শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 02 Jun 2025 07:59 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • উত্তৰ-পূবত বতৰে লৈছে কালৰূপ । নদী পাৰ আৰু নিম্নভূমিত বসবাস কৰা ৰাজ্যৰ সকলো লোককে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰেও ৰাজ্যৰ কেইখনো জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ পৰিপ্ৰেক্ষিততে নদীৰ পাৰ আৰু নিম্নভূমিত বসবাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে মহানগৰীত ভূমিস্খলনত নিহত লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ।
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ লগতে প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে গৃহমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ফোন কৰাৰ কথা সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও ফোন যোগে কথা পাতি ধাৰাসাৰ বৰষুণৰ ফলত হোৱা উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে ।
  • দুদিনৰ বাবে বন্ধ থাকিব শ্ৰীভূমি জিলাৰ সকলো শিক্ষানুষ্ঠান। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত। ২ আৰু ৩ জুনত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।
  • পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা পাকিস্তানক সমৰ্থন কৰাৰ সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । পাকিস্তানক সমৰ্থন তথা দেশ বিৰোধী মন্তব্য প্ৰকাশ কৰাৰ বাবে ৰাজ্যখনত এতিয়ালৈকে ৮১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, পাকিস্তানক সমৰ্থন কৰাৰ অপৰাধত এতিয়ালৈকে ৮১ জন ৰাষ্ট্ৰ বিৰোধী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
  • পহলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা৷ আক্ৰমণত প্ৰাণ যোৱা স্থানীয় ঘোঁৰাচালক চৈয়দ আদিল হুছেইন শ্বাহৰ জম্মু-কাশ্মীৰৰ পেহেলগামস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ এককালীন আৰ্থিক সাহায্য হিচাপে মন্ত্ৰীগৰাকীয়ে আগবঢ়াই ৫ লাখ টকাৰ চেক৷
  • স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ৩৬০ জন নতুন ক’ভিড ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে ভাৰতত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৩৭৫৮ গৰাকীলৈ বৃদ্ধি পাইছে। দেওবাৰলৈ কেৰালা, মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক ক’ভিড ৰোগী ধৰা পৰিছে। কেৰালাত ১৪০০ জন, মহাৰাষ্ট্ৰত ৪৮৫ জন আৰু দিল্লীত ৪৩৬ জন ক’ভিডত আক্ৰান্ত হৈছে। ইফালে যোৱা ২৪ ঘন্টাত দেশত কৰ’ণাত ২ জন লোকৰ মৃত্যু হৈছে। কৰ্ণাটক আৰু কেৰালাত এই লোক দুজনৰ মৃত্যু ঘটিছে।
  • ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে দেওবাৰে লণ্ডনত পাকিস্তানক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, “পাকিস্তানত গণতন্ত্ৰ নাই। মহম্মদ আলী জিন্নাই পাকিস্তান সৃষ্টি কৰিলে, ই জেনেৰেলৰ দোকান হৈ পৰিল, এইটোৱেই পাকিস্তানৰ অৱস্থা।” খেলপথাৰত পৰাস্ত হোৱা অসীম মুনীৰ এতিয়া ফিল্ড মাৰ্শ্বাল হৈ পৰিছে বুলিও তেওঁ কয়।