শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বেংকে একাউণ্টৰ পৰা ৪৫৬ টকা কৰ্তন কৰিছে নেকি? আপোনাৰ পৰিয়ালে পাব ৪ লাখ টকা…

শেহতীয়াকৈ আপোনাৰ বেংক একাউণ্টৰ পৰা মুঠ ৪৫৬ টকা যদি কৰ্তন হৈছে তেন্তে আপোনাৰ পৰিয়াল লাভৱান হ’বলৈ গৈ আছে । যদি এই বিষয়ে নাজানে, তেন্তে সেই কথা জানিলে আচৰিত হ’ব ।

বেংকে একাউণ্টৰ পৰা ৪৫৬ টকা কৰ্তন কৰিছে নেকি? আপোনাৰ পৰিয়ালে পাব ৪ লাখ টকা…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 02 Jun 2025 16:14 PM

আপোনাৰ একাউণ্টৰ পৰা বেংকে ৪৫৬ টকা কৰ্তন কৰিছে নেকি ? শেহতীয়াকৈ আপোনাৰ বেংক একাউণ্টৰ পৰা ৪৩৬ টকা আৰু ২০ টকা অৰ্থাৎ মুঠ ৪৫৬ টকা যদি কৰ্তন হৈছে তেন্তে আপোনাৰ পৰিয়াল লাভৱান হ’বলৈ গৈ আছে । যদি এই বিষয়ে নাজানে, তেন্তে সেই কথা জানিলে আচৰিত হ’ব । আপোনাৰ বেংক একাউণ্টৰ পৰা এই ধন কিয় কৰ্তন কৰা হৈছে এই প্ৰতিবেদনৰ জৰিয়তে জানক ।

প্ৰকৃতে ভাৰত চৰকাৰে দেশৰ সাধাৰণ জনতাৰ লাভৰ বাবে বহু বীমা আঁচনি আৰম্ভ কৰহিছে । ইয়াৰে দুটা হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY)। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY) হৈছে  ১৮ ৰ পৰা ৭০ বছৰ বয়সৰ ব্যক্তিৰ বাবে উপলব্ধ দুৰ্ঘটনা বীমা পৰিকল্পনা। এই যোজনাৰ এবছৰৰ প্ৰিমিয়াম ২০ টকা। যদি কাৰোবাৰ এই বীমা আছে, তেন্তে সেই ব্যক্তিজনৰ যদি কোনো দুৰ্ঘটনাত মৃত্যু হয়, তেন্তে সেই ব্যক্তিজনৰ পৰিয়ালে ক্ষতিপূৰণ হিচাপে ২ লাখ টকা পাব।

আনহাতে, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) হৈছে ১৮ ৰ পৰা ৫০ বছৰ বয়সৰ ব্যক্তিৰ বাবে বেংক একাউণ্টৰ সৈতে উপলব্ধ জীৱন বীমা পৰিকল্পনা । ইয়াৰ প্ৰিমিয়াম ৪৩৬ ​​টকা। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমাৰ সুবিধা হৈছে-প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা যিগৰাকী লোকৰ নাম আছে তেওঁ যদি কোনো কাৰণত মৃত্যু হয়, তেন্তে সেই ব্যক্তিজনৰ পৰিয়ালে ক্ষতিপূৰণ হিচাপে ২ লাখ টকা পাব।

বেংক একাউণ্ট থকা যিকোনো ব্যক্তিয়ে এই দুয়োটা বীমা পৰিকল্পনাৰ সুবিধা লাভ কৰিব পাৰে। এই সুবিধা লাভ কৰিবলৈ বেংক একাউণ্টত অটো ডেবিট অন কৰিব লাগিব। যদি এই দুটা বীমা সক্ৰিয়, তেন্তে বেংকলৈ গৈ এই বীমাৰ প্ৰমাণ পত্ৰ ল’বলৈ নাপাহৰিব। কিন্তু কোনোবাই যদি এই বীমা বন্ধ কৰিব বিচাৰে তেন্তে বেংকলৈ গৈ একাউণ্টৰ অটো ডেবিট বন্ধ কৰিব লাগিব।