শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জটিল বান পৰিস্থিতি, শিহৰণকাৰী ভিডিঅ’ পোষ্ট কৰি ৰাইজক সজাগ হোৱাৰ আহ্বান কিৰেন ৰিজিজুৰ

NE Floods: কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে ৰাইজক ঘৰতে থাকিবলৈ আহ্বান জনায় । "বৰষুণৰ বাবে আপোনালোক আতংকিত হোৱাৰ প্ৰয়োজন নাই । আপোনালোকৰ সুৰক্ষাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে । এইবাৰ সৰ্বাধিক বৰষুণ হৈছে অৰুণাচল প্ৰদেশত," মন্ত্ৰীগৰাকীয়ে লিখিছে ।

জটিল বান পৰিস্থিতি, শিহৰণকাৰী ভিডিঅ’ পোষ্ট কৰি ৰাইজক সজাগ হোৱাৰ আহ্বান কিৰেন ৰিজিজুৰ
খৰস্ৰোতা নৈৰ ওপৰেৰে ওলোমা দলং পাৰ এজনৰImage Credit source: X handle
raj-saikia
Raj Saikia | Published: 02 Jun 2025 11:44 AM

দেশৰ প্ৰায়বোৰ ৰাজ্যতে প্ৰবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে । মণিপুৰ, অসম, ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে । এই ৰাজ্যসমূহৰ আৰক্ষী প্ৰশাসনে জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে । বেছিভাগ ৰাজ্যতে বান পৰিস্থিতি জটিল হৈ আছে । বানত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবেও প্ৰশাসনে অভিযান চলাই আছে ।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে ৰাইজক ঘৰতে থাকিবলৈ আহ্বান জনায় । “বৰষুণৰ বাবে আপোনালোক আতংকিত হোৱাৰ প্ৰয়োজন নাই । আপোনালোকৰ সুৰক্ষাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে । এইবাৰ সৰ্বাধিক বৰষুণ হৈছে অৰুণাচল প্ৰদেশত,” মন্ত্ৰীগৰাকীয়ে লিখিছে ।

ছচিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট
কিৰেন ৰিজিজুৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা শিহৰণকাৰী ভিডিঅ’ পোষ্ট কৰে, য’ত এজন ব্যক্তিয়ে অঞ্জাৱ জিলাৰ এখন ওলমা দলং পাৰ হৈ যোৱা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে লিখিছে যে বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হৈছে অৰুণাচল প্ৰদেশত । এই ভিডিঅ’টো পাইছো, য’ত এজন ব্যক্তিয়ে ভাৰত, চীন আৰু ম্যানমাৰ সীমান্তৰ ত্ৰি সংযোগস্থলৰ সমীপৰ অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাৰ এখন ওলমা দলং পাৰ হৈ আছে । অনুগ্ৰহ কৰি সাৱধান আৰু সুৰক্ষিত হওক । চৰকাৰে আপোনালোকক প্ৰয়োজনীয় সহায় আগবঢ়াব ।

ক্ষতিপূৰণ ঘোষণা
ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন, বান সমস্যাৰ সৃষ্টি হৈছে । যাৰ বাবে ৰাজ্যখনৰ কেবাগৰাকীও নাগৰিকৰ মৃত্যু হৈছে । ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে যোৱা ২৪ ঘণ্টাত সমগ্ৰ ৰাজ্যত ভূমিস্খলন আৰু বানৰ ফলত মৃত্যু হোৱা লোকসকলে ৪ লাখ টকাকৈ ক্ষতিপূৰণ লাভ কৰিব । মৃতকলৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে জিলা প্ৰশাসনৰ জৰিয়তে ৰাইজক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰা হ’ব । মুখ্যমন্ত্রীয়ে ৰাইজক সাৱধান হ’বলৈ আৰু কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷

অৰুণাচল প্ৰদেশত ৯ জন লোকৰ মৃত্যু
২৯ মে’ৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈ আছে । একাংশ ঠাইত ভূমিস্খলনৰ বাবে বহু পথ বন্ধ হৈ পৰিছে । ভূমিস্খলনৰ ফলত শুকুৰবাৰে নিশা ৯ জন লোকৰ মৃত্যু হয় । ধাৰাসাৰ বৰষুণৰ ফলত ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত পানীৰ ঢলে এখনৰ পিছত আনখন বাহন উটুৱাই লৈ যায় । গাড়ীখনত ২টা পৰিয়ালৰ ৭জন লোক আছিল । আটাইকেইজনৰে থিতাতে মৃত্যু হয় । ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে ।

ৰাজ্যসমূহৰ অৱস্থা সংকটজনক
যোৱা কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দেশৰ বহু ৰাজ্যত পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে । মণিপুৰত প্ৰায় ৪৮ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে বৰষুণ হোৱাৰ বাবে নদী কাষৰীয়া অঞ্চলৰ লগতে আন বহু ঠাইত বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে । যাৰ বাবে মণিপুৰৰ বহু ঠাইত জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে অসমতো পৰিস্থিতি অতি জটিল হৈ পৰিছে । অসমৰ প্ৰায় ১৯ খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানত প্লাৱিত হৈছে । অসমৰ গুৱাহাটীত ভূমিস্খলনত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেবাখনো জিলাত বানৰ ফলত প্ৰায় ৬ জন লোকৰ মৃত্যু হৈছে । মেঘালয়তো বৰষুণৰ বাবে ৩ জন লোকৰ মৃত্যু হয় ।