শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লখিমপুৰৰ বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী, দুখ-দুৰ্দশাৰ কথা কৈ চকুলো টুকিলে বন্যাৰ্তই

লখিমপুৰত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । এই প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱাসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে উপযুক্ত সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লখিমপুৰৰ বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী, দুখ-দুৰ্দশাৰ কথা কৈ চকুলো টুকিলে বন্যাৰ্তই
লখিমপুৰত মুখ্যমন্ত্ৰীImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 02 Jun 2025 16:07 PM

সোমবাৰে বান বিধ্বস্ত লখিমপুৰ জিলাৰ আমতলা অঞ্চলত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । এই প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱাসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে উপযুক্ত সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে । বানৰ তাণ্ডৱক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “বাঢ়নী পানী কমাৰ পাছতেই স্থানীয় ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব ।”

তদুপৰি ৰঙানদী বান্ধৰ পানী মুকলি কৰি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নীপকোৰ পৰা জবাবদিহিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “অৰুণাচল প্ৰদেশৰ ইয়াজালিত নিৰ্মিত নীপকো জলবিদ্যুৎ প্ৰকল্পৰ পৰা যদি কোনো জাননী অবিহনে পানী মুকলি কৰে, তেন্তে কিয় মুকলি কৰা হ’ল তাৰ ব্যাখ্যা দিব লাগিব ।”

ক্ষতিৰ সন্মুখীন হোৱা স্থানীয় বাসিন্দাসকলক সম্পূৰ্ণ সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দি শৰ্মাই কয় যে, “আমি আমাৰ খিলঞ্জীয়া স্থানীয় লোকসকলক সকলো ক্ষতিৰ বাবে সহায় কৰিম ।” তেওঁ লগতে কয় যে মথাউৰিৰ সৈতে সংযোগ পুনৰুদ্ধাৰৰ কাম মঙলবাৰৰ পৰা আৰম্ভ হ’ব । মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, “দুখীয়াক সহায় কৰাটো আমাৰ দায়িত্ব, আৰু আমি তেওঁলোকক সহায় কৰিম ।”

বানৰ প্ৰভাৱৰ কথা শুনি লগে লগে সেই স্থানলৈ যোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই লগে লগে ইয়াত চাবলৈ আহিছো । বানে সৃষ্টি কৰা ধ্বংসলীলা দেখি মই দোষী অনুভৱ কৰিছো আৰু মই লগে লগে ইয়াক পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ ।”

উল্লেখ্য যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি অসমৰ ১৯ খন জিলাত প্ৰায় ৩ লাখ ৬৪ হাজাৰ লোক বানৰ কবলত পৰিছে । প্লাবিত হৈছে প্ৰায় ৩৫২৪ হেক্টৰ কৃষিভূমি । ৫৬ টা ৰাজহ চক্ৰৰ অধীনৰ ৭৬৪ খন গাঁও বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । বানত হাহাকাৰ কৰিছে বন্যাৰ্তই । বানাক্ৰান্ত অঞ্চলত স্থাপন কৰা হৈছে ১৫৫ টা সাহায্য শিবিৰ । এই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে মুঠ ১০,২৭২ গৰাকী বন্যাৰ্তই । বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে মুঠ ২,৩৫,১৯৩ টা পশুধন । মুঠ তিনিটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে বাৰিষাৰ প্ৰথমটো বানত । তাৰোপৰি মুঠ ২৬ পথৰো ক্ষতি হৈছে বানৰ ফলত ।

লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাচাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং জিলাত বান পৰিস্থিতি জটিল হৈ পৰা দেখা গৈছে ।