কলকাতা কাণ্ডঃ কেবিনেটত অনুমোদন “মৃত্যুদণ্ড বিধেয়ক”ৰ, এইবাৰ কি অংক মমতাৰ?
কলকাতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাৰ ন্যায় আৰু দোষীৰ বাবে শাস্তি বিচাৰিছে প্ৰতিবাদকাৰীসকলে। তাৰ মাজতে মমতা বেনাৰ্জীৰ চৰকাৰে ভিত্তিহীন এখন আইন আনি কি অংক মিলাব বিচাৰিছে সেয়া সময়ত গ'ম পোৱা যাব।

কলকাতা আৰ জি কৰ হাস্পাতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মমতা বেনাৰ্জী চৰকাৰ। দেশৰ বিভিন্ন প্ৰান্তত এই কাণ্ডৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে। একাংশই দাবী কৰিছে যে মমতা বেনাৰ্জী চৰকাৰে অভিযুক্তক ৰক্ষণা- বেক্ষণ দিয়াৰ চেষ্টা কৰি আছে। ইয়াৰ মাজতে মমতা বেনাৰ্জী চৰকাৰে দোষীক শাস্তি প্ৰদান কৰিবলৈ নতুন আইন অনাৰ যো- জা কৰিছে।
ধৰ্ষণৰ দোষীৰ বাবে মৃত্যুদণ্ডৰ বিধেয়ক উত্থাপন কৰিবলৈ কেবিনেটৰ অনুমোদন লাভ কৰিছে পশ্চিম বংগ চৰকাৰে। এই বিধেয়কখন বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশনত গৃহীত হ’ব। ইয়াৰ পিছত এই বিধেয়কখন ৰাজ্যপালৰ ওচৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব। বুধবাৰে এখন ৰাজহুৱা সভাত মমতা বেনাৰ্জীয়ে কৈছিল যে অহা সপ্তাহত বিধানসভাৰ দুদিনীয়া বিশেষ অধিবেশন অনুষ্ঠিত কৰা হ’ব।
এই বিধেয়কত ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ডৰ ব্যৱস্থা আছে। ইয়াৰ মূল উদ্দেশ্য হৈছে গোচৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা। মমতা বেনাৰ্জীৰ চৰকাৰে ১০ দিনৰ ভিতৰত দোষীক মৃত্যুদণ্ড দিয়াৰ কৰা উল্লেখ কৰিছিল। ইতিমধ্যে কেবিনেট বৈঠকত বিধেয়কখনৰ খচৰাত অনুমোদন জনোৱা হৈছে। ইয়াৰ পাছতে ২ আৰু ৩ ছেপ্টেম্বৰত বিধেয়কখন বিধানসভাৰ বিশেষ অধিবেশনত গৃহীত কৰা হ’ব।
বিধেয়কৰ খচৰাত কি কি আছে
১)ধৰ্ষণ, ধৰ্ষণ আৰু হত্যাকাণ্ড গোচৰৰ ক্ষীপ্ৰ বিচাৰ প্ৰক্ৰিয়া।
২)সোনকালে ভুক্তভোগী আৰু অভিযুক্তৰ চিকিৎসা পৰীক্ষা।
৩) দোষী প্ৰমাণ হলে মৃত্যুদণ্ড
কলকাতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা অৰুণাভ ঘোষৰ মতে ৰাজ্যত মৃত্যুদণ্ড আইন অনাৰ বাবে ৰাজ্য চৰকাৰৰ হাতত কোনো ব্যৱস্থা নাই। কেৱল লোকসভা আৰু ৰাজ্যসভাৰ জৰিয়তে এই কাম কৰিব পাৰি। ইয়াক উচ্চতম ন্যায়ালয়ে বাতিল কৰিবও পাৰে। মমতা বেনাৰ্জীয়ে কেৱল ৰাজনীতিৰ বাবে এনে কাম কৰি আছে। এই বিধেয়কখনৰ বৈধতা নাই। ইয়াৰ ফলত কেৱল মমতা বেনাৰ্জী চৰকাৰ লাভান্বিত হ’ব।
উল্লেখ্য যে, এই বিধেয়কত স্বাক্ষৰ নকৰিল ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে। বিগত কেইটামান দিনত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত মমতা বেনাৰ্জীৰ চৰকাৰৰ স্থিতিক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে। কলকাতা আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ লগতে মমতা বেনাৰ্জীৰ চৰকাৰৰ বিৰুদ্ধেও বহু অভিযোগ উঠিছে। আনকি ভুক্তভোগীৰ পৰিয়ালে মমতা বেনাৰ্জীৰ ওপৰত আস্থা নাই বুলি উল্লেখ কৰিছিল। একাংশই কৈছিল যে মমতা বেনাৰ্জীৰ চৰকাৰে দোষীক ৰক্ষণা- বেক্ষণ দিয়াৰ কাম কৰি আছে।
৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পাতালত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ দেশ প্ৰতিবাদত উত্তাল হৈ পৰিছিল। এতিয়াও একাংশ কনিষ্ঠ চিকিৎসকে কৰ্তব্য সম্পন্ন কৰাৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰি আছে। মমতা বেনাৰ্জীয়ে চিকিৎসকসকলক কামলৈ উভতিবলৈ অনুৰোধ কৰিছে যদিও এই কথা মানি লোৱা নাই তেওঁলোকে। এই ঘটনাৰ ন্যায় আৰু দোষীৰ বাবে শাস্তি বিচাৰিছে প্ৰতিবাদকাৰীসকলে। তাৰ মাজতে মমতা বেনাৰ্জীৰ চৰকাৰে ভিত্তিহীন এখন আইন আনি কি অংক মিলাব বিচাৰিছে সেয়া সময়ত গ’ম পোৱা যাব।