শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শুই আছিল স্বামী, পত্নীয়ে লৈ আহিল উতলা পানী আৰু পাছত সংঘটিত কৰিলে গাৰ নোম শিয়ৰি উঠা এক কাণ্ড…

দেশত বিভিন্ন সময়ত নাৰী নিৰ্যাতনৰ কথা পোহৰলৈ আহে। কিন্তু কেৱল নাৰীয়েই নহয়, বহু পুৰুষো নিৰ্যাতিত হয়। শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে যিয়ে চকু কপালত তুলিব আপোনাৰ। এগৰাকী পত্নীৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সকলোকে।

শুই আছিল স্বামী, পত্নীয়ে লৈ আহিল উতলা পানী আৰু পাছত সংঘটিত কৰিলে গাৰ নোম শিয়ৰি উঠা এক কাণ্ড…
প্ৰতীকী ফটোImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 17 Sep 2025 15:59 PM

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সময়ত কিছুমান অপৰাধজনিত ঘটনা পোহৰলৈ আহে। বিশেষকৈ নাৰী নিৰ্যাতনৰ দৰে ঘটনাই বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায়। কিন্তু শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী পত্নীয়ে নিজ স্বামীক অতি নৃশংসভাৱে অত্যাচাৰ কৰে। এই কাণ্ডৰ ফলত স্বামী ইমানেই আঘাতপ্ৰাপ্ত হয় যে তেওঁক হাস্পাতাল ভৰ্তি কৰিবলগীয়া হয়।

জানিব পৰা মতে, ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামী শুই আছিল। তেতিয়াই মহিলাগৰাকীয়ে উতলা পানী আনি লোকজনৰ গাৰ ওপৰত ঢালি দিয়ে। ইয়াৰ ফলত মানুহজনৰ গাটো জ্বলিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ সাৰ পায়। কিন্তু ইয়াতেই ক্ষান্ত নাছিল পত্নী। যেতিয়া লোকজনক সাৰ পোৱা দেখিলে লগে লগে মহিলাগৰাকীয়ে হাতুৰীৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত লোকজনক বৰ্তমান হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়াৰত।

ঘটনাৰ পাছত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত মহিলাগৰৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ১৬ ছেপ্টেম্বৰৰ পুৱা আকাশ জাটাভ নামৰ লোকজন শুই আছিল। কিন্তু হঠাতে পত্নী পূজাই তেওঁৰ কাণত উতলা পানী ঢালি দিয়ে। এই ঘটনাৰ লগে লগে আকাশ সাৰ পাই আৰু নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰে। তাৰ পাছতো কিন্তু পূজাই পুনৰ তেওঁৰ ওপৰত উতলা পানী ঢালি দিয়ে। ইমানতেই ক্ষান্ত নাথাকি পূজাই স্বামীক অতি নৃশংসভাৱে হাতুৰীৰে আক্ৰমণ কৰে।

এই ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আকাশক পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

আকাশে অভিযোগ কৰিছে যে তেওঁৰ পত্নীয়ে প্ৰতিদিনে তেওঁক গালি গালাজ আৰু প্ৰহাৰ কৰে। কিন্তু মঙলবাৰে সকলো সীমা অতিক্ৰম কৰি আকাশত অত্যাচাৰ কৰে। আকাশে কয় যে, প্ৰথমে পূজাই ঘৰৰ সকলো বস্তু বাহিৰলৈ দলিয়াই দিয়ে, পাছত ঘৰৰ দুৱাৰ বন্ধ কৰি ভিতৰত থাকে। তাৰ পাছত যেতিয়া পৰিয়ালৰ আন লোকসকল বাহিৰত শুই যায় তেতিয়া পূজাই এই কাণ্ড সংঘটিত কৰে।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পূজা মানসিকভাৱে অসুস্থ। যাৰ বাবে সম্ভৱতঃ তেওঁ এই কাণ্ড সংঘটিত কৰিছে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ এটা ভিডিঅ’ আৰু পাছত নীলা ড্ৰামত মৃতদেহ! কি হৈছিল সেইদিনা, অভিযুক্তই জনালে সকলো…