বক্স অফিচত বিজয়ৰ ৰাজকীয় যাত্ৰাঃ মুক্তিৰ দিনাই ছবিগৃহত চলিল ‘কিংডম’ৰ শাসন…
প্ৰথম দিনাৰ এই সফলতাৰ জৰিয়তে বিজয়ে যেন স্পষ্ট কৰি দিছে, এইবাৰ তেওঁৰ ‘কিংডম’- এ চিনেমা হলত শাসন চলাব। বক্স অফিচত আগন্তুক কিছুদিনলৈ যে তেওঁৰ এই বিজয় যাত্ৰা অব্যাহত থাকিব, সেই কথা প্ৰথম দিনাই প্ৰতিটো শ্ব’তে প্ৰমাণিত হৈছে।

আজি ছবিগৃহলৈ আহিল বহু প্ৰতীক্ষিত ছবি ‘কিংডম’। নামটিৰ দৰেই আজি মুক্তিৰ দিনাই ছবিগৃহত ৰাজত্ব চলালে বিজয় দেৱেৰাকোণ্ডা অভিনীত এই ছবিখনে। এই সাফল্যৰ জৰিয়তে দক্ষিণৰ ছুপাৰষ্টাৰ অভিনেতাগৰাকীয়ে প্ৰমাণ কৰি দেখুৱালে সাম্প্ৰতিক সময়ত দক্ষিণৰ চলচ্চিত্ৰ জগতত তেওঁৰ অনন্য শক্তিশালী অৱস্থান। প্ৰথম দিনাৰ এই সফলতাৰ জৰিয়তে বিজয়ে যেন স্পষ্ট কৰি দিছে, এইবাৰ তেওঁৰ ‘কিংডম’- এ চিনেমা হলত শাসন চলাব। বক্স অফিচত আগন্তুক কিছুদিনলৈ যে তেওঁৰ এই বিজয় যাত্ৰা অব্যাহত থাকিব, সেই কথা প্ৰথম দিনাই প্ৰতিটো শ্ব’তে প্ৰমাণিত হৈছে।
সমগ্ৰ দেশৰ চিনেমা হলৰ বাহিৰত থকা হাউচফুল বৰ্ডৰ দৰেই হলৰ ভিতৰত অনুৰাগীৰ উন্মাদনাই আজি দেখুৱালে কিংডমৰ আগন্তুক সময়ৰ অপাৰ সফলতাৰ পূৰ্বছবি। ছবিখনৰ প্ৰথমটো দৃশ্যৰ পৰা শেষৰ দৃশ্যলৈকে ছবিগৃহত ধৰি ৰাখিলে উত্তেজনা। ছবিগৃহৰ ভিতৰত কেৱল বিজয়ৰ নামৰ জয়ধ্বনি। বহুদিনৰ মূৰত বিজয়ৰ এই একচন ৰূপ দেখি প্ৰথম দিনাই দৰ্শকে এই ছবিখনক ব্লকবাষ্টাৰ হিচাপে ঘোষণা কৰিছে।
বিজয়ৰ অনুৰাগীসকলে ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিভিন্ন ভিডিঅ’ আৰু মন্তব্য শ্বেয়াৰ কৰি প্ৰশংসাৰে উপছাই পেলাইছে কিংডমক। আনকি দক্ষিণৰ চলচ্চিত্ৰ জগতৰ আন অভিনেতাসকলেও বিজয়ৰ ‘কিংডম’ম কৰিছে উচ্চ প্ৰশংসা। উল্লেখ্য যে এই কিংডম ছবিখনৰ টিজাৰ কেইমাহমান পূৰ্বে মুক্তি পাইছিল। বিজয়ৰ এই ছবিখনে যে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিব, টিজাৰৰ পৰাই তাৰ এক স্পষ্ট ধাৰণা কৰিছিল চিনে বিশ্লেষকে।
Just watched Kingdom with a couple of friends at RTC X Roads. First time in an electrifying theatre 😁
The energy in the theatre was insane with a huge screen, hyped-up audience, and a vibe that gave goosebumps!
Stellar performance by @TheDeverakonda absolutely loved the film!
— Himanshu Rao Kalvakuntla (@TheHimanshuRaoK) July 31, 2025
চিনে বিশ্লেষকৰ এই অনুমান সঁচা প্ৰমাণিত কৰি আজিৰ মুক্তিৰ দিনাই ‘কিংডম’- এ তুলিলে লহৰ। একচন, ৰোমাঞ্চ, সংগীত সকলো দিশৰ পৰাই ‘কিংডম’ হৈছে মনোৰঞ্জনৰ সম্পূৰ্ণ পেকেজ। এনে সফলতাৰে কিংডম বিজয় দেৱেৰাকোণ্ডাৰ চলচ্চিত্ৰ কেৰিয়াৰৰ এক মাইলষ্ট’ন হিচাপে পৰিগণিত হ’ব বুলি চিনে সমালোচকে ধাৰণা কৰিছে।
কেৱল একচনতে নহয়, বিজয়ে আৱেগিক দৃশ্যত নিজ অভিনয়েৰে মন জয় কৰিছে অনুৰাগীৰ। চলচ্চিত্ৰ সমালোচকৰ মতে কিংডমে বিজয়ৰ আন সকলো ছবিৰ অভিলেখ ভংগ কৰিব। বিজয় দেৱেৰাকোণ্ডা- এই এটি নামতে যেন ছুপাৰহিট কিংডম। একচনৰ পৰা ৰোমাঞ্চলৈ, কমেডীৰ পৰা সম্পূৰ্ণ চিৰিয়াছধৰ্মীতালৈ- এই সকলো দিশতে দৰ্শকৰ দৰ্শকৰ হৃদয় জয় কৰিব জানে বিজয়ে। সেই কথা পুনৰ প্ৰমাণিত হ’ল ‘কিংডম’ত।
This is Sarat Theatre (Vizag) after the 11 am show today 🔥
I don’t remember the last time I was this happy after watching a DVS movie.
Kingdom is peak cinema 🌋🌋🌋#KINGDOM #BlockBusterKINGDOM pic.twitter.com/eSuWjbpUJI
— 𝐓𝐞𝐣𝐚 (@TejaSaiTweets) July 31, 2025