IPL ২০২৫ৰ দ্বিতীয়াংশত কপাল ফুলিল এইকেইজন তাৰকাৰ…

16 MAY 2025

TV9 ASSAM

ভাৰত-পাক সংঘাতৰ বাবে এসপ্তাহ স্থগিত ৰখাৰ পিছত ১৭ মে’ অৰ্থাৎ কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল ২০২৫।

IPL ২০২৫

প্ৰতিযোগিতাৰ দ্বিতীয়াংশত এতিয়া নানা কাৰণত বাদ পৰিছে কেইবাগৰাকীও খেলুৱৈ। তেওঁলোকৰ স্থানত আই পি এল খেলাৰ সুযোগ লাভ কৰিছে আন কেইজনমান খেলুৱৈয়ে।

নতুন খেলুৱৈ

প্লে’ অফৰ দৌৰত থকা পঞ্জাৱৰ পৰা আঘাতৰ বাবে বাহিৰ হৈছে লকি ফাৰ্গুচন আৰু গ্লেন মেক্সৱেল। তেওঁলোকৰ স্থানত দলটোত দেখা যাব কাইল জেমিছনক আৰু মিচেল ওৱেনক।

পঞ্জাৱ কিংছ

শীৰ্ষস্থানত থকা গুজৰাটৰ গুৰুত্বপূৰ্ণ সদস্য জ’ছ বাটলাৰ জাতীয় দলৰ দায়িত্বৰ বাবে উপলব্ধ নহ’ব। তেওঁৰ স্থানত দলটোত দেখা যাব শ্ৰীলংকাৰ কুশল মেণ্ডিছক।

গুজৰাট টাইটানছ

কঁকালৰ আঘাতৰ বাবে বাদ পৰিছে মায়াংক যাদৱ। এনে পৰিস্থিতিত লক্ষ্ণৌৱে দলত অন্তৰ্ভুক্ত কৰিছে কিৱি পেচাৰ উইলিয়াম অ’ৰ’ৰ্কেক।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

জাতীয় দলৰ দায়িত্ব পালনৰ বাবে উইল জেকছ আৰু ৰিয়ান ৰিকেল্টন নিজ দেশলৈ উভতাৰ বাবে মুম্বাইয়ে ক্ৰমে জনী বেয়াৰষ্ট’ আৰু ৰিচাৰ্ড গ্লিছনক দলত অন্তৰ্ভুক্ত কৰিছে।

মুম্বাই ইণ্ডিয়ানছ

দিল্লীত এতিয়া দেখা নাযাব জেক ফ্ৰেজাৰ মেকগুৰ্কক। তেওঁৰ স্থানত দিল্লীয়ে এতিয়া দললৈ আনিছে বাংলাদেশৰ অভিজ্ঞ পেচাৰ মুস্তাফিজুৰ ৰহমানক।

দিল্লী কেপিটেলছ

পঢ়িবলৈ ক্লিক কৰক 

১২৩ খন টেষ্টলৈকে শচীন-কোহলীৰ তুলনা