শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Sindoor: বিশ্বত পাকিস্তানৰ মুখা খুলি উভতিল সৰ্বদলীয় প্ৰতিনিধি দল, প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ

মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৭টা সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সন্ত্ৰাসবাদৰ বিষয়ত পাকিস্তানৰ ছবি সমগ্ৰ বিশ্বৰ আগত উদঙাই দি ভাৰতৰ স্থিতি সকলোৰে আগত দাঙি ধৰে।

Operation Sindoor: বিশ্বত পাকিস্তানৰ মুখা খুলি উভতিল সৰ্বদলীয় প্ৰতিনিধি দল, প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ
বিদেশৰ পৰা উভতা সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
barasha-misra
Barasha Misra | Updated On: 10 Jun 2025 22:04 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী বাসভৱনত (৭, লোক কল্যাণ মাৰ্গ) সাত সৰ্বদলীয় প্ৰতিনিধি দলটোৰ সদস্যসকলক সাক্ষাৎ কৰে। এই সময়ত সকলো সদস্যই বিভিন্ন দেশত হোৱা বৈঠকৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। প্ৰতিনিধি দলটোত বিভিন্ন দলৰ সাংসদ, প্ৰাক্তন সাংসদ আৰু ৰাজনৈতিবিদসকল উপস্থিত আছিল। যিয়ে পাকিস্তানৰ স্বৰূপ সমগ্ৰ বিশ্বৰ আগত উন্মোচন কৰিছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি বিশ্ববাসীৰ সৈতে আলোচনা কৰিছিল। অপাৰেচন সেন্দূৰৰ পিছত সৰ্বদলীয় প্ৰতিনিধি দলটোৱে ৩৩খন দেশ ভ্ৰমণ কৰে।

প্ৰতিনিধি দলটোৱে পাকিস্তানৰ স্বৰূপ সমগ্ৰ বিশ্বৰ আগত উদঙাই দিলে

‘অপাৰেচন সেন্দূৰ’ৰ পাছত সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি বিশ্বৰ আগত দাঙি ধৰিবলৈ বিভিন্ন দেশলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হয়। কংগ্ৰেছৰ পৰা শশী থাৰুৰ, বিজেপিৰ পৰা ৰবি শংকৰ প্ৰসাদ, JDU ৰ পৰা সঞ্জয় কুমাৰ ঝা, বিজেপিৰ পৰা বৈজয়ন্ত পাণ্ডা, ডিএমকেৰ পৰা কণিমোঝি কৰুণানিধি, এনচিপি-এছপিৰ পৰা সুপ্ৰিয়া ছুলে আৰু শিন্দে শিৱসেনাৰ পৰা শ্ৰীকান্ত শিন্দে এই প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে সাতজন সাংসদে। সন্ত্ৰাসবাদৰ সন্দৰ্ভত সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানৰ স্বৰূপ উদঙাই দিলে সৰ্বদলীয় প্ৰতিনিধি দলটোৱে।