বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্যৰ পৰা আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰলৈ, চাওক দিনটোৰ খবৰ
এতিয়াৰ পৰা ৰে’ল ষ্টেচনৰ ফটো বা ভিডিঅ’ ল’ব নোৱাৰিব। নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল কৰ্তৃপক্ষই । দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ। কোৱা হৈছে যে, দেশৰ ভিতৰতে আছে শত্ৰু পক্ষৰ গুপ্তচৰ। যিটো দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে চিন্তনীয় ।
আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
A) চৰ্চাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য। এটা সন্তান থকা হিন্দু পৰিয়ালৰ সকলো আঁচনি বন্ধ কৰি দিব লাগে আনহাতে ৩টা সন্তান থকা হিন্দু পৰিয়ালক পৰিয়ালক পুৰস্কৃত কৰিব লাগে। ইয়াৰ পিছে সামাজিক মাধ্যমত চৰ্চা বিশ্বজিৎ দৈমাৰীৰ।
B) নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বান। গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত জিলা আয়ুক্ত, মেয়ৰ, পাৰিষদৰে বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ইয়াৰোপৰি প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ৫ জন লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত।
C) নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন!ঘন্টাত ৩-৪ ছেন্টিমিটাৰলৈকে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। মাজুলীৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ । অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী-মাজুলী সংযোগী ফেৰী সেৱা। আগন্তুক ৭ দিনত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।
D) পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা। ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ। নৃত্য শৈলীৰে সকলোকে আপ্লুত কৰি তৃতীয় স্থান দখল কৰে। ৯ বছৰীয়া বিনীতাৰ শিৰত উজলিল দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়েও জনায় অভিনন্দন।
E) পুনৰ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন!পূৰ্বে কেৱল ৰাম মন্দিৰৰ গৰ্ভগৃহহে নিৰ্মাণ কৰা হৈছিল। এইবাৰ ৰাম মন্দিৰৰ ৰাম দৰবাৰো নিৰ্মাণ কৰা হৈছে। অহা ৫ জুনত ৰাম দৰবাৰত দেৱতা সকলৰ প্ৰাণপ্ৰতিষ্ঠা কৰা হ’ব। এই উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী ৩ জুনৰ পৰা আৰম্ভ হৈ ৭ জুনত অন্ত পৰিব।
F) এতিয়াৰ পৰা ৰে’ল ষ্টেচনৰ ফটো বা ভিডিঅ’ ল’ব নোৱাৰিব। নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল কৰ্তৃপক্ষই । দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ। কোৱা হৈছে যে, দেশৰ ভিতৰতে আছে শত্ৰু পক্ষৰ গুপ্তচৰ। যিটো দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে চিন্তনীয় ।
G) ৰাছিয়াত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰে’ল। এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু, ৩০ জন আহত। দলং ভাঙি পৰাৰ ফলত ৰে’লপথৰ পৰা বিচ্ছিন্ন হয় ৰে’লখন । ভুক্তভোগীক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান।
H) সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৭৩১ টকা , ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯২০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,২৯৯ টকা। গুৱাহাটীত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.৯০ টকা
I) আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱা পঞ্জাৱ কিংছ আৰু এলিমিনেটৰ মেচত জয়ী হোৱা মুম্বাই ইণ্ডিয়ানছৰ মাজত আজি এই ক্ৰিকেটীয় যুঁজ দেখা যাব। আজি জয়ী হোৱা দলটোৱে ৩ জুনত আৰচিবিৰ বিপক্ষে ফাইনেলত অৱতীৰ্ণ হ’ব।

দিনটোৰ খবৰঃ ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে গোচৰলৈ...

জুন মাহতে ১০০ টকা হ'ব পাৰে প্ৰতি কিলো পিঁয়াজৰ দাম!

উল্লাসহীন শ্ৰেয়াছৰ মুখত হাঁহি বিৰিঙালে প্ৰীতি জিন্টাৰ আলিংগনে!

ৰাজ্যৰ ১৯ খন জিলাত বানৰ তাণ্ডৱ, ক্ষতিগ্ৰস্ত প্ৰায় ৪ লাখ লোক
