31 JULY 2025
TV9 ASSAM
Credits: Getty Images
জীৱনত সমস্যা অহা সাধাৰণ কথা। কিন্তু বহু সময়ত কিছুমান মানুহৰ বাৰে বাৰে পৰিকল্পনা বাতিল, হৈ উঠা কামটো ৰৈ যোৱা আদিকে ধৰি বিভিন্ন সমস্যা অহা দেখা যায়।
কিন্তু এনে কিছুমান উপায় আছে যাৰ সহায়ত আপুনি এনে সমস্যাৰ পৰা বহু পৰিমাণে আঁতৰি থাকিব পাৰে। কিছুমান কথা মানুহৰ আগত কেতিয়াও শ্বেয়াৰ কৰিব নালাগে।
নিজৰ সফলতাৰ বিষয়ে মানুহক বেছি একো শ্বেয়াৰ কৰিব নালাগে। এনে কৰিলে নজৰ লাগিব পাৰে। সফল হ'লেই নিজেই দেখিব।
নিজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে আনৰ আগত বেছি একো নক'ব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত সমস্যা আহিব পাৰে।
আপুনি কি কৰিব, ভৱিষ্যতলৈ আপোনাৰ পৰিকল্পনা কৰি বা কামৰ বাবে আপোনাৰ পৰিকল্পনা আদি কেতিয়াও আনৰ আগত শ্বেয়াৰ নকৰিব।
আপুনি কেনেকৈ টকা উপাৰ্জন কৰে বা ক'ৰ পৰা এই ধন আহে সেই বিষয়েও আনৰ আগত শ্বেয়াৰ নকৰিব।
নিজৰ সুখৰ সময়বোৰ সামাজিক মাধ্যমত ৰাজহুৱা কৰি নিদিব। এনে কৰিলে মানুহৰ আপোনাৰ ওপৰত জলন হ'ব পাৰে আৰু নজৰ লাগিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক