TV9 ASSAM
হাওঁফাওঁ আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগত। হাওঁফাওঁ নষ্ট হোৱাৰ মূল কাৰণ ধূমপান বুলিব পাৰি। ইয়াৰোপৰি অন্য কাৰণো থাকে। এই লেখাটোত হাওঁফাওঁ বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ উল্লেখ কৰা হ'ল।
যদি আপুনি বাৰে বাৰে উশাহ-নিশাহ লোৱাত কষ্ট পায় তেন্তে ই হাওঁফাওঁ বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। অৱশ্যে কেতিয়াবা অন্য ৰোগতো এই লক্ষণ দেখা দিয়ে।
যদি আপুনি দীৰ্ঘদিন ধৰি বুকুত বিষ অনুভৱ কৰি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। ইয়াৰোপৰ হাওঁফাওঁ বিকল হ'লে সঘনাই কাহ হয় আৰু কাহত তেল ওলোৱা দেখা যায়।
হাওঁফাওঁ বিকল হ'লে আপুনি খুব দুৰ্বল অনুভৱ কৰিব পাৰে লগতে ওজন হ্ৰাস কৰিব পাৰে। কেতিয়াবা কোনো কাম নকৰিলেও বা অলপ খোজ কঢ়াৰ পাছতে ভাগৰ অনুভৱ হ'ব পাৰে।
হাওঁফাওঁ বিকল হ'লে অস্বস্তি লাগি থাকিব পাৰে। এক শংকা অনুভৱ হ'ব পাৰে। ইয়াৰোপৰি আপোনাৰ কাহ বহু মাহ ধৰি ভাল নহ'ব পাৰে। মাজে মাজে জ্বৰ হ'ব পাৰে।
শ্লেমা বা খেঁকাৰত পৰিবৰ্তন আহিব পাৰে। হাওঁফাওঁ বিকল হ'লে শ্লেমা বা খেঁকাৰৰ ৰং, পৰিমাণ আদিৰ পৰিবৰ্তন হ'ব পাৰে। এনে ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
যদি আপোনাৰ শৰীৰত এই লক্ষণে দেখা দিছে তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰ। এই বিষয়ে আপুনি অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক