শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস, জানক ইতিহাস, তাৎপৰ্য আৰু এইবৰ্ষৰ বিষয়বস্তু

প্ৰকৃতিৰ লগত জড়িত সমস্যাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই উপলক্ষে বিভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন কৰি নাগৰিকসকলৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হয়।

World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস, জানক ইতিহাস, তাৎপৰ্য আৰু এইবৰ্ষৰ বিষয়বস্তু
আজি বিশ্ব পৰিৱেশ দিৱস
barasha-misra
Barasha Misra | Updated On: 05 Jun 2025 12:14 PM

আজি ৫ জুন। সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day)। আমাৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশকো প্ৰয়োজন সুৰক্ষাৰ। প্ৰতি বছৰে বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়।

বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু

প্ৰতি বছৰৰ বিশ্ব পৰিৱেশ দিৱস কিছুমান বিষয়ৰ সৈতে উদযাপন কৰা হয়, আৰু এই বিষয়টো বিশেষকৈ পৰিৱেশৰ এটা উদ্বেগজনক বিষয়ৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে নিৰ্বাচন কৰা হয়।

এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰক (Beat Plastic Pollution)। এই বছৰৰ বিষয়বস্তুত চৰকাৰ, উদ্যোগ, সম্প্ৰদায় আৰু ব্যক্তিসকলক একত্ৰিত হ’বলৈ আৰু প্লাষ্টিকৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ভাল বিকল্প অন্বেষণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্লাষ্টিকৰ ব্যৱহাৰ স্বাস্থ্যৰ বিপদৰ পৰা মুক্ত নহয়, আৰু মুখ্যতঃ সাগৰক প্ৰদূষিত কৰে, যি পানীত বাস কৰা জীৱবোৰৰ বাবে ক্ষতিকাৰক। এই বছৰৰ বিষয়বস্তু অনাৰ মুখ্য উদ্দেশ্য হৈছে ইয়াৰ দ্বাৰা হোৱা প্ৰদূষণ হ্ৰাস কৰা।

প্লাষ্টিক প্ৰদূষণৰ বাৰ্ষিক সামাজিক আৰু পৰিৱেশগত খৰচ ৩০০ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ৬০০ বিলিয়ন আমেৰিকান ডলাৰলৈ হৈ আছে। এই বছৰ বিশ্ব পৰিৱেশ দিৱস তেনে সময়ত পালন কৰা হৈছে যেতিয়া দেশসমূহ সামুদ্ৰিক পৰিৱেশসহ প্লাষ্টিক প্ৰদূষণ শেষ কৰাৰ বাবে এটা বিশ্বজনীন চুক্তি সফল কৰাৰ দিশত অগ্ৰগতি কৰি আছে।

বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস

উন্নত জীৱন যাপন কৰিবলৈ হ’লে ভাল পৰিৱেশ এটা থকাটো অতি প্ৰয়োজনীয়। কিন্তু আজিকালি প্ৰদূষণ দিনক দিনে বাঢ়িছে। ইয়াক হ্ৰাস কৰি পৰিৱেশ ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। প্ৰকৃতিৰ লগত জড়িত সমস্যাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই উপলক্ষে বিভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন কৰি নাগৰিকসকলৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হয়।

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত ১৯৭২ চনত ষ্টকহোম সন্মিলনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছিল। যাৰ বিষয়বস্তু আছিল পৰিৱেশ সুৰক্ষা। ইয়াৰ পিছত প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই বিশেষ দিনটো ১৯৭৪ চনৰ পৰা ৫ জুন তাৰিখে পালন কৰিবলৈ আৰম্ভ কৰা হয়।

কল-কাৰখানাৰ বাহিৰেও আজিকালি প্ৰদূষণ বৃদ্ধি পোৱাৰ বহু কাৰণ আছে। পানী অপচয় কৰা, প্ৰদূষণ কৰা, গছ কটা আদি মানুহৰ বেয়া অভ্যাসৰ বাবে পৰিৱেশ প্ৰভাৱিত হয়। ফলত মানুহে পিছলৈ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ক্ষতিগ্ৰস্ত হ’বলগীয়া হয়।

যদি আপুনি ভ্ৰমণৰ প্ৰতি আকৰ্ষিত, তেন্তে আপুনি নিশ্চয় দেখিছে যে মানুহে পাহাৰ আৰু নদী থকা ঠাইলৈ গৈ তাত জাবৰ পেলাই দিয়ে। য’ত প্লাষ্টিকে পৰিৱেশৰ আটাইতকৈ বেছি ক্ষতি কৰে। গতিকে পৰিৱেশ ৰক্ষাৰ বাবে প্ৰথমে সচেতন হৈ নিজৰ মাজত পৰিৱৰ্তন আনিব লাগিব।

বিশ্ব পৰিৱেশ দিৱসে আমাক কেৱল প্ৰকৃতিৰ কথা এদিন চিন্তা কৰিবলৈ নহয়, প্ৰতিদিনে পৰিৱেশৰ প্ৰতি সচেতন হৈ পৰিবেশক বচাবলৈ আৰু দায়িত্বশীল নাগৰিক হোৱাৰ দায়িত্ব বুজিবলৈ অনুপ্ৰাণিত কৰে।