BSF New Uniform: ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
নতুন ডিজিটেল ছদ্মবেশ ইউনিফৰ্ম লাভ কৰিব ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে । এই নতুন ইউনিফৰ্ম এই বাবে বিশেষ হ’ব যে ইয়াক কপি কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব। কেৱল সেয়াই নহয়, এই পোছাকৰ বাবে সীমান্তত বি এছ এফ জোৱানৰ উপস্থিতি কোনো উমান নাপাব শত্ৰু পক্ষই ।
নতুন ডিজিটেল ছদ্মবেশ ইউনিফৰ্ম লাভ কৰিব ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে । এই নতুন ইউনিফৰ্ম এই বাবে বিশেষ হ’ব যে ইয়াক কপি কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব। কেৱল সেয়াই নহয়, এই পোছাকৰ বাবে সীমান্তত বি এছ এফ জোৱানৰ উপস্থিতি কোনো উমান নাপাব শত্ৰু পক্ষই । জংঘল অঞ্চলত শত্ৰুৰ চকুত ধূলি দিব পৰাকৈ তৈয়াৰ কৰা হৈছে এই পোছাক ।
পহলগাম আক্ৰমণৰ পূৰ্বে বহুবাৰ দেখা গৈছে যে, সন্ত্ৰাসবাদীয়ে প্ৰায়ে বি এছ এফৰ ভুৱা ইউনিফৰ্ম পিন্ধি নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি বিভিন্ন কাৰ্যকলাপ সম্পাদন কৰি আছে । আনকি বহু সময়ত বি এছ এফৰ দৰে ইউনিফৰ্মৰ ভুৱা কপি মুকলিকৈ বিক্ৰী কৰাও দেখা যায় ।
এনে ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিএছএফৰ বাবে নতুন পোছাক প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে । এই পোছাকত ডিজিটেল প্ৰিন্টৰ কাম্পলেক্স পিক্সেল আৰু বহু ৰং ব্যৱহাৰ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ দাবী, এই নতুন পোছাক যোৰ নকল কৰাটো কঠিন। কাৰণ ইয়াত এনে কাপোৰ, ৰং, ডিজিটেল প্ৰিন্ট আৰু গোপন এমব্ৰডাৰী ব্যৱহাৰ কৰা হৈছে যে উগ্ৰপন্থীয়ে বা কোনো শত্ৰুৱে ইয়াক নকল কৰাটো অসম্ভৱ।

দিনটোৰ খবৰঃ ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে গোচৰলৈ...

জুন মাহতে ১০০ টকা হ'ব পাৰে প্ৰতি কিলো পিঁয়াজৰ দাম!

উল্লাসহীন শ্ৰেয়াছৰ মুখত হাঁহি বিৰিঙালে প্ৰীতি জিন্টাৰ আলিংগনে!

ৰাজ্যৰ ১৯ খন জিলাত বানৰ তাণ্ডৱ, ক্ষতিগ্ৰস্ত প্ৰায় ৪ লাখ লোক
