শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰোনৰ পৰীক্ষণ! ইয়াৰ আঁৰত কি উদ্দেশ্য ভাৰতীয় ৰে’লৱেৰ?

বিগত এপ্ৰিলৰ পৰা দেশত প্ৰথমবাৰৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিছে ভাৰতীয় ৰে’লৱেই। অসমৰ কামাখ্যা ৰে'ল ষ্টেচনত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ড্ৰোনৰ।  তেতিয়াৰ পৰা এই ড্ৰোনসমূহ ক্ৰমান্বয়ে ভাৰতীয় ৰে’লৱেৰ নতুন সংগী হৈ পৰিছে। কিন্তু এই ড্ৰোন ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি?

কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰোনৰ পৰীক্ষণ! ইয়াৰ আঁৰত কি উদ্দেশ্য ভাৰতীয় ৰে’লৱেৰ?
প্ৰতীকি ফটোImage Credit source: Getty Image
trishna-kalita
Trishna Kalita | Published: 03 Jun 2025 13:19 PM

অপাৰেশ্যন সেন্দূৰত ড্ৰোনেৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল ভাৰতীয় সেনাই । পাকিস্তানৰ ভিতৰলৈ আত্মঘাতী ড্ৰোন প্ৰেৰণ কৰি কেইবাটাও সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে ভাৰতে। তেতিয়াই বুজা গৈছিল যে সামৰিক অভিযানত ড্ৰ’ন কিমান গুৰুত্বপূৰ্ণ। কিন্তু আপুনি জানেনে যে কেৱল সেনাবাহিনী নহয়,  ভাৰতীয় ৰে’লৱেও ড্ৰোনৰ ব্যৱহাৰ কৰে। বিগত এপ্ৰিলৰ পৰা দেশত প্ৰথমবাৰৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিছে ভাৰতীয় ৰে’লৱেই। অসমৰ কামাখ্যা ৰে’ল ষ্টেচনত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ড্ৰোনৰ।  তেতিয়াৰ পৰা এই ড্ৰোনসমূহ ক্ৰমান্বয়ে ভাৰতীয় ৰে’লৱেৰ নতুন সংগী হৈ পৰিছে। কিন্তু এই ড্ৰোন ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি? হয়তো আপোনাৰ মনতে এই প্ৰশ্ন আহিছে।

জনিব পৰা মতে  ষ্টেচন আৰু ৰে’লৰ ডবাসমূহ চাফ-চিকুন কৰিবৰ বাবে এতিয়া নতুন যুগৰ ড্ৰ’নৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ভাৰতীয় ৰে’লৱে। ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে ৰে’লৱেই ৰে’ল আৰু ষ্টেচনসমূহৰ চাফাই কৰাৰ বাবে অতিৰিক্ত অস্থায়ী শ্ৰমিক নিয়োগ কৰিবলগীয়া হৈছিল। যিটো ব্যয়বহুল আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো বিপদৰ সৃষ্টি কৰে। ইয়াক ৰোধ কৰিবলৈ ভাৰতীয় ৰে’লৱেৰ উত্তৰ-পূব সংমণ্ডলে শেহতীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে।

বিগত মাহত বিজেপি নেতা দিলীপ ঘোষে ৰে’লৱেৰ এই পদক্ষেপক লৈ এটা ভিডিঅ’ পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছে, ‘আজি ভাৰতীয় ৰে’লৱে ৰে’লৰ ডবা চাফা কৰাৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিছে। যিটো নিউ ইণ্ডিয়াৰ পৰিচয়। দেশৰ উন্নয়নৰ বাবে আধুনিক সঁজুলিৰ ব্যৱহাৰ অনিবাৰ্য।’