স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিনামূলীয়া…মহিলাৰ বাবে মোদী চৰকাৰৰ নতুন অভিযান…
বিগত সময়চোৱাত মোদী চৰকাৰে মহিলাসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰিছে। শেহতীয়াকৈ মোদীয়ে সুস্থ মহিলা, সৱল পৰিয়াল অভিযান আৰম্ভ কৰিছে। যাৰ অধীনত মহিলাসকলৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব।

বিগত সময়চোৱাত মোদী চৰকাৰে মহিলাসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ন কৰিছে। পুনৰ চৰকাৰে মহিলাসকলৰ বাবে গ্ৰহণ কৰিছে আন এক ডাঙৰ পদক্ষেপ। বুধবাৰে মধ্যপ্ৰদেশৰ ধাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে স্বস্থ নাৰী সাশক্তি পৰিৱাৰ অভিযান (স্বাস্থ্যৱান মহিলা, সৱল পৰিয়াল)। এই অভিযানৰ অধীনত সমগ্ৰ দেশত মহিলাসকলৰ বাবে স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। য’ত মহিলাসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিব। ১৭ ছেপ্টেম্বৰৰ পৰা ১৬ অক্টোবৰলৈ চলিব এই অভিযান।
ইয়াৰ লগতে অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহৰো শুভাৰম্ভ কৰে মোদীয়। আজি এক বিশাল সভা সম্বোধন কৰি মোদীয়ে কয় যে, “প্ৰেৰণাৰ ভূমি ধাৰ। এই ঠাইয়ে সদায় অনুপ্ৰাণিত কৰে। আজি এই কাৰ্যসূচী বিশেষকৈ নাৰী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠিত কৰা হৈছে। এই কাৰ্যসূচী সমগ্ৰ দেশৰ মাতৃ-ভগ্নীসকলৰ বাবে। ইয়াৰ পৰাই সুস্থ মহিলা, সবল পৰিয়াল অভিযানৰ আৰম্ভ হৈছে”।
মোদীয়ে আৰু কয়, “এখন দেশৰ প্ৰগতিৰ চাবিকাঠি হ’ল নাৰী শক্তি। এগৰাকী মাতৃ সুস্থ হ’লেহে গোটেই ঘৰখন সুস্থ হৈ থাকিব। যদি মাতৃ অসুস্থ হয় তেতিয়া পৰিয়াল ব্যৱস্থাত ব্যাঘাত জন্মে। গতিকে সুস্থ মহিলা-সবল অভিযান মাতৃ আৰু ভগ্নীসকলৰ বাবে উৎসৰ্গিত। উপযুক্ত তথ্যৰ অভাৱত মহিলাসকল যাতে গুৰুতৰ ৰোগৰ কবলত নপৰে তাৰ প্ৰতি সজাগতা সৃষ্টিয়েই আমাৰ লক্ষ্য”।
মোদীয়ে কয়, “বহু ৰোগ আৰু যিবোৰ সহজে ধৰা নপৰে। যেতিয়া গুৰুতৰ হৈ পৰে তেতিয়া ইয়াৰ লক্ষণবোৰ দেখা দিবলৈ ধৰে। কিন্তু এনে ৰোগ সময়মতে ধৰা পেলোৱা অতি প্ৰয়োজন। গতিকে এই অভিযানৰ অধীনত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বা কেন্সাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ৰোগৰ পৰীক্ষা কৰা হ’ব। দেশৰ মাতৃ-ভগ্নীসকলে মোক সদায় আশীৰ্বাদ কৰি আহিছে। তেওঁলোক মোৰ সুৰক্ষাৰ ঢাল। কিন্তু আজি মই আপোনালোকৰ বাবে কিবা এটা কৰিব বিচাৰিছো। মই অনুৰোধ কৰিছো, কোনো সংকোচ নকৰাকৈ শিবিৰলৈ গৈ স্বাস্থ্য পৰীক্ষা কৰক”।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় এজন পুত্ৰ,” ভাতৃ হিচাপে মই মাত্ৰ এইখিনি বিচাৰিব পাৰো। এই স্বাস্থ্য শিবিৰত আপোনালোকে এক টকাও দিব নালাগে। স্বাস্থ্য পৰীক্ষাৰ পৰা ঔষধ পৰ্যন্ত, সকলো বিনামূলীয়া হ’ব। চৰকাৰী কোষাগাৰৰ মূল্য আপোনাৰ ভাল স্বাস্থ্যতকৈ বেছি একোৱেই নহয়। এই কোষাগাৰ আপোনাৰ বাবে”।
ক’ত অনুষ্ঠিত হ’ব শিবিৰ?
এই অভিযানৰ অধীনত সমগ্ৰ দেশৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি), জিলা চিকিৎসালয়, আৰু অন্যান্য চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত ১ লাখতকৈ অধিক শিবিৰ অনুষ্ঠিত কৰা হৈছে। য’ত চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়, কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিগত চিকিৎসালয়ৰ জৰিয়তে স্ত্ৰীৰোগ, শিশু, চকু, ই এন টি, দন্ত চিকিৎসা, ছালৰ ৰোগ আৰু মনোৰোগকে ধৰি বিশেষজ্ঞ সেৱা প্ৰদান কৰা হ’ব।
অন্য খবৰ পঢ়কঃ শুই আছিল স্বামী, পত্নীয়ে লৈ আহিল উতলা পানী আৰু পাছত সংঘটিত কৰিলে গাৰ নোম শিয়ৰি উঠা এক কাণ্ড…