শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Aparajita Bill 2024: মমতা বেনাৰ্জী চৰকাৰে উত্থাপন কৰা বিধেয়কত দোষীৰ বাবে কি কি শাস্তি আছে?

বিধেয়কখনৰ নাম- অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ২০২৪। এই বিধেয়কখনত নাৰী আৰু শিশুৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত বহু নিয়ম প্ৰণয়ন কৰা হৈছে, যাৰ উদ্দেশ্য  ৰাজ্যত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ ৰোধ কৰা। কি কি আছে বিধেয়কখনত, সবিশেষ উল্লেখ কৰা হ'ল-

Aparajita Bill 2024: মমতা বেনাৰ্জী চৰকাৰে উত্থাপন কৰা বিধেয়কত দোষীৰ বাবে কি কি শাস্তি আছে?
কলকাতাঃ অপৰাজিতা বিধেয়ক
Barasha Sarma
Barasha Sarma | Published: 03 Sep 2024 14:27 PM

কলকাতাৰ আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। কনিষ্ঠ চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ দোষীৰ ফাঁচীৰ দাবী জনাই আজিও কলকাতা প্ৰতিবাদ সাব্যস্ত হৈ আছে। ইয়াৰ মাজতে পশ্চিম বংগৰ বিধান সভাত মমতা বেনাৰ্জীৰ চৰকাৰে মঙলবাৰে উত্থাপন কৰিলে ধৰ্ষণ বিৰোধী এখন বিধেয়ক। এই বিধেয়কৰ বাবে পশ্চিম বংগৰ বিধানসভাত দুদিনীয়াকৈ বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰে।

এই বিধেয়কখনৰ নাম- অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ২০২৪। এই বিধেয়কখনত নাৰী আৰু শিশুৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত বহু নিয়ম প্ৰণয়ন কৰা হৈছে, যাৰ উদ্দেশ্য  ৰাজ্যত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ ৰোধ কৰা।

কি কি আছে বিধেয়কখনত

  • ধৰ্ষণ, হত্যাৰ বাবে ফাঁচীৰ ব্যৱস্থা।
  • অভিযোগনামা দাখিল কৰাৰ ৩৬ দিনৰ ভিতৰত মৃত্যুদণ্ডৰ ব্যৱস্থা ।
  • কেৱল ধৰ্ষণেই নহয় এচিড আক্ৰমণো সমানেই গুৰুতৰ অপৰাধ, যাৰ বাবে এই বিধেয়কখনত যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে।
  • প্ৰতিখন জিলাতে গঠন কৰা হ’ব বিশেষ বাহিনী-অপৰাজিতা টাস্ক ফ’ৰ্চ।
  • এই অপৰাজিতা টাস্ক ফ’ৰ্চে ধৰ্ষণ, এচিড আক্ৰমণ বা নিৰ্যাতনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।
  • যদি কোনোবাই ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

বিধানসভাত এই বিধেয়কখন উত্থাপন হোৱাৰ পাছতেই ইয়াৰ ওপৰত চৰ্চা আৰম্ভ হয়। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিধেয়কখন ঐতিহাসিক বুলি গণ্য কৰে। তেওঁ কয় যে, আমি বিচাৰো ভুক্তভোগীক চিবিআইয়ে ন্যায় প্ৰদান কৰক।

বিৰোধী দল বিজেপিয়েও মমতা চৰকাৰৰ এই বিধেয়কখনক সমৰ্থন কৰিছে। বিধানসভাত বিৰোধী নেতা সুবেন্দু অধিকাৰীয়ে কয় যে বিজেপিয়ে অপৰাজিতা বিধেয়কক সম্পূৰ্ণ সমৰ্থন কৰে। এই আইনখন অতি সোনকালে কাৰ্যকৰী হোৱাটো আমি বিচাৰো। এয়া ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি তেওঁ কয়।

পশ্চিম বংগ চৰকাৰৰ বিৰোধী দল বিজেপিয়ে কয়, আমি এই আইনখন কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যত ইয়াৰ ফলাফল বিচাৰো আৰু ইয়াক নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব। এই বিধেয়কত বিজেপিৰ সম্পূৰ্ণ সমৰ্থন আছে। গতিকে চৰকাৰে নিশ্চয়তা দিব লাগিব যে এই বিধেয়কখন তৎক্ষণাত কাৰ্যকৰী হ’ব।

বিধেয়কখন সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, মই সমগ্ৰ পশ্চিম বংগৰ হৈ অপৰাজিতা বিধেয়কক আদৰণি জনাইছো। এই ঐতিহাসিক দিনত এই বিধেয়কখন গ্ৰহণ কৰিবলৈ সকলোকে আদৰণি জনাইছো। লগতে গুৰুতৰ অপৰাধৰ বলি হোৱা আৰু মৃত্যু হোৱা ভুক্তভোগীগৰাকীৰ প্ৰতি তেওঁ সমবেদনা জ্ঞাপন কৰে।

মমতা বেনাৰ্জীৰ এই বিধেয়কখন কিমান ফলপ্ৰসূ হয় সেয়া সময়ে ক’ব।  বিধানসভাত এই বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যপাললৈ প্ৰেৰণ কৰিব। এই বিধেয়কত ৰাজ্যপালে স্বাক্ষৰ কৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব লাগিব আৰু ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেহে ই আইনলৈ ৰূপান্তৰিত হ’ব।উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ চৰকাৰে এনে দুখন বিধেয়ক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল, যি এতিয়াও ৰাষ্ট্ৰপতিৰ ওচৰতে আছে।

৯ আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পাতালত কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত বহু লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে যদিও কেৱল মাত্ৰ এজন অভিযুক্তহে গ্ৰেপ্তাৰ হৈছে। বৰ্তমান ন্যায়িক জিম্মাত আছে অভিযুক্ত সঞ্জয় ৰয়। এই গোচৰ সন্দৰ্ভত চিবিআইয়ে বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। উত্থাপিত হৈ অহা অভিযোগ অনুসৰি এই গোচৰৰ তদন্তৰ সময়ত কলকাতা আৰক্ষীয়ে বহু গাফিলতি কৰিছে।