শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘অপাৰেচন সেন্দূৰ কেৱল নাম নহয়, এক প্ৰতিজ্ঞা’, দেশবাসীক সম্বোধন কৰি আৰু কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত দিনকেইটাত দেশৰ শক্তি আৰু সংযম সকলোৱে দেখিবলৈ পোৱা বুলি উল্লেখ কৰে। ভাষণ আৰম্ভ কৰিয়েই তেওঁ প্ৰথমে দেশৰ সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক দেশবাসীৰ হৈ প্ৰণাম জনায়।

‘অপাৰেচন সেন্দূৰ কেৱল নাম নহয়, এক প্ৰতিজ্ঞা’, দেশবাসীক সম্বোধন কৰি আৰু কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
monjit-dutta
Monjit Dutta | Updated On: 12 May 2025 22:12 PM

শেহতীয়া কিছুদিন ধৰি চুবুৰীয়া পাকিস্তানৰ সৈতে সংঘাত আৰু তাৰ পিছত শনিবাৰে যুদ্ধবিৰতি ঘোষণাৰ পিছত আজি প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত দিনকেইটাত দেশৰ শক্তি আৰু সংযম সকলোৱে দেখিবলৈ পোৱা বুলি উল্লেখ কৰে। ভাষণ আৰম্ভ কৰিয়েই তেওঁ প্ৰথমে দেশৰ সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক দেশবাসীৰ হৈ প্ৰণাম জনায়। দেশৰ সাহসী সৈনিকসকলে অপাৰেচন সেন্দূৰৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰিছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

সন্ত্ৰাসবাদীৰ বিপক্ষে এই অভিযানত সেনা বাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে অপাৰেচন সেন্দূৰক ন্যায়ৰ এক অখণ্ড প্ৰতিজ্ঞা আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সেন্দূৰ কেৱল এক নাম নহয়, এয়া হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকে এতিয়া সেন্দূৰ আঁতৰোৱাৰ দাম কি, সেয়া ভালদৰেই বুজি পাইছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে হুংকাৰ দিয়ে।

তেওঁ লগতে কয়, “ভাৰতীয় বাহিনীয়ে পাকিস্তানত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান আৰু তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁত আক্ৰমণ চলাইছিল। সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনাও কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।” বিশ্বৰ যি স্থানতে বৃহৎ আক্ৰমণ সংঘটিত হৈছে, সেই সকলোবোৰ পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিৰ সৈতে জড়িত হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে বাহাৱালপুৰ আৰু মুৰিদকে বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় হৈ আহিছে বুলি মন্তব্য কৰে।

ভাৰতৰ এই কাৰ্যৰ বাবে পাকিস্তান গভীৰ হতাশাত ভুগিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। হতাশাই আগুৰি ধৰাত বিভ্ৰান্ত হৈ পাকিস্তানে আতংকতে আক্ৰমণৰ চেষ্টা কৰা বুলিও তেওঁ লগতে কয়। ইফালে ‘এতিয়াৰ বাবে আমাৰ প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছো’ বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয়, “পাকিস্তানে কি মনোভাৱ গ্ৰহণ কৰে আমি আগন্তুক দিনত চাম। তিনিওটা ভাৰতীয় সেনা আৰু বি এছ এফ সষ্টম হৈ আছে।”

“চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত অপাৰেচন হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব। আমি নিজৰ চৰ্তত উত্তৰ দিম। সন্ত্ৰাসবাদৰ শিপা সৃষ্টি হোৱা প্ৰতিটো ঠাইতে আমি ব্যৱস্থা গ্ৰহণ কৰিম।”- এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে বুলিও মোদীয়ে স্পষ্ট হুংকাৰ দিয়ে। ভাৰতে অত্যন্ত নিখুঁত আৰু নিৰ্ণায়কতাৰে আক্ৰমণ কৰিব বুলি হুংকাৰ দি ‘সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথকে পৃথকে দেখা নাপাম’ বুলিও সকীয়াই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

ইফালে যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেতিয়া সেই আলোচনা সন্ত্ৰাসবাদৰ ওপৰত, আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো। আমি আমাৰ সামৰ্থ্য স্পষ্টকৈ প্ৰদৰ্শন কৰিলোঁ। এই অভিযানৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰই নিজক প্ৰমাণ কৰিলে আৰু সমগ্ৰ বিশ্বই এয়া দেখিছে। আমি সকলোৱে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ থাকিব লাগিব, এয়াই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।”

তেওঁ লগতে ‘এয়া যুদ্ধৰ যুগ নহয় যদিও এয়া সন্ত্ৰাসবাদৰ যুগও নহয়’ বুলি উল্লেখ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই এখন উন্নত পৃথিৱীৰ নিশ্চয়তা বুলি উল্লেখ কৰে। পাকিস্তানৰ সেনা আৰু চৰকাৰে সন্ত্ৰাসবাদক লালন-পালন কৰি আছে, ই এদিন পাকিস্তানক নিজেই ধ্বংস কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে সকীয়াই দিয়ে। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে, তেতিয়াহ’লে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব বুলিও তেওঁ লগতে কয়।