অপাৰেচন শিৱশক্তিৰ পৰা ছুনামিৰ ভয়াৱহতালৈ দিনটোৰ শীৰ্ষ খবৰ…
পুনৰ অসম-বাংলাদেশ সীমান্তত বাংলাদেশী নাগৰিক আটক। শ্ৰীভূমিৰ পৰা নিৰাপত্তাৰক্ষীয়ে ওভটাই পঠায় ৭ গৰাকী বাংলাদেশী নাগৰিকক।
১. অৱশেষত হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ। কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীৰ বাহনে মহতিয়াই নিছিল চামিউল নামৰ এজন যুৱকক। কালি হাস্পতালত মৃত্যু ঘটে যুৱকজনৰ। তাৰ পাছতেই জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ নন্দিনীক।
২. বেদখলৰ কৱলত পৰা উৰিয়ামঘাটত আজিও চলে প্ৰশাসনৰ উচ্ছেদ অভিযান। অসম-নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলৰ প্ৰায় ৩৬০০ একৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে কালিৰে পৰা চলিছে উচ্ছেদ অভিযান। প্ৰায় ১৫০০ পৰিয়ালক উচ্ছেদ কৰা হৈছে সেই স্থানৰ পৰা।
৩. পুনৰ অসম-বাংলাদেশ সীমান্তত আটক বাংলাদেশী। শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰে নিৰাপত্তাৰক্ষীয়ে ওভটাই পঠায় ৭ গৰাকী বাংলাদেশী নাগৰিকক। সীমান্তত নিৰাপত্তা কটকটীয়া কৰি ৰক্ষা স্বতেও বাংলাদেশৰ পৰা নিয়মিত চলি আছে অনুপ্ৰৱেশ প্ৰচেষ্টা। কেইদিনমান পূৰ্বেও ওভতাই পঠিওৱা হৈছিল ২০ বাংলাদেশীক।
৪. সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত আছে ভাৰতীয় সেনাৰ অভিযান। অপাৰেচন মহাদেৱৰ পাছত এইবাৰ ভাৰতীয় সেনাই চলালে অপাৰেচন শিৱশক্তি। জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাই নিধন কৰিছে সীমান্ত পাৰ হৈ অহা দুটা সন্ত্ৰাসবাদীক। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহজনক গতি-বিধি নিৰীক্ষণৰ পাচতেই অভিযান চলাই সেনাই।
৫. লাডাখৰ গালৱানৰ চৰবাগ অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। সেনাবাহিনীৰ এখন বাহনৰ ওপৰত বাগৰি পৰে এটা ডাঙৰ পাথৰ। ইয়াৰ ফলত বাহনখনত থকা দুজন বিষয়া শ্বহীদ হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছত আহতসকলক বিমানেৰে লৈ যোৱা হয় চিকিৎসালয়লৈ।
৬. অপাৰেচন সেন্দূৰ সন্দৰ্ভত সংসদত গুৰুত্বপূৰ্ণ মন্তব্য সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম অপাৰেচন সেন্দূৰ কিয় ৰখা হ’ল বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। তেওঁ আপত্তি দৰ্শাই কয়, সেন্দূৰ কাঢ়ি লোৱাৰ পাছত অপাৰেচন সেন্দূৰ নাম ৰখাৰ অৰ্থ কি?
৭. ৰাছিয়াত ভংয়কৰ ভূমিকম্প। ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পাছতেই সৃষ্টি হৈছে ছুনামিৰ। ৰাছিয়াৰ পূব উপকূলত খুন্দাত মাৰিছে সমুদ্ৰৰ বিশাল ঢৌৱে। কেৱল ৰাছিয়াই নহয়, আলাস্কা, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলতো পৰিছে ছুনামিৰ প্ৰভাৱ। আলাস্কা আৰু হাৱাইত জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী।
৮. পহলগাম আক্ৰমণত জড়িত আছিল পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট। ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা। লস্কৰ ই তৈবাৰ সহযোগত চলোৱা হৈছিল এই আক্ৰমণ।
৯. ইংলেণ্ডত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছত পাকিস্তানৰ বিৰুদ্ধে ছেমিফাইনেল নেখেলাৰ সিদ্ধান্ত ভাৰতৰ। ইয়াৰ পূৰ্বেও পাকিস্তানৰ বিৰুদ্ধে লীগ মেচ খেলা নাছিল ভাৰতে। ৩১ জুলাইত অনুষ্ঠিত হোৱাৰ কথা এই ছেমিফাইনেল।