শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Railways: ইউটিউবাৰ আৰু ব্লগাৰে তুলিব নোৱাৰি ৰে’লৱে ষ্টেচনৰ ফটো-ভিডিঅ’

Indian Railways: ইউটিউবাৰ আৰু ব্লগাৰে তুলিব নোৱাৰি ৰে’লৱে ষ্টেচনৰ ফটো-ভিডিঅ’

manas-borah
Manas Borah | Published: 01 Jun 2025 21:06 PM

কোনো ইউটিউবাৰ আৰু ব্লগাৰে তুলিব নোৱাৰিব ৰে’ল ষ্টেচনৰ ফটো, ল’ব নোৱাৰিব ভিডিঅ’। এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল কৰ্তৃপক্ষই ।

এতিয়াৰ পৰা কোনো ইউটিউবাৰ আৰু ব্লগাৰে তুলিব নোৱাৰিব ৰে’ল ষ্টেচনৰ ফটো, ল’ব নোৱাৰিব ভিডিঅ’। এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল কৰ্তৃপক্ষই । দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।কোৱা হৈছে যে, দেশৰ ভিতৰতে আছে শত্ৰু পক্ষৰ গুপ্তচৰ । যিসকলে দেশৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ ফটো, ভিডিঅ’ তুলি শত্ৰু পক্ষক যোগান কৰে । যিটো দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে চিন্তনীয় ।

শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সংঘাতৰ পিছতে হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰণ এই গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে উঠিছিল ভাৰতৰ পৰা পাকিস্তানলৈ গোপন তথ্য সৰবৰাহৰ অভিযোগ। বিভিন্ন ঠাইৰ ফটো তুলি পাকিস্তানলৈ পঠাইছিল জ্যোতিয়ে । এইধৰণৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই ।