গুৱাহাটীত মণিপুৰৰ কুকি বিধায়ক, সংগঠনৰ প্ৰতিনিধিৰ ৰুদ্ধদ্বাৰ বৈঠক…
গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ল মণিপুৰৰ কেইবাজনো কুকি বিধায়কৰ লগতে কেইবাটাও সংগঠনৰ প্ৰতিনিধি আৰু অভিযান স্থগিত ৰখা কুকি উগ্ৰপন্থী সংগঠনৰ প্ৰতিনিধি। সূত্ৰ খবৰ অনুসৰি, শুকুৰবাৰে গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ মণিপুৰত শান্তি বজাই ৰখাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে।

মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠক । বৈঠকত মিলিত হ’ল মণিপুৰৰ কেইবাজনো কুকি বিধায়কৰ লগতে কেইবাটাও সংগঠনৰ প্ৰতিনিধি আৰু অভিযান স্থগিত ৰখা কুকি উগ্ৰপন্থী সংগঠনৰ প্ৰতিনিধি। সূত্ৰ খবৰ অনুসৰি, শুকুৰবাৰে গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ মণিপুৰত শান্তি বজাই ৰখাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে।
সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ৰুদ্ধদ্বাৰ বৈঠকৰ বাবে বুধবাৰ আৰু বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল মণিপুৰৰ কুকি জনগোষ্ঠীৰ প্ৰতিনিধিসকল । শুকুবাৰে এখন বিশেষ হোটেলত অনুষ্ঠিত হৈছিল বৈঠক। যিখন হোটেলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই ।
পিটিআইৰ প্ৰতিবেদন অনুসৰি, “এই ৰুদ্ধদ্বাৰ বৈঠকত তেওঁলোকে কি আলোচনা কৰিছে সেয়া সঠিকভাৱে জনাটো কঠিন। অৱশ্যে তেওঁলোকৰ এজনে জনাইছিল যে, তেওঁলোকে মূলতঃ এটা কথাত আলোচনা কৰিব, সেয়া হৈছে মণিপুৰৰ কুকি-জো জনগোষ্ঠীৰ বাবে পৃথক প্ৰশাসন ।” মণিপুৰৰ ভিতৰত সুকীয়া প্ৰশাসনৰ দাবীৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰৰ আগত নিজৰ যুক্তি কেনেদৰে দাঙি ধৰিব পাৰি সেই বিষয়েও আলোচনা কৰা বুলি অনুমান কৰা হৈছে বুলি সূত্ৰটোৱে উল্লেখ কৰিছে ।
“ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত ৰাজ্যখনত ক্ৰমান্বয়ে শান্তি ঘূৰি আহিছে। পৰৱৰ্তী পদক্ষেপ হ’ল মণিপুৰত স্থায়ী শান্তি অক্ষুণ্ণ ৰখা। সেয়ে এতিয়া সকলো পক্ষই ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছে।” আন এটা সূত্ৰই এইদৰে জানিবলৈ দিছে ।
ইফালে, অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই বৈঠকৰ কথা নিশ্চিত কৰে যদিও প্ৰশাসনক অৱগত নকৰাকৈয়ে এই বৈঠক অনুষ্ঠিত কৰা বুলি কয়। “আমি যোৱা সন্ধিয়া বৈঠকৰ বিষয়ে জানিব পাৰিলোঁ, কিন্তু তেওঁলোকে আমাক খবৰ দিয়া নাছিল । আমাৰ তথ্য অনুসৰি, প্ৰায় ১৫ জন লোকে নিজৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত আলোচনা কৰিছে।” এইদৰে পিটিআইক জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদৰ পৰা পদত্যাগ কৰাৰ কিছুদিন পিছতে ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিছিল কেন্দ্ৰই। প্ৰকাশিত তথ্য অনুসৰি, ২০২৩ চনৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু পাহাৰীয়া কুকি-জো গোটৰ মাজত হোৱা জাতিগত হিংসাত ২৬০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলে অধিকাংশই ইম্ফল উপত্যকাত বাস কৰে। ৪০ শতাংশতকৈ অধিক জনজাতীয় নগা আৰু কুকিসকল পাহাৰীয়া জিলাত বাস কৰে।
INPUT-PTI