শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বন্ধুৰ নামত কলংক! প্ৰথমে যুৱতীক ছুৰীৰে আক্ৰমণ, পাছত গেছৰ পাইপ উলিয়াই কৰিলে ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। এগৰাকী যুৱতীৰ প্ৰাণ ল'লে এজন যুৱকে। এই কাণ্ডৰ পাছতে যুৱকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

বন্ধুৰ নামত কলংক! প্ৰথমে যুৱতীক ছুৰীৰে আক্ৰমণ, পাছত গেছৰ পাইপ উলিয়াই কৰিলে ভয়ংকৰ কাণ্ড…
যুৱতীগৰাকী আৰু সুৰযImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 16 May 2025 15:33 PM

বিশ্বাস ,সম্পৰ্ক আদি আজিকালিৰ সময়ত মাথোঁ ফুটুকাৰ ফেন! কাক বিশ্বাস কৰিব পাৰি? বন্ধুত্ব এক আন্তৰিক সম্পৰ্ক বুলি গণ্য কৰা হয়। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক জঘন্য ঘটনাই এই সম্পৰ্কৰ ওপৰতো প্ৰশ্নবোধক তুলিব। ঘটনাৰ বিৱৰণী অনুসৰি এজন যুৱকে সঞ্জনা নামৰ এগৰাকী যুৱতীৰ ঘৰত প্ৰৱেশ কৰি অতি নৃশংসভাৱে হত্যা কৰে। অভিযুক্তই যুৱতীগৰাকীৰ ডিঙি কাটি পেলোৱাৰ লগতে শৰীৰৰ বিভিন্ন স্থানত প্ৰহাৰ কৰে। ইয়াৰ পাছত গেছৰ পাইপ উলিয়াই জুই লগাই জীৱন্তে মাৰি পেলায়। বৃহস্পতিবাৰে নিশা বিহাৰৰ পাটনাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে ২৮ বছৰীয়া যুৱতীগৰাকীৰ বন্ধু সুৰয কুমাৰৰ বিৰুদ্ধে। এই হত্যাকাণ্ডৰ পাছতে সুৰয পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই।

তথ্য অনুসৰি জানিব পৰা মতে, সঞ্জনা কুমাৰী নামৰ যুৱতীগৰাকী মূলতঃ মুজফ্ফাৰ নগৰৰ বাসিন্দা। কিন্তু চাকৰিৰ সূত্ৰে তেওঁ ভাড়াঘৰত অকলে বাস কৰিছিল। সঞ্জনাই মুজাফ্ফৰপুৰৰ এমডিডিএম কলেজৰ পৰা বিবিএ কৰিছিল আৰু বিহাৰত চিজিএল (কম্বাইণ্ড গ্ৰেজুৱেট লেভেল) ত চাকৰি লাভ কৰিছিল। অহা মাহত চাকৰিত যোগদান কৰাৰ কথা আছিল যুৱতীগৰাকীৰ। তেওঁৰ পিতৃ খেতিয়ক হোৱাৰ বিপৰীতে দুই ভাতৃয়ে ভাল চাকৰি কৰে।

আৰক্ষীৰ মতে, ১৫ মে’ৰ দুপৰীয়া ১ মান বজাত মুজফ্ফাৰ নগৰৰ বাসিন্দা সুৰযে যুৱতীগৰাকীৰ সৈতে ভাড়াঘৰটোলৈ গৈছিল। দুয়ো ভাল বন্ধু আছিল। কিন্তু কোনো কথাক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। এই কাজিয়াৰ পৰিণতিতে সুৰযে পাকঘৰৰ পৰা ছুৰী আনি যুৱতীগৰাকীৰ পিঠি, ডিঙি আৰু পেটত প্ৰহাৰ কৰে। ইয়াৰ লগে লগে তেজেৰে লুতুৰী-পুতুৰী হৈ পৰে যুৱতীগৰাকী। ইয়াতে ক্ষান্ত নাথাকি সুৰযে গেছ ছিলিণ্ডাৰ আনি প্ৰথমে পাইপডাল কাটে আৰু পাছত লিক হোৱা গেছৰ সহায়ত যুৱতীগৰাকীক জীৱন্তে জ্বলাই দিয়ে। এই ভয়ংকৰ ঘটনা সংঘটিত কৰি সুৰয প্ৰায় ৩ মান বজাত ঘৰটোৰ পৰা ওলাই যায়।

প্ৰথম অৱস্থাত এই ঘটনাৰ বিষয়ে কোনোৱে জানিব পৰা নাছিল। কিন্তু ফ্লেটটোত কাম কৰা মহিলাগৰাকী সেই স্থানত উপস্থিত হোৱাৰ পাছত এই কথা পোহৰলৈ আহে। লগে লগে তেওঁ স্থানীয় লোকক ঘটনাৰ বিষয়ে জনায়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ফ্লেটটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দেখিছে যে কান্ধত বেগ লৈ সুৰয ওলাই গৈছে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে এই হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা  যাব কিয় এই হত্যাকাণ্ড সংঘটিত হ’ল। ইফালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে, লগতে উচিত ন্যায়ৰ দাবী জনাইছে।

 

 

অন্য খবৰ পঢ়কঃ লজ্জিত সভ্য সমাজ! ১৩ বছৰীয়া ছাত্ৰই গৰ্ভৱতী কৰালে শিক্ষয়িত্ৰীক, আদালতে দিলে এই আদেশ…