শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: কেনে যাব আপোনাৰ বৃহস্পতিবাৰৰ দিনটো? জানক দৈনিক ৰাশিফল

কেনে যাব আজি আপোনাৰ দিনটো? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

Daily Horoscope: কেনে যাব আপোনাৰ বৃহস্পতিবাৰৰ দিনটো? জানক দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
barasha-misra
Barasha Misra | Published: 05 Jun 2025 06:00 AM

Daily Horoscope: আজি ৫ জুন, বৃহস্পতিবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেঘ ৰাশিঃ আজিৰ দিনটো চাকৰি কৰা লোকসকলৰ বাবে ভাল। পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। সন্মান বৃদ্ধি পাব। ৰৈ থকা কোনো কাম সম্পূৰ্ণ হৈ উঠিব। পুৰস্কাৰ লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটে ভাল। সন্তানে যদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে তেন্তে ভাল ফল পাব। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ লক্ষ্যত গুৰুত্ব দিয়ক। আপোনাৰ মানসিক অশান্তি হ’ব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ’ব। আজি ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব।

মিথুন ৰাশিঃ আজি সাৱধানে থাকক ! কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি থাকিব। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। আপোনাৰ আৰ্থিক লাভ হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আজিৰ প্ৰেমত অশুভ। খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশি: এক আনন্দৰ দিন হ’বলৈ গৈ আছে। ভ্ৰমণলৈ যাবলৈ সাজু হ’ব পাৰে। চাকৰিৰ পৰিৱৰ্তনৰ সন্দৰ্ভত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব পাৰে। আপুনি আপোনাৰ কামবোৰ অতি বুদ্ধিমানৰূপে কৰিব লাগিব। পাৰস্পৰিক বুজাবুজিৰে আলোচনা কৰিব লাগিব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। মনত নতুন চিন্তা-ধাৰা জাগ্ৰত হ’ব। পাৰিবাৰিক কোনো সমস্যা হ’ব পাৰে। পৰিয়ালৰ কোনো লোকৰ স্বাস্থ্য বেয়া হ’ব পাৰে। বাহন চলাওতে সাৱধান হ’ব। প্ৰেমত শুভ। সতীৰ্থৰ কোনো কথাই মনত দুখ দিব পাৰে। স্বাস্থ্য ভালে যাব। আৰ্থিক দিশ ভাল।

কন্যা ৰাশিঃ কোনোবা সন্মানীয় আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব আৰু আত্ম বিশ্বাস বনাই ৰাখক । সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হ’ব লাগিব। কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱবাদী হওক। আজি কিছু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হ’ব। প্ৰেমত অশুভ।

তুলা ৰাশিঃ নিজকে ভাল আৰু আত্ম-বিশ্ৱাসী কৰি গঢ়ি তুলিব পাৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব । এই ৰাশিৰ লোকসকল বহুত কৌতুহলী হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ’ব।

ধনু ৰাশিঃ ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। ধাৰত পইচা বিচৰা মানুহক গুৰুত্ব নিদিব। আপোনাৰ হাঁহি থকা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দৰে ভৰাই তুলিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব।

মকৰ ৰাশিঃ আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে মনেমনে থাকক। আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে।

কুম্ভ ৰাশি: আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে ভাল দিন হ’ব। বন্ধু-বান্ধৱীৰ সৈতে সুখৰ সময় কটাব। সহজে ধাৰ পৰিশোধ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত চলি থকা সমস্যাই আকৌ মূৰ তুলিব। ভগৱান ভক্তিত বহুত মনোনিৱেশ কৰিব। সংযমেৰে কাৰোবাক কিবা এটা ক’ব। সন্তানে আপোনাৰ আশামতে কাম কৰিব।

মীন ৰাশি: শত্ৰুৰ প্ৰতি সাৱধান হ’ব লাগিব। কৰ্মক্ষেত্ৰতো কোনোবাই আপোনাৰ কাম নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। নোসোধাকৈ কাকো পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ কিছু উত্থান-পতনৰ বাবে চিন্তাত থাকিব। কোনো বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বছে আপোনাৰ দায়িত্ব বৃদ্ধি কৰিব পাৰে। যাৰ বাবে আপোনাৰ মনোযোগৰ প্ৰয়োজন হ’ব।