শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এনে পৰিস্থিতিত ইউক্ৰেইনলৈ আহিম বুলি কল্পনা কৰা নাছিলোঁ: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপৰ সময়ত আৰু কি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ভ্ৰমণকালত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ কথাও আলোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে ভাৰত এখন নিৰপেক্ষ দেশ নহয়। ভাৰতৰ পক্ষ হৈছে শান্তি। চকুত চকু থৈ সংবাদ মাধ্যমৰ সন্মুখত পুটিনক কৈছিলোঁ যে এয়া যুদ্ধৰ সময় নহয়।

এনে পৰিস্থিতিত ইউক্ৰেইনলৈ আহিম বুলি কল্পনা কৰা নাছিলোঁ: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপৰ সময়ত আৰু কি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
trishna-kalita
Trishna Kalita | Published: 23 Aug 2024 20:45 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনীয়া ভ্ৰমণসূচীৰে ইউক্ৰেইনলৈ গৈছে। তেওঁক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে উষ্ম আদৰণি জনাইছিল। দুয়োজন নেতাৰ মাজত বহুতো বিষয়ত আলোচনা হৈছিল। ইয়াৰ পাছতে ভাৰত আৰু ইউক্ৰেইনৰ ৪খন চুক্তি স্বাক্ষৰিত হয়। য’ত কৃষি, খাদ্য উদ্যোগ, ঔষধ, সংস্কৃতি আৰু মানৱ সেৱাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় আছে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত হোৱা বেছিভাগ আলোচনা ইউক্ৰেইনৰ যুদ্ধক লৈ হৈছিল। এই তথ্য দিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।

প্ৰধানমন্ত্ৰীয়ে জেলেনস্কিক কোৱা ১০টা গুৰুত্বপূৰ্ণ কথা কি জানো আহক..

  • প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ২০২১ চনত আপুনি ইউক্ৰেইনলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। কল্পনা কৰা নাছিলোঁ যে এনে পৰিস্থিতিত ইউক্ৰেইনলৈ আহিব লাগিব।
  • প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ আৰম্ভণিতে ভাৰতীয় শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাত সহায় কৰাৰ বাবে ইউক্ৰেইনক ধন্যবাদ জ্ঞাপন কৰে।
  • প্ৰধানমন্ত্ৰীয়ে কয়, ইউক্ৰেইনৰ ভূমিলৈ শান্তিৰ বাৰ্তা আনিছোঁ।
  • শান্তিৰ বাবে ব্যক্তিগতভাৱে কিবা কৰিব পৰিলেও, এজন বন্ধু হিচাপে কৰিম।
  • ভাৰত এখন নিৰপেক্ষ দেশ নহয়। ভাৰতৰ পক্ষ হৈছে শান্তি।
  • শিশুসকলৰ স্মাৰকস্থল দেখি মোৰ হৃদয় ভৰি পৰিছে।
  • চকুত চকু থৈ সংবাদ মাধ্যমৰ সন্মুখত পুটিনক কৈছিল যে এইটো যুদ্ধৰ সময় নহয়।
  • মই বুদ্ধৰ দেশৰ পৰা আহিছোঁ।
  • প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ দুটা দৃষ্টিভংগী আছে। প্ৰথমটো হ’ল মানৱ সেৱা আৰু দ্বিতীয়টো হ’ল যুদ্ধৰ পৰা আঁতৰি থকা।
  • ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে জেলেনস্কিক কয় যে মানৱ সেৱাৰ বাবে ভাৰত সদায় ইউক্ৰেইনৰ সৈতে থিয় হৈ আছে।

মোৰ ইউক্ৰেইন ভ্ৰমণ ঐতিহাসিক আছিল: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইন ভ্ৰমণ সম্পৰ্কে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কেইবাটাও পোষ্ট কৰিছে। এটা পোষ্টত তেওঁ লিখিছে, “মোৰ ইউক্ৰেইন ভ্ৰমণ ঐতিহাসিক আছিল। মই ইয়ালৈ ভাৰত-ইউক্ৰেইনৰ মাজত বন্ধুত্ব গভীৰ কৰিবলৈ আহিছো। ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ফলপ্ৰসূ বাৰ্তালাপ হৈছে। ভাৰত সদায় শান্তিৰ পক্ষত আছিল। শান্তি সদায় বিৰাজমান হৈ লাগে। মই ইউক্ৰেইনৰ চৰকাৰ আৰু লোকসকলক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জনাইছোঁ।”

 

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণত ভাৰত আৰু ইউক্ৰেইনৰ মাজত ৪খন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। য’ত কৃষি, খাদ্য উদ্যোগ, ঔষধ, সংস্কৃতি আৰু মানৱ সেৱাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত হৈ আছে।