শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অনুৰাগীৰ আশাত চেঁচাপানী! কাইলৈও নহ’ব নেকি আই পি এলৰ মেচ?

ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বিচিচিআইয়ে আই পি এল পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু সেই অনুসাৰে ১৭ মে’, অৰ্থাৎ কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব এই প্ৰতিযোগিতা। পিছে আই পি এলৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অনুৰাগীসকলৰ আশাত কাইলৈ চেঁচাপানী পৰাৰ সম্ভাৱনাই দেখা দিছে। কিয় দেখা দিছে এই আশংকাই?

অনুৰাগীৰ আশাত চেঁচাপানী! কাইলৈও নহ’ব নেকি আই পি এলৰ মেচ?
কাইলৈ বাতিল হ’ব নেকি মেচ!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 16 May 2025 18:38 PM

ক্ৰিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত পৰিবলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী। প্ৰায় সপ্তাহজোৰা বিৰতিৰ পিছত পুনৰ আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে আই পি এল ২০২৫। ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত যোৱা ৯ মে’ত স্থগিত ৰখা হৈছিল প্ৰতিযোগিতাখন। অৱশ্যে দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বিচিচিআইয়ে প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু প্ৰকাশ কৰিছিল নতুন সূচী। সেই অনুসাৰে ১৭ মে’, অৰ্থাৎ কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব এই প্ৰতিযোগিতা।

পিছে আই পি এলৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অনুৰাগীসকলৰ আশাত কাইলৈ চেঁচাপানী পৰাৰ সম্ভাৱনাই দেখা দিছে। কিয় দেখা দিছে এই আশংকাই? বিচিচিআইয়ে প্ৰকাশ কৰা সূচী অনুসৰি কাইলৈ প্ৰথমখন মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। প্লে’ অফত প্ৰৱেশৰ দিশৰ পৰা দুয়োটা দলৰ বাবেই এই মেচখন হৈ পৰিছে অত্যন্ত প্ৰয়োজনীয়।

কিন্তু এতিয়া এই মেচখন বাতিল হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত হ’বলগা কাইলৈৰ এই মেচখনৰ সময়ত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কাইলৈ বাংগালুৰুত বৰষুণৰ সম্ভাৱনা প্ৰায় ৬৫%। খেলৰ সময়ত যদি বৰষুণ হয়, তেতিয়া মেচখন বাতিল কৰা হ’ব পাৰে। ইয়াৰ ফলত এফালে অনুৰাগীৰ অপেক্ষা দীঘলীয়া হোৱাৰ সমান্তৰালকৈ দল দুটাও কিছু সমস্যাত পৰিব।

বিশেষকৈ বৰষুণৰ বাবে যদি মেচ বাতিল হয়, অধিক সমস্যাত পৰিব কলকাতা। এইপৰ্যন্ত দলটোৱে ১২খন মেচত ১১ পইণ্টেৰে ষষ্ঠ স্থানত আছে। কাইলৈ মেচ বাতিল হ’লে কলকাতাই এক পইণ্ট লাভ কৰিব আৰু ইয়াৰ ফলস্বৰূপে দলটোৰ প্লে’ অফৰ যাত্ৰাও অন্ত পৰিব। আনহাতে আৰচিবিৰ বাবে অৱশ্যে তাৰ পিছতো সুযোগ থাকিব। দলটোৱে এতিয়ালৈকে ১১খন মেচত ১৬ পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয় স্থানত আছে।

কাইলৈ মেচ বাতিল হ’লে এক পইণ্ট লাভেৰে প্লে’ অফৰ দিশত প্ৰায় আগবাঢ়িব আৰচিবি। তাৰ পিছতো দলটোৱে আন দুখন মেচ খেলাৰ সুযোগ লাভ কৰিব। পিছে এই সমীকৰণতকৈও এতিয়া ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ওপৰতহে। সেয়ে যিকোনো প্ৰকাৰে কাইলৈ মেচখন অনুষ্ঠিত হোৱাৰে আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে।