শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Monkey pox:বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা মাংকি প’ক্স ভাইৰাছ কি? জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…

Monkey Pox: কোৰোনাৰ পাছতেই বিশ্বক মাংকি প'ক্স নামৰ আন এক ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই ভাইৰাছ অতি সহজে জীৱ- জন্তুৰ পৰা মানুহলৈ, মানুহৰ পৰা মানুহলৈ বিয়পে। এই ৰোগৰ কোনো ভেকচিন নাই। এই ৰোগত আক্ৰান্ত হ'লে কিছুমান বিশেষ লক্ষণ দেখা দিয়ে।

Monkey pox:বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা মাংকি প’ক্স ভাইৰাছ কি?  জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…
মাংকি প'ক্স
barasha-sarma
Barasha Sarma | Published: 20 Aug 2024 11:25 AM

কোৰোনাৰ পাছতেই বিশ্বত মাংকি প’ক্স (Monkey pox) নামৰ আন এক ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়া এই ভাইৰাছত এম প’ক্স (MPOX) বুলি জনা যায়। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই ইয়াক লৈ বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালী অৱস্থা ঘোষা কৰিছে। ইয়াৰ পৰা এটা কথাই ক’ব পাৰি যে এই ভাইৰাছে বিশ্বত ভাবুকিৰ সৃষ্টি কৰিব পাৰে। এই ভাইৰাছত সবাতোকৈ বেছি লোক আফ্ৰিকাত আক্ৰান্ত হৈছে। আফ্ৰিকাত মাংকি পক্সৰ ৩০,০০০ ৰো অধিক ৰোগী ধৰাৰ পৰাৰ লগতে ৫০০ ৰো অধিকলোকৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও আন বহু দেশত এই ভাইৰাছত লোক আক্ৰান্ত হৈছে।

দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছত বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ২০২২ চনত এই ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সেই সময়চোৱাত এই ভাইৰাছ ১১৬ খন দেশত বিয়পি পৰাৰ লগতে ১ লাখ লোক আক্ৰান্ত হৈছিল। ২০২২ চনত ভাৰতত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা আছিল ২০ জন আৰু ইয়াৰে এজনৰ মৃত্যুও গৈছিল। ইয়াৰে অধিকাংশলৈ বিদেশৰ পৰা অহা আছিল। ইয়াৰ বিপৰীতে আমেৰিকা আৰু ইউৰোপৰ দেশত হাজাৰ হাজাৰ ৰোগী ধৰা পৰিছিল।

এম পক্স বা  মাংকি পক্স কি

এম প’ক্স (MPOX)অথবা মাংকি পক্স (Monkeypox) এম পক্স ভাইৰাছৰ দ্বাৰা হোৱা এক বিৰল ৰোগ। এই ভাইৰাছ সাধাৰণতে নিগনি, এন্দুৰ বা বান্দৰৰ আদিৰ হয়। কিন্তু এই ভাইৰাছ মানুহলৈও বিয়পে। এই ৰোগত প্ৰথমে মাংকি প’ক্স বুলি কোৱা হৈছিল যদিও পাছলৈ ইয়াক এ’ম পক্স বুলি কোৱা হয়।

লক্ষণ

এম প’ক্সৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ৩ ৰ পৰা ১৭ দিনৰ ভিতৰত ইয়াৰ লক্ষণ দেখা দিয়ে। এই সময় খিনিক ইনকিউবেচন পিৰিয়ড বুলি কোৱা হয়। এই লক্ষণসমূহ ২ ৰ পৰা ৪ সপ্তাহলৈ থাকে। এই লক্ষণসমূহৰ ভিতৰত আছে-

  • জ্বৰ।
  • ছালৰ ফোহা।
  • ফুলি উঠা লিম্ফ ন’ড।
  • মূৰৰ বিষ।
  • পেশী আৰু কঁকালৰ বিষ।
  • ঠাণ্ডা অনুভৱ কৰা।
  • ভাগৰ।

কেনেকৈ বিয়পে

এই ভাইৰাছ জীৱ- জন্তুৰ পৰা মানুহলৈ, মানুহৰ পৰা মানুহলৈ বিয়পিব পাৰে।

  • এই ভাইৰাছ সংক্ৰমিত জন্তু বা সংক্ৰমিত মানুহৰ দেহৰ পৰা বিয়পিব পাৰে।
  • এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ ফোহা, শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শত আহিলে বিয়পে।
  • সংক্ৰমিত ব্যক্তিৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শ। ইয়াৰ ভিতৰত যৌন সংস্পৰ্শ অন্যতম।
  • সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা কাপোৰ, কম্বল,অন্যান্য সামগ্ৰীৰ পৰা বিয়পে।
  • গৰ্ভৱতী মহিলাৰ পৰা ভ্ৰুণলৈ বিয়পিব পাৰে।
  • জন্তুয়ে কামোৰা বা আঁচোৰৰ দ্বাৰা বিয়পে।
  •  খোৱা মাংসৰ পৰা (আক্ৰান্ত জন্তুৰ) বিয়পিব পাৰে।
  • আক্ৰান্ত প্ৰাণীৰ ছাল, নোমেৰে তৈয়াৰ কৰা সামগ্ৰীৰ পৰা।
  • জীৱ- জন্তুৰ তৰল পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে বিয়পে।

চিকিৎসা

এমপ’ক্স কেতিয়াবা নিজে নিজে ঠিক হয়। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰতো ই গুৰুতৰ হ’ব পাৰে। এতিয়ালৈকে এই ৰোগৰ কোনো ভেকচিন বা প্ৰেছক্ৰিপচন ঔষধ নাই। ৰোগীৰ লক্ষণৰ ভিত্তিতহে চিকিৎসা কৰা হয়। চিকিৎসকে এন্টিভাইৰেল ঔষধ দি ৰোগীৰ ৰোগ নিয়ন্ত্ৰণ কৰে।

কেনেকৈ হাত সাৰিব

  • সংক্ৰমিত ব্যক্তিৰ পৰা দূৰত থাকক।
  • ছেনিটাইজাৰ ব্যৱহাৰ।
  • সুৰক্ষা অবিহনে যৌন সম্পৰ্ক স্থাপন কৰিব নালাগে।
  • ভাইৰাছ বিয়পাব পৰা জীৱ-জন্তুৰ পৰা আঁতৰি থাকিব লাগে।