2 June 2025
TV9 ASSAM
Photo Credits: Getty Images
প্ৰটিনৰ অভাৱত বহু ৰোগৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত প্ৰতিদিনে খাদ্যৰ তালিকাত প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।
প্ৰটিনৰ অভাৱত শৰীৰৰ পেশী দুৰ্বল হৈ পৰে। ইয়াৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পৰে আৰু এলাহ ভাৱ বৃদ্ধি পায় ।
প্ৰটিনৰ সহায়ত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। গতিকে ইয়াৰ অভাৱৰ ফলত শৰীৰত ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে ।
প্ৰটিনৰ অভাৱত চুলি-ছালৰ সমস্যা বৃদ্ধি পায় । চুলি শুকান, দুৰ্বল আৰু পাতল হৈ পৰে। ইয়াৰ বাহিৰেও ছাল শুকান হৈ পৰিব পাৰে।
যদি শিশুৱে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন নাপায় তেন্তে তেওঁলোকৰ উচ্চতা আৰু ওজনত প্ৰভাৱ পৰে। মানসিক বিকাশৰ গতিও লেহেমীয়া হ’ব পাৰে।
প্ৰটিনৰ অভাৱত শৰীৰত বিশেষকৈ হাত-ভৰি ফুলি উঠে। ঘাঁ বা আঘাতও সোনকালে ভাল নহয়। ঘাঁ ভাল হ’বলৈ সময় লাগে ।
দীৰ্ঘদিন ধৰি যদি শৰীৰত প্ৰটিনৰ অভাৱ হয়, তেতিয়া ইয়াৰ দ্বাৰা যকৃত আৰু বৃক্কৰ কাৰ্যক্ষমতা প্ৰভাৱিত হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক