শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Video: উত্তৰ-পূৰ্বাঞ্চলত বান আৰু ভূমিস্খলনৰ কালৰূপ! কেইবাজনেও হেৰুৱাইছে প্ৰাণ

Video: উত্তৰ-পূৰ্বাঞ্চলত বান আৰু ভূমিস্খলনৰ কালৰূপ! কেইবাজনেও হেৰুৱাইছে প্ৰাণ

Barasha Misra
Barasha Misra | Edited By: Monjit Dutta | Updated On: 01 Jun 2025 23:07 PM

শনিবাৰে কমেও ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে অসমৰ বিভিন্ন প্ৰান্তত গাঁওসমূহতো ৰাইজক কষ্ট দিছে বাঢ়নি পানীয়ে। কেৱল অসমতে কমেও ৬০ হাজাৰ লোক গৃহহীন হৈছে।

বাৰিষা ওচৰ চাপি অহাৰ লগে লগে অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ধাৰাবাহিকভাৱে অহা বৰষুণৰ ফলত চাৰিওখন ৰাজ্যতে কৃত্ৰিম বান আৰু ভূমিস্খলনৰ সৃষ্টি হয়। শনিবাৰে কমেও ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে অসমৰ বিভিন্ন প্ৰান্তত গাঁওসমূহতো ৰাইজক কষ্ট দিছে বাঢ়নি পানীয়ে। কেৱল অসমতে কমেও ৬০ হাজাৰ লোক গৃহহীন হৈছে।

শনিবাৰে অসমত ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৫জন লোকৰ মৃত্যু হয়। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত ভূমিস্খলনৰ ফলত এখন গাড়ী খাৱৈত বাগৰি পৰে। যাৰ বাবে দুটা পৰিয়ালৰ ৭জন লোকে প্ৰাণ হেৰুৱায়। আন এটা স্থানত ভূমিস্খলনতে দুজন লোকৰ মৃত্যু।

এতিয়া বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ কেইবাটাও স্থানত ৰঙা আৰু কমলা সতৰ্কবাণী জাৰি কৰিছে । আনহাতে উত্তৰ-পূবৰ বাকী অংশৰ বাবে জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী।