মানৱ সেৱাৰ পৰা ঔষধলৈ… ! ভাৰত আৰু ইউক্ৰেইনৰ মাজত স্বাক্ষৰিত হ’ল ৪খন বুজাবুজি চুক্তি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ সময়তে ভাৰত আৰু ইউক্ৰেইনৰ মাজত ৪খন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ইউক্ৰেইনমন্ত্ৰীৰ মাজত প্ৰথম বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। য'ত মানৱ সেৱা, দ্বিতীয় বুজাবুজি চুক্তিত কৃষি, খাদ্য আৰু তৃতীয়খনত সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰিত হৈছে।

বৰ্তমান ইউক্ৰেইন ভ্ৰমণত ব্যস্ত আছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী । ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত ভাৰত আৰু ইউক্ৰেইনৰ মাজত ৪খন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ মন্ত্ৰীৰ মাজত মানৱীয় সহায়ৰ ক্ষেত্ৰত প্ৰথম বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। আন তিনিখন বুজাবুজি চুক্তিভাৰত চৰকাৰৰ সচিব আৰু ইউক্ৰেইন চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলৰ মাজত স্বাক্ষৰিত হৈছিল।
প্ৰথম বুজাবুজি চুক্তিত অন্তৰ্ভুক্ত আছে মানৱ সেৱাৰ, দ্বিতীয়খন কৃষি, খাদ্য আৰু তৃতীয়খন সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰত । চতুৰ্থ বুজাবুজি চুক্তিখন ঔষধক লৈ স্বাক্ষৰিত হৈছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইন ভ্ৰমণলৈ যোৱাৰ সময়ত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণত সমগ্ৰ বিশ্বই দৃষ্টি নিক্ষেপ কৰিছে। ১৯৯১ চনত ইউক্ৰেইনে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতাৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইটো প্ৰথম ইউক্ৰেইন ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদী এনে এক সময়ত ইউক্ৰেইনত উপস্থিত হৈছে যেতিয়া ইউক্ৰেনে ৰাছিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক সামৰিক অভিযান আৰম্ভ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। তেওঁৰ সৈতে হাত মিলাইছিল আৰু আলিংগন কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে। মন্ত্ৰালয়ে কৈছে যে সংঘৰ্ষত প্ৰাণ হেৰুওৱা শিশুসকলৰ স্মৃতিত স্থাপন কৰা মাৰ্মিক প্ৰদৰ্শনী দেখি প্ৰধানমন্ত্ৰী আৱেগিক হৈ পৰিছিল।
তেওঁ ইয়াৰ বাবে শোক প্ৰকাশ কৰিছিল। নিহত শিশুসকলক স্মৰণ কৰি তেওঁলোকৰ স্মৃতিত তাত এটা পুতলা থৈছিল।
জেলেনস্কি সৈতে হোৱা বাৰ্তালাপৰ পূৰ্বে কিয়েভৰ শান্তি উদ্যানৰ মৰুদ্যানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মন্ত্ৰালয়ে কৈছে প্ৰধানমন্ত্ৰীয়ে এক সুসংগত সমাজ গঢ়াৰ ক্ষেত্ৰত গান্ধীৰ শান্তিৰ বাৰ্তাৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে কিয়েভত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছিল, “আজি ৰাতিপুৱা কিয়েভত উপস্থিত হৈছোঁ। প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনাইছে।”
প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, “প্ৰধানমন্ত্ৰী আজি ৰাতিপুৱা কিয়েভত উপস্থিত হৈছে। আমি এইমাত্ৰ তেওঁলোকৰ আনুষ্ঠানিক সভা সমাপন কৰিছোঁ। এয়া এক ঐতিহাসিক ভ্ৰমণ। ১৯৯২ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ইউক্ৰেইন ভ্ৰমণ।
তেওঁ আকৌ কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে এখন বিশেষ ৰে’লযোগে ৰাতিপুৱা তাত উপস্থিত হৈছিল। তেওঁক উপ-বৈদেশিক মন্ত্ৰীয়ে কিয়েভ ৰে’ল ষ্টেচনত আদৰণি জনাইছে। ইউক্ৰেইন ভ্ৰমণৰ অন্তিম কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে হিন্দী অধ্যয়ন কৰি থকা ইউক্ৰেইনৰ শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিছে।”