শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ পৰা আইচিটি শিক্ষকৰ পাৰিশ্ৰমিক বৃদ্ধিলৈকে, চাওক কেবিনেটৰ সিদ্ধান্তসমূহ…

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, আমূলক ১ লাখ লিটাৰ বা দিন ক্ষমতাৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । ইয়াৰ লগতে আইচিটি শিক্ষকসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । তদুপৰি আজি কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে চাওঁ আহক ।

দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ পৰা আইচিটি শিক্ষকৰ পাৰিশ্ৰমিক বৃদ্ধিলৈকে, চাওক কেবিনেটৰ সিদ্ধান্তসমূহ…
ৰাজ্যিক কেবিনেট বৈঠক
manas-borah
Manas Borah | Published: 16 May 2025 19:29 PM

শুকুবাৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটে লোৱা সিদ্ধান্তসমূহ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেবিনেটৰ সিদ্ধান্ত অনুসৰি, আমূলক ১ লাখ লিটাৰ বা দিন ক্ষমতাৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । ইয়াৰ লগতে আইচিটি শিক্ষকসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । তদুপৰি আজি কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে তলত উল্লেখ কৰা হ’ল ।

অসম কেবিনেটৰ সিদ্ধান্তসমূহ

  1. ৰাজ্যখনৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰখনক অধিক আগুৱাই নিয়াৰ স্বাৰ্থত কেবিনেটে ৰাণীস্থিত ফার্ম মেনেজমেন্ট প্রতিষ্ঠানৰ ২০ বিঘা ভূমি আমুলক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে । আমুলে ১ লাখ লিটাৰ প্ৰতিদিন উৎপাদন ক্ষমতাসম্পন্ন এটি বিশ্বমানৰ দুগ্ধ সংসাধন গোট প্রায় ৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব, এই ব্যয় ১৫০ কোটিলৈ বৃদ্ধি হ’ব পাৰে বুলি আশা কৰিছে ৰাজ্যিক কেবিনেটে । কোৱা হৈছে যে, এডভান্টেজ আছাম-২.০ৰ বুজাবুজিৰ চুক্তি অনুসৰি স্থাপন হ’বলগীয়া এই প্রকল্পটোৱে প্রায় ২০,০০০ দুগ্ধ উৎপাদকক লাভান্বিত কৰিব ।
  2. কেবিনেটে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখত নির্বাচিত জিলাত অক্টোবৰ ২০২৫ৰ পৰা আৰু বাকী সকলো জিলাতে নৱেম্বৰ ২০২৫ৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীক বিতৰণ কৰিবলৈ অনুমোদন জনাইছে । প্রত্যেকবিধ সামগ্রী সুকীয়া পেকেটত প্ৰদান কৰা হ’ব যাতে গ্রহকে নিৰ্বাচন কৰি সামগ্রী ক্ৰয় কৰিব পাৰে । একেদৰে ৰাজসাহায্যৰ পাছত মচুৰ দাইল – ৬৯ টকা, চেনি – ৩৮ টকা আৰু নিমখ দাম হ’ব ১০ টকা ।
  3. অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে কেবিনেটে আইআইপিএৰ অধীনত ২টাকৈ প্ৰস্তাৱক অনুমোদন জনাইছে । এই প্ৰস্তাৱৰ মুঠ বিনিয়োগ ৪৫৭.৯৮ কোটি আৰু প্রায় ১০০০ নিয়োগৰ সুযোগ সৃষ্টি আশা প্ৰকাশ কৰিছে কেবিনেটে ।
  4. ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত ১,৩১৩ অংশকালীন আই চি টি শিক্ষকৰ মাহিলি পাৰিশ্ৰমিক চলিত বৰ্ষৰ অক্টোবৰ পৰা ২০,০০০ টকালৈ বৃদ্ধিত অনুমোদন জনাইছে কেবিনেটে । কেবিনেটে শিক্ষকসকলৰ ৬০ বছৰ বয়সলৈ সেৱাৰ নিশ্চয়তা বৃদ্ধি কৰাত অনুমোদন দিছে। যাৰ জৰিয়তে তেওঁলোক মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা, ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ আঁচনিৰ বাবে বিবেচিত হ’ব ।