“দ্বিপাক্ষিক বিষয়ক লৈ সুন্দৰ আলোচনা হ’ল”, ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতে পুটিনৰ সৈতে বাৰ্তালাপ মোদীৰ
চলিত মাহৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণৰ কথা। ইয়াৰ পূৰ্বে শুকুৰবাৰে পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

ইতিমধ্যে ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্কক লৈ অব্যাহত আছে ব্যাপক চৰ্চা। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে জৰিমনাকে ধৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পৰিস্থিতিত ভাৰতৰ কাষত থিয় দিছে ৰাছিয়া। চলিত মাহৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণৰ কথা। ইয়াৰ পূৰ্বে শুকুৰবাৰে পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।
মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “পুটিনৰ সৈতে অতি সুন্দৰ আৰু বিশদ আলোচনা হৈছিল। তেওঁ মোক ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল, যাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। দ্বিপাক্ষিক বিষয়সমূহৰ পৰ্যালোচনা কৰা হৈছিল।”
তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ কথাও আলোচনা কৰা হয়। পুটিন ভাৰতলৈ আহিব, আৰু মোদীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে যে পুটিনক আদৰণি জনোৱাৰ বাবে তেওঁ কিমান আগ্ৰহী।
ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজধানী মস্কোত পুটিনক সাক্ষাৎ কৰে। মন কৰিবলগীয়া যে বুধবাৰে ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ জৰিমনা বিহিছিল। ইতিমধ্যে ২৫ শতাংশ শুল্ক আৰোপ কৰা আছিল। ছ’চিয়েল মিডিয়াত এটা পোষ্টত ট্ৰাম্পে লিখিছে, “আমি ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছো। এইটোৱেই কাৰণ নেকি নাজানো, কিন্তু আজি ৰাছিয়াৰ সৈতে আমাৰ আলোচনা অতি ফলপ্ৰসূ আছিল।”
ট্ৰাম্পে আৰোপ কৰা এই শুল্কৰ ফলত ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। ইয়াৰ দ্বাৰা তথ্য-প্ৰযুক্তি, ঔষধ, বস্ত্ৰ-জাতীয় সামগ্ৰী আৰু সেৱাৰ ওপৰত সামগ্ৰিক প্ৰভাৱ পৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিছত আমেৰিকাই ৰাছিয়াৰ আগ্ৰাসী নীতিৰ প্ৰতিবাদ কৰিছিল। আমেৰিকাই ৰাছিয়াৰ ওপৰত একাধিক নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ বাবেই ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় বজাৰত লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই পৰিস্থিতিত ভাৰতে পুনৰ ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। এই কাৰ্যত অসন্তুষ্ট আছিল ট্ৰাম্প।
এই মুহূৰ্তত ভাৰতে ৰাছিয়াৰ পৰা ৩৫ শতাংশ তেল আমদানি কৰে। ট্ৰাম্পৰ এই অতিৰিক্ত ‘শুল্ক শাস্তি’ৰ পিছতো মোদীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ ৰাছিয়াৰ পৰা দেশৰ সাধাৰণ জনতাৰ সুবিধাৰ্থে তেল আনিব। বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতিত পুটিনৰ সৈতে মোডীৰ ফোন কথোপকথন যথেষ্ট তাৎপৰ্যপূৰ্ণ।