গুৱাহাটীৰ উচ্ছেদৰ পৰা অভেল টেষ্টলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ
ৰাজ্যৰ ভিন ভিন প্ৰান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীতো উচ্ছে্দ চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰিছে। গুৱাহাটীৰ জনগাঁথনি পৰিৱৰ্তন কৰা সন্দেহজনক লোকৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে।
আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত এইপৰ্যন্ত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি উদ্ধাৰ হৈছে বুলি সদৰী কৰে। ইফালে ৰাজ্যৰ ভিন ভিন প্ৰান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীতো উচ্ছে্দ চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰিছে। গুৱাহাটীৰ জনগাঁথনি পৰিৱৰ্তন কৰা সন্দেহজনক লোকৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে।
অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ গোচৰ CBI ক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গৃহ মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰিলেই তদন্তকাৰী সংস্থাটোৱে এই গোচৰৰ তদন্ত আৰম্ভ কৰিব। চাওঁ আহক দিনটোৰ আন কেইটামান চৰ্চিত খবৰ….