RCB Victory Celebration LIVE: আনন্দৰ উৎসৱত মৃত্যুৰ কিৰীলি, চিন্নস্বামী ষ্টেডিয়ামৰ পদপিষ্ট ঘটনাৰ প্ৰতিমুহূৰ্তৰ আপডেট
আই পি এল (IPL)ত আৰ চি বিৰ জয় উপভোগ কৰিব গৈ মৃত্যুক সাৱতিলে কেইবাজনে। সুদীৰ্ঘ ১৭ বছৰৰ অন্তত ২০২৫ চনৰ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)। তাৰ পাছতে আজি দলটোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ।

আই পি এল (IPL)ত আৰ চি বিৰ জয় উপভোগ কৰিব গৈ মৃত্যুক সাৱতিলে কেইবাজনে। সুদীৰ্ঘ ১৭ বছৰৰ অন্তত ২০২৫ চনৰ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)। তাৰ পাছতে আজি দলটোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। । কিন্তু এই সময়তে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। চিন্নাস্বামী ষ্টেডিয়ামৰ ওচৰত হোৱা ভিৰৰ সময়ত পদপিষ্ট হৈ ৮ জনকৈ লোকৰ মৃত্যু হয় আৰু আহত হয় ২০ জনৰো অধিক। তথ্য মতে, ইয়াৰে ১০ জনৰ অৱস্থা অতি গুৰুতৰ। মৃত লোকসকলৰ ভিতৰত মহিলাও আছে। মৃতকৰ সংখ্যা পৰৱৰ্তী সময়ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
LIVE NEWS & UPDATES
-
কি ক’লে ৰাহুল গান্ধীয়ে ?
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত সংঘটিত পদপিষ্ট ঘটনাকলৈ শোক প্ৰকাশ কৰিছে। আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা ঘটনা হৃদয় বিদাৰক বুলিও তেওঁ কয়। তেওঁ কয়, আপোনজনক হেৰুৱা পৰিয়াল সমূহলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিলোঁ। এই শোকৰ ঘন্টাত মই বেংগালুৰুবাসীৰ সৈতে থিয় দিছো। কৰ্ণাটক চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালক সম্ভৱপৰ সকলো সহায় আৰু সকাহ দিব লাগে।
-
সমগ্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয়, “বেংগালুৰু চহৰত উপলব্ধ সমগ্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল। অৱশ্যে এই কাণ্ড হ’ব নালাগিছিল। আমি ভুক্তভোগীৰ সৈতে আছো।”
#WATCH | Bengaluru stampede | Karnataka CM Siddaramaiah says, “The entire police force available in Bengaluru city was deployed. Of course, this incident should not have happened. We are with the victims.” pic.twitter.com/YanvX1gj68
— ANI (@ANI) June 4, 2025
-
মৃতকৰ পৰিয়ালে পাব ১০ লাখ টকা ক্ষতিপূৰণ
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয়, “বিজয় উদযাপনৰ সময়ত এই ঘটনা সংঘটিত হয়। চৰকাৰে মৃতকৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। চৰকাৰে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব।”
Bengaluru: On the stampede incident, Karnataka CM Siddaramaiah says, “A major tragedy occurred during the victory celebrations. It happened near the Chinnaswamy Stadium. The government has announced a compensation of Rs 10 lakh for the deceased. The government will provide free… pic.twitter.com/9M5Hrjppmh
— ANI (@ANI) June 4, 2025
-
ষ্টেডিয়ামত মাত্ৰ ৩৫,০০০ লোকৰ ক্ষমতা আছে, কিন্তু ২-৩ লাখ লোক আহিছিল
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয়, “মই এই ঘটনাৰ পক্ষ ল’ব নিবিচাৰো। আমাৰ চৰকাৰে এই বিষয়ত ৰাজনীতি নকৰে। মই তদন্তৰ নিৰ্দেশ দি ১৫ দিনৰ সময় দিছো। আনকি মানুহে ষ্টেডিয়ামৰ গেট ভাঙিলে। হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল। ইমান বৃহৎ জনসমাগম কোনেও আশা কৰা নাছিল। ষ্টেডিয়ামত মাত্ৰ ৩৫,০০০ লোকৰ ক্ষমতা আছে, কিন্তু ২-৩ লাখ লোক আহিছিল ।”
#WATCH | Bengaluru stampede | Karnataka CM Siddaramaiah says, “I don’t want to defend this incident. Our government will not do politics on this. I have ordered a magisterial inquiry and given 15 days’ time. People even broke the gates of the stadium. There was a stampede. No one… pic.twitter.com/ZtPIqMthS3
— ANI (@ANI) June 4, 2025
-
কি ক’লে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে?
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিজয় উদযাপনৰ সময়ত বেংগালুৰুত হোৱা ঘটনাৰ পিছত সংবাদমেল সম্বোধন কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰে । উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু গৃহমন্ত্ৰী জি পৰমেশ্বৰো উপস্থিত থাকে । কি ক’লে ?
#WATCH | Karnataka Chief Minister Siddaramaiah addresses a press conference following the stampede in Bengaluru during Royal Challengers Bangalore (RCB)’s victory celebrations.
Deputy CM DK Shivakumar and Home Minister G Parameshwara are also present pic.twitter.com/xH5eOM9dde
— ANI (@ANI) June 4, 2025
-
ঘটনাত ১১ জনৰ মৃত্যু
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয়, “এই ঘটনাত ১১ জনৰ মৃত্যু আৰু ৩৩ জন আহত”।
Bengaluru stampede | Karnataka CM Siddaramaiah says, “11 died and 33 injured in the stampede” pic.twitter.com/IhL29a9YzX
— ANI (@ANI) June 4, 2025
-
আৰক্ষী আয়ুক্ত বি দয়ানন্দই এম চিন্নাস্বামী ষ্টেডিয়াম পৰিদৰ্শন কৰে
ঘটনাৰ পাছতে বেংগালুৰু চহৰৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দই এম চিন্নাস্বামী ষ্টেডিয়াম পৰিদৰ্শন কৰে।
#WATCH | Karnataka: Bengaluru City Police Commissioner B Dayananda visited the M Chinnaswamy Stadium in Bengaluru, following the stampede. pic.twitter.com/1U5iJ98IGF
— ANI (@ANI) June 4, 2025
-
চিন্নস্বামী ষ্টেডিয়াম এৰিলে অনুৰাগীয়ে
এই পদপিষ্ট ঘটনাৰ পাছতে অনুৰাগীয়ে চিন্নস্বামী ষ্টেডিয়াম এৰিবলৈ আৰম্ভ কৰে।
VIDEO | Fans begin to leave Chinnaswamy Stadium following the stampede incident. Traffic hit.
(Full video available on PTI Videos – https://t.co/n147TvqRQz) pic.twitter.com/mPjaxEUXmJ
— Press Trust of India (@PTI_News) June 4, 2025
-
ৰাজীৱ শুক্লাৰ প্ৰতিক্ৰিয়া
বেংগালুৰুত আৰচিবিৰ বিজয় উদযাপনৰ সময়ত হোৱা পদপিষ্ট ঘটনাৰ সন্দৰ্ভত বিচিচিআইৰ উপ-সভাপতি তথা কংগ্ৰেছৰ সাংসদ ৰাজীৱ শুক্লাই কয়, “এয়া যিকোনো ৰাজ্যতে হ’ব পাৰে আৰু ইয়াৰ বাবে শাসকীয় দলক দোষাৰোপ কৰা উচিত নহয়। ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয়। যদি বিজেপি শাসিত ৰাজ্যত এনেকুৱা হয়, তেন্তে আমি তেওঁলোকক দোষ দিয়া উচিত নহয়। যথেষ্ট ভিৰ হৈছিল , মই ফ্ৰেঞ্চাইজিৰ সৈতে কথা পাতিছিলো, তেওঁলোকেও ভবা নাছিল যে এনে এক ঘটনা হঠাতে সংঘটিত হ’ব।’
#WATCH | Delhi: On the stampede during RCB’s victory celebrations in Bengaluru, BCCI vice-president and Congress MP Rajeev Shukla says, “This can happen in any state and the ruling party should not be blamed for it. It should not be politicised. If this happens in a BJP-ruled… pic.twitter.com/FDPbJ56FM9
— ANI (@ANI) June 4, 2025
-
দুৰ্ঘটনাটোক লৈ কি কৈছে উপ মুখ্যমন্ত্ৰীয়ে?
কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, “আৰক্ষী আয়ুক্ত আৰু সকলোৰে সৈতে কথা পাতিছো। মইও পিছত চিকিৎসালয়লৈ যাম। ৰোগীৰ যত্ন লোৱা চিকিৎসকসকলক মই অশান্তি দিব নিবিচাৰো। সঠিক সংখ্যা এতিয়া ক’ব নোৱাৰি। আমি ৰাইজক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছো। আমি কাৰ্যসূচীটো চুটি কৰিলোঁ। কাৰ্যসূচীটো ১০ মিনিটৰ ভিতৰতে শেষ হ’ল। আমি সকলো স্বাভাৱিক কৰি তুলিবলৈ চেষ্টা কৰিছো…লাখ লাখ মানুহ আহিছিল।”
#WATCH | Bengaluru | Karnataka Deputy CM DK Shivakumar says, “I have spoken to the Police Commissioner and everyone. I will also go to the hospital later. I do not want to disturb the doctors who are taking care of the patients. The exact number cannot be told now. We appeal to… pic.twitter.com/yo5cLfHYfX
— ANI (@ANI) June 4, 2025
-
বেংগালুৰু যান-বাহন আৰক্ষীয়ে কি কৈছিল?
আৰ চি বিৰ দল আহিব আৰু ষ্টেডিয়ামত অনুষ্ঠান হ’ব, সেই কথাই কৈছিল বেংগালুৰু যান-বাহন আৰক্ষীয়ে।
“TRAFFIC ADVISORY”
The Public is Requested To Cooperate @CPBlr @Jointcptraffic @blrcitytraffic @BlrCityPolice pic.twitter.com/vY5RNiH49g— DCP TRAFFIC WEST (@DCPTrWestBCP) June 4, 2025
-
বহু লোক আহত হৈছে
তেওঁলোকৰ চেম্পিয়ন দলৰ আভাস পাবলৈ চিন্নাস্বামী ষ্টেডিয়ামত উপস্থিত হৈছে বৃহৎ সংখ্যক আৰচিবিৰ অনুৰাগী। এই ব্যৱস্থা সন্দৰ্ভত আৰচিবিৰ এজন অনুৰাগীয়ে কয় যে, ভিতৰৰ আসনবোৰ ভৰি আছে। আমাক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। আমি উভতি যাব বিচাৰো কিন্তু আমাক উভতি যাবলৈও দিয়া হোৱা নাই। গেটত মানুহৰ ভিৰ। বহু লোক আহত হৈছে।
-
মৃতৰ সংখ্যা বৃদ্ধি সম্ভাৱনা
সুদীৰ্ঘ ১৭ বছৰৰ অন্তত ২০২৫ চনৰ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)। তাৰ পাছতে আজি দলটোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। । কিন্তু এই সময়তে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। চিন্নাস্বামী ষ্টেডিয়ামৰ ওচৰত হোৱা ভিৰৰ সময়ত পদপিষ্ট হৈ ৮ জনকৈ লোকৰ মৃত্যু হয় আৰু আহত হয় ২০ জনৰো অধিক। তথ্য মতে, ইয়াৰে ১০ জনৰ অৱস্থা অতি গুৰুতৰ। মৃত লোকসকলৰ ভিতৰত মহিলাও আছে। মৃতকৰ সংখ্যা পৰৱৰ্তী সময়ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
-
ষ্টেডিয়ামৰ বাহিৰত আৰক্ষী কিমান প্ৰস্তুত আছিল?
আৰ চি বিৰ জয়ৰ পিছৰ নিশা বেংগালুৰুত উদযাপন আৰম্ভ হয়। দলটো আহিলেই পৰিস্থিতি কেনেকুৱা হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি। সঁচাকৈয়ে বেংগালুৰু আৰক্ষী এই প্ৰস্তুত আছিল নেকি? সীমিত সংখ্যক আৰক্ষী জোৱানৰ সৈতে নিৰাপত্তাৰ ব্যৱস্থা! অন্ততঃ সংবাদ সংস্থা পিটিআইৰ ভিডিঅ’টোত তেনেকৈয়ে কোৱা হৈছে।
VIDEO | Karnataka police use mild force to manage the crowd gathered outside M Chinnaswamy Stadium in Bengaluru.
Royal Challengers Bengaluru fans have arrived in large numbers as Karnataka State Cricket Association has organised a felicitation ceremony of Royal Challengers… pic.twitter.com/nAw5GtHG6O
— Press Trust of India (@PTI_News) June 4, 2025
Published On - Jun 04,2025 7:10 PM