মহানগৰীৰ উচ্ছেদ, ভাৰতৰ মান ৰক্ষাৰ যুঁজ… থোৰতে চাওক আজি দিনটোত চৰ্চাত থকা কেইটামান খবৰ
গুৱাহাটী মহানগৰীতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই খবৰে আজি লাভ কৰিছে অধিক চৰ্চা। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

আজিৰ চৰ্চিত খবৰImage Credit source: PTI
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত আজি কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ লগতে ৰাজ্যত আন কিছু খবৰো আজি চৰ্চাত আছে। লগতে দেশ তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা খবৰেও আজি সংবাদ শিৰোনাম দখল কৰে। ইফালে ক্ৰীড়াৰ ক্ষেত্ৰত আজি অধিক চৰ্চিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হোৱা পঞ্চমখন টেষ্ট। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
- শেহতীয়া কিছুদিনত ৰাজ্যৰ কেইবাটাও চলোৱা হৈছে উচ্ছেদ অভিযান। এইবাৰ গুৱাহাটী মহানগৰীতো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। আজি কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই গুৱাহাটী মহানগৰীত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ ঘোষণা, থলুৱা মানুহৰ মাটি উচ্ছেদ কৰা নহয়। বৰঞ্চ গুৱাহাটীৰ জনগাঁথনি পৰিৱৰ্তন কৰা সন্দেহজনক লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান।
- বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ গোচৰ CBI ক হস্তান্তৰ কৰা হ’ব। আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে ৭ জনীয়া এখন SIT গঠন কৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰাৰ লগে লগে CBI এ এই গোচৰৰ তদন্ত আৰম্ভ কৰিব।
- আলফাৰ লিংকমেনৰ সন্দেহত আটক কৰা হৈছে জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়াক। সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত তেওঁ এক পোষ্ট দিয়াৰ অভিযোগ উঠিছে। আজি পুৱতি নিশা হাতীগাওঁ আৰক্ষীয়ে প্ৰণৱ জ্যোতি চেতিয়াক ছাৰ্ভেৰ ঘৰৰ পৰাই আটক কৰে। এই সন্দৰ্ভত ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
- অসম চৰকাৰে এইপৰ্যন্ত ৰাজ্যত চলোৱা উচ্ছেদ অভিযানত ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি উদ্ধাৰ হৈছে। আজি কেবিনেট বৈঠকৰ পিছত সংবাদমেল যোগে এই তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে শেহতীয়াকৈ সৃষ্টি হোৱা মিঞালেণ্ড বিতৰ্ক সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁৰ মত, মিঞালেণ্ড হোৱাত কোনো আপত্তি নাই। কিন্তু মিঞালেণ্ড বাংলাদেশতহে হ’ব আৰু প্ৰয়োজন হ’লে সহায়ো কৰি দিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- ২০০৮ চনত মহাৰাষ্ট্ৰৰ মালেগাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত বিজেপিৰ প্ৰাক্তন সাংসদ সাধৱী প্ৰজ্ঞাসহ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে NIA ৰ বিশেষ আদালতে। তদন্তকাৰী সংস্থা NIAই অভিযোগ প্ৰমাণত ব্যৰ্থ হোৱাৰ বাবে আদালতে সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। ইয়াৰ লগতে আদালতে ভুক্তভোগী পৰিয়ালক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।
- অভিনেত্ৰী নন্দিনী কাশ্যপে কৰা দুৰ্ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ পিছতে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হ’লে জামিন হ’লহেতেন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। কিন্তু আৰক্ষীয়ে কৌশলগত স্থিতি গ্ৰহণ কৰিছে আৰু এতিয়া সঠিকভাৱে তদন্ত আগবাঢ়িছে বুলিও তেওঁ কয়। উল্লেখ্য যে এই ভয়ংকৰ দুৰ্ঘটনাত ছামিউল হক নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পিছতে নন্দিনী কাশ্যপৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ভাৰতীয় ৰপ্তানিৰ ওপৰত ২৫% শুল্ক আৰোপ কৰে। ইয়াৰ পিছতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰৰ কূটনৈতিক কৌশলক তীব্ৰ সমালোচনা কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুয়োকে সলনি কৰাৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়।
- ভাৰতীয় ৰপ্তানিৰ ওপৰত ২৫% শুল্ক আৰোপৰ পিছতে আমেৰিকাই পাকিস্তানৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই চুক্তিৰ কথা সদৰী কৰিছে। এই চুক্তিৰ অধীনত পাকিস্তান আৰু আমেৰিকাই একেলগে কাম কৰি তেওঁলোকৰ বিশাল তেলৰ মজুত উন্নয়ন সাধন কৰিব বুলি উল্লেখ কৰে ট্ৰাম্পে।
- আজিৰ পৰা অভেলত আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত অন্তিমখন টেষ্ট। টেষ্টখনত প্ৰথমে বেটিং কৰিছে ভাৰতীয় দলে। আঘাতৰ বাবে ইংলেণ্ডৰ নিয়মীয়া অধিনায়ক বেন ষ্ট’কছ এই মেচখনত দলত নাই। উল্লেখ্য যে এই মেচখনত পৰাস্ত হ’লে বা ড্ৰ হ’লে শৃংখলা হেৰুৱাব ভাৰতীয় দলে।