কঠোৰ ৰাজ্য চৰকাৰ, ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী
ৰাষ্ট্ৰপতিয়ে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী (কৰ্ণাটক সংশোধনী) বিধেয়কখন গৃহীত কৰাৰ পিছত এই নিয়ম প্ৰৱৰ্তন কৰা হয়।যাৰ ফলত এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত।
শেহতীয়াকৈ দেশৰ এখন ৰাজ্যত ধূমপানৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যখনত হুকা বাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধঁপাতজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ বয়সো ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হৈছে। নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তি আৰু জৰিমনা বিহা হ’ব। পিছে কোনখন ৰাজ্যত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা ?
কৰ্ণাটক চৰকাৰে ৩০ মে’ত জাৰি কৰিছিল এই নিৰ্দেশনা।ৰাষ্ট্ৰপতিয়ে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী (কৰ্ণাটক সংশোধনী) বিধেয়কখন গৃহীত কৰাৰ পিছত এই নিয়ম প্ৰৱৰ্তন কৰা হয়।যাৰ ফলত এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত। এই আইনৰ ৪ এ ধাৰাত হুকা বাৰ খোলা আৰু চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যদি কোনো লোকে এই নিয়ম উলংঘা কৰে তেন্তে ১ বছৰৰ পৰা ৩ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈকে জৰিমনা বিহা হ’ব পাৰে।অৱশ্যে ৩০টাতকৈ অধিক কোঠা থকা হোটেল বা ৰেষ্টুৰেণ্টত আৰু বিমানবন্দৰৰ ধূমপান কৰা ঠাইত ইয়াৰ অনুমতি দিয়া হৈছে।
Latest Videos

দিনটোৰ খবৰঃ ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে গোচৰলৈ...

জুন মাহতে ১০০ টকা হ'ব পাৰে প্ৰতি কিলো পিঁয়াজৰ দাম!

উল্লাসহীন শ্ৰেয়াছৰ মুখত হাঁহি বিৰিঙালে প্ৰীতি জিন্টাৰ আলিংগনে!

ৰাজ্যৰ ১৯ খন জিলাত বানৰ তাণ্ডৱ, ক্ষতিগ্ৰস্ত প্ৰায় ৪ লাখ লোক
