MPOX: ভাৰতত মাংকি প’ক্সৰ সন্দেহজনক ৰোগী চিনাক্ত, জানক ইয়াৰ লক্ষণ, কাৰণ…
MPOX: এই ভাইৰাছ জীৱ- জন্তুৰ পৰা মানুহলৈ, মানুহৰ পৰা মানুহলৈ বিয়পিব পাৰে। সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা কাপোৰ, অন্যান্য সামগ্ৰীৰ দ্বাৰাও এই ভাইৰাছ বিয়পে। ইয়াৰোপৰি যৌন সংস্পৰ্শ, জন্তুয়ে কামোৰা, খোৱা মাংস আদিৰ পৰা এই ভাইৰাছ মানুহৰ দেহলৈ বিয়পে।

ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ সন্দেহজনক ৰোগী। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰি এক বিবৃতি অনুসৰি এজন যুৱকৰ দেহত এম প’ক্স (MPOX)ৰ কিছু লক্ষণ পোৱা গৈছে। এই যুৱকজন বিদেশৰ পৰা আহিছিল। এম প’ক্সৰ সন্দেহজনক ৰোগী হিচাপে চিহ্নিত হোৱাৰ পাছতেই তেওঁক পৃথককৈ ৰখা হৈছে আৰু তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। ৰোগীজন বৰ্তমান দিল্লীৰ চফদৰজং হাস্পতালৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি হৈ আছে ।
স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, এই ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা মাহত বিশ্ব স্বাস্থ্য সংস্থাই এম প’ক্স (MPOX) ক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাইছিল। এই সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰততো এই ক্ষেত্ৰত চোৱা- চিতা কৰি থকা হৈছে।
তথ্য অনুসৰি জানিব পৰা মতে ২০২২ চনত ভাৰতত প্ৰথমবাৰৰ বাবে এই সংক্ৰমণ ধৰা পৰিছিল। সেই সময়ত দেশত প্ৰায় ৩০ জন লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছিল। ইয়াৰে এজন ৰোগীৰ মৃত্যুও হৈছিল। তাৰ পাছত এতিয়া ভাৰতত প্ৰথম সন্দেহযুক্ত ৰোগী চিনাক্ত হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সাজু। ইয়াৰোপৰি বাহিৰৰ দেশৰ পৰা অহালোকৰ পৰা যাতে এই ভাইৰাছ নিবিয়পে তাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব। ইয়াৰ বাবে বিমানবন্দৰ, সাগৰীয় বন্দৰ আৰু লেণ্ড ক্ৰছিঙত থকা স্বাস্থ্য ইউনিটসমূহ বিগত মাহৰ পৰা এই সংক্ৰমণৰ বাবে সতৰ্কতা অৱলম্বন কৰা হৈছে। পৰীক্ষাগাৰ আৰু আইছ’লেশ্যনৰ ব্যৱস্থাও কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, Mpox হৈছে MPOX (MPXV) ভাইৰাছৰ দ্বাৰা হোৱা এক সংক্ৰমণ। এই ভাইৰাছত আক্ৰান্ত হ’লে জ্বৰ, ছালৰ ফোহা, ফুলি উঠা লিম্ফ ন’ড, মূৰৰ বিষ, পেশী আৰু কঁকালৰ বিষ, ঠাণ্ডা অনুভৱ কৰা, ভাগৰ আদি লক্ষণে দেখা দিয়ে। এম প’ক্সৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ৩ ৰ পৰা ১৭ দিনৰ ভিতৰত ইয়াৰ লক্ষণ দেখা দিয়ে। এই সময় খিনিক ইনকিউবেচন পিৰিয়ড বুলি কোৱা হয়। এই লক্ষণসমূহ ২ ৰ পৰা ৪ সপ্তাহলৈ থাকে।
উল্লেখ কৰা প্ৰয়োজন যে, এই ভাইৰাছ জীৱ- জন্তুৰ পৰা মানুহলৈ, মানুহৰ পৰা মানুহলৈ বিয়পিব পাৰে। সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা কাপোৰ, অন্যান্য সামগ্ৰীৰ দ্বাৰাও এই ভাইৰাছ বিয়পে। ইয়াৰোপৰি যৌন সংস্পৰ্শ, জন্তুয়ে কামোৰা, খোৱা মাংস, আক্ৰান্ত প্ৰাণীৰ ছাল, নোমেৰে তৈয়াৰ কৰা সামগ্ৰী, জীৱ- জন্তুৰ তৰল পদাৰ্থৰ সংস্পৰ্শ, আক্ৰান্ত ৰোগীৰ ফোহা, শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শ আদিৰ পৰা এই ভাইৰাছ মানুহৰ দেহলৈ বিয়পে।