শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১১ বছৰত ২৭ টা আন্তঃৰাষ্ট্ৰীয় সন্মান, ৮ খন ইছলামিক দেশে অসামৰিক সন্মান প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীক

১১ বছৰীয়া কাৰ্যকালত এই পৰ্যন্ত ২৭খন দেশে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদান কৰিছে। ২০১৬ চনৰ পৰা আৰম্ভ হৈছিল সন্মান লাভৰ ধাৰা। অৰ্থাৎ ৯ বছৰৰ ভিতৰতে এই ২৭টা সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

১১ বছৰত ২৭ টা আন্তঃৰাষ্ট্ৰীয় সন্মান, ৮ খন ইছলামিক দেশে অসামৰিক সন্মান প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীক
ট্ৰিনিদাদ আৰু টবাগ'ৰ অসামৰিক সন্মান গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰImage Credit source: X handle @PMOIndia
raj-saikia
Raj Saikia | Published: 10 Jul 2025 11:24 AM

দেশে-বিদেশে সমাদৃত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰ্তমানলৈকে বহু কেইটা সন্মানেৰে সন্মানিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। বহুকেইখন ৰাষ্ট্ৰই নিজ নিজ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰিছে নৰেন্দ্ৰ মোদীক। তেওঁ এই পৰ্যন্ত বিভিন্ন দেশৰ পৰা ২৭টা সন্মান লাভ কৰিছে।

ইয়াৰ লগত শেহতীয়াকৈ সংযোজন ঘটা নামটো হৈছে আফ্ৰিকাৰ দেশ নামিবিয়া। বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ’ প্ৰদান কৰা হয়। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ সময়ত তেওঁক এই সন্মান দিয়া হৈছিল।

উইণ্ডহ’কত অনুষ্ঠিত এক অনুষ্ঠানত নামিবিয়াৰ ৰাষ্ট্ৰপতি নেটুম্বো নন্দি-ণ্ডাইটুৱে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। উল্লেখ্য যে শেহতীয়াকৈ ৫ খন দেশ ভ্ৰমণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। নামিবিয়া আছিল তেওঁৰ ভ্ৰমণৰ অন্তিমখন দেশ। ২০১৪ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো তেওঁৰ ২৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু বৰ্তমানৰ বিদেশ ভ্ৰমণৰ সময়ত তেওঁক প্ৰদান কৰা চতুৰ্থটো সন্মান। একে সময়তে ২৪ ঘন্টাৰ ভিতৰত এয়া দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় সন্মান।

২০১৬ চনত আৰম্ভ হৈছিল এই ধাৰা

তেওঁৰ ১১ বছৰীয়া কাৰ্যকালত এই পৰ্যন্ত ২৭খন দেশে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদান কৰিছে। ২০১৬ চনৰ পৰা আৰম্ভ হৈছিল সন্মান লাভৰ ধাৰা। অৰ্থাৎ ৯ বছৰৰ ভিতৰতে এই ২৭টা সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ২০২৫ চনৰ ৬ মাহ সম্পূৰ্ণ হ’ল আৰু এই ৬ মাহত নৰেন্দ্ৰ মোদীয়ে লাভ কৰিছে ৭টা সন্মান। ইয়াৰ পূৰ্বে ২০২৩ আৰু ২০২৪ চনত ৬খন দেশৰ পৰা সন্মান লাভ কৰিছিল তেওঁ।

যোৱা কেইবছৰমানৰ পৰা প্ৰধানমন্ত্ৰী মোদীক মধ্যপ্ৰাচ্যৰ পৰা আৰম্ভ কৰি ইউৰোপ আৰু আফ্ৰিকালৈকে দেশসমূহে সন্মান জনাইছে। এই সন্মানৰ ভিতৰত আছে চৌদি আৰবে প্ৰদান কৰা ‘অৰ্ডাৰ অৱ কিং আব্দুল আজিজ’ আৰু আফগানিস্তানে দিয়া ‘অৰ্ডাৰ অৱ আমানুল্লাহ খান’। এই দুয়োটা সন্মান ২০১৬ চনত প্ৰদান কৰা হৈছিল। ২০১৮ চনত তেওঁক ‘অৰ্ডাৰ অৱ দ্য ষ্টেট অৱ পেলেষ্টাইন’, তাৰ পিছত ২০১৯ চনত মালদ্বীপত ‘অৰ্ডাৰ অৱ দ্য ডিষ্টিংচড ৰুল অৱ ইজ্জুদ্দিন’ আৰু সেই বছৰৰ শেষৰ ফালে বাহৰেইনে ‘কিং হামাদ অৰ্ডাৰ অৱ দ্য ৰেনেছাঁ’ সন্মান প্ৰদান কৰে।

২০২৩ চনত ইজিপ্তৰ ‘অৰ্ডাৰ অৱ দ্য নীল’ আৰু ফ্ৰান্সৰ ‘লিজিয়ন ডি অনাৰ’ সন্মান লাভ কৰে। এই ক্ৰম ২০২৪ চনতো অব্যাহত থাকিল যেতিয়া তেওঁ ছটা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰে।

৮ খন মুছলমান দেশৰ পৰা সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে সন্মান লাভ কৰা ২৭খন দেশৰ ভিতৰত ৮খন মুছলমান দেশ। এই দেশসমূহ হ’ল কুৱেইট, ইজিপ্ত, বাহৰেইন, মালদ্বীপ, সংযুক্ত আৰৱ আমিৰশ্বাহী, পেলেষ্টাইন, আফগানিস্তান, চৌদি আৰব।

কোন কোন দেশে প্ৰধানমন্ত্ৰী মোদীক সন্মান জনালে

  • ২০১৬ চন- চৌদি আৰব, আফগানিস্তান
  • ২০১৮- পেলেষ্টাইন
  • ২০১৯- বাহৰেইন, মালদ্বীপ, সংযুক্ত আৰৱ আমিৰশ্বাহী
  • ২০২০- আমেৰিকা
  • ২০২১- ভূটান
  • ২০২৩- গ্ৰীচ, ফ্ৰান্স, ইজিপ্ত, পালাউ, পাপুয়া নিউ গিনি, ফিজি
  • ২০২৪- কুৱেইট, গায়ানা, বাৰ্বাডোছ, নাইজেৰিয়া, ডমিনিকা, ৰাছিয়া
  • ২০২৫- নামিবিয়া, ব্ৰাজিল, ট্ৰিনিদাদ আৰু ট’বাগো, ঘানা, চাইপ্ৰাছ, শ্ৰীলংকা, মৰিচাছ

সৰ্বাধিক সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী

স্বাধীনতাৰ পিছত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দুটা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ বিপৰীতে ইন্দিৰা গান্ধীয়েও দুটা সন্মান লাভ কৰে। ড° মনমোহন সিঙেও প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত দুটা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ বিপৰীতে ৰাজীৱ গান্ধীয়ে কোনো সন্মান লাভ কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই সাফল্যৰ সন্দৰ্ভত বিজেপিয়ে কয় যে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও বিশ্ব পৰ্যায়ত ইমান গভীৰ প্ৰভাৱ পেলাব পৰা নাই। এয়া কেৱল এজন নেতাৰ কথা নহয়। ইয়াৰ দ্বাৰা বিশ্ব মঞ্চত ভাৰতৰ অৰ্থনৈতিক শক্তি, কৌশলগত স্পষ্টতা আৰু কূটনৈতিক দৃঢ়তাৰ উত্থান প্ৰতিফলিত হৈছে।