Updated On: 14 May 2025 08:42 AM

যোৱা ৭ মে’ত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতে সংঘটিত কৰা আক্ৰমণত মেড ইন ইণ্ডিয়া ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।ইয়াৰ লগতে পাকিস্তানে যেতিয়া ভাৰতত আক্ৰমণ কৰিছিল তেতিয়া মেড ইন ইণ্ডিয়া আকাশ ইন্টাৰচেপ্টৰৰ দ্বাৰা এই আক্ৰমণ বিফল কৰা হৈছিল হৈছিল। ইয়াৰ পিছত ভাৰতৰ প্রতিশোধমূলক কার্যত ব্যৱহৃত ড্ৰ’নবোৰ আছিল ইজৰাইলৰ প্ৰযুক্তিৰ আধাৰত নিৰ্মিত মেড ইন ইণ্ডিয়া ড্ৰ’ন। এই সকলোবোৰে দেখুৱাইছে যে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড সমগ্ৰ বিশ্বতে নিজৰ নাম উজলাই তুলিবলৈ সাজু।

শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে বিগত ১০ বছৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩৪ গুণ বৃদ্ধি পাইছে আৰু ভাৰতে প্ৰতিৰক্ষা উৎপাদনত ইতিমধ্যে স্বাৱলম্বী বহু দেশকে ধৰি সমগ্ৰ বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি যোগান ধৰিছে, কিন্তু তেওঁলোকে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ নিজৰ দেশত উপলব্ধ অস্ত্ৰ-শস্ত্ৰতকৈ বহু ভাল বুলি বিবেচনা কৰে।

ভাৰতে ৮০খন দেশলৈ অস্ত্ৰ ৰপ্তানি কৰে

আজি ভাৰতে সমগ্ৰ বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি বিগত ১০ বছৰৰ তুলনাত ৩৪ শতাংশ বৃদ্ধি পাই ২৩,৬৬২ কোটি টকা হৈছে, যিটো ২০২৯ চনৰ ভিতৰত ৫০,০০০ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। ২০২৪-২৫ চনত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬৬২ কোটি টকা হোৱাৰ বিপৰীতে ২০১৩-১৪ চনত প্ৰতিৰক্ষা ৰপ্তানি মাত্ৰ ৬৮৬ কোটি টকা আছিল। উল্লেখ্য যে ২০২৪-২৫ চনত ভাৰতৰ ব্যক্তিগত খণ্ডই ১৫,২৩৩ কোটি টকাৰ আৰু DPSU-এ ৮,৩৮৯ কোটি টকাৰ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে।

পিনাকা ৰকেট লঞ্চাৰ

ভাৰতৰ পিনাকা ৰকেট লঞ্চাৰে সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে। ইয়াক DRDO-এ নিৰ্মাণ কৰিছে আৰু ইয়াৰ মাৰ্ক-১ য়ে ৪০ কিলোমিটাৰ আৰু মাৰ্ক-২ সংস্কৰণে ৬৫ কিলোমিটাৰ ৰেঞ্জ দিয়ে। ইয়াৰ লগতে আক্ৰমণৰ সঠিকতা আৰু ৪২ ছেকেণ্ডত ১২টা ৰকেট নিক্ষেপ কৰাৰ ক্ষমতাৰ বাবে পিনাকা ৰকেট লঞ্চাৰক পছন্দ কৰা হয়।

ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল

ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল শব্দৰ গতিতকৈ বেছি বেগেৰে যাত্ৰা কৰে আৰু ই এটা গাইডেড মিছাইল যিয়ে নিজৰ লক্ষ্য বিচাৰি উলিয়াই ধ্বংস কৰে। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে এই ছুপাৰছনিক ক্ৰুজ মিছাইল ব্যৱহাৰ কৰিছে আৰু পাকিস্তানৰ লগতে বিশ্বই ইয়াৰ সঠিকতা আৰু ধ্বংসাত্মক ক্ষমতা দেখিবলৈ সক্ষম পাইছে। ইয়াৰ উপৰিও তেজছ যুঁজাৰু বিমান, কে ৯ বজ্ৰা আৰু বি অ’ টি আৰু ডৰ্নিয়াৰ-২২৮ বিমানকে ধৰি বিভিন্ন ধৰণৰ আৰ্টিলাৰী বন্দুকৰ চাহিদা বৃদ্ধি পাইছে।