শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সঁচা হ’ল জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভূমিকম্পৰ পিছতে ছুনামী...

সঁচা হ’ল জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভূমিকম্পৰ পিছতে ছুনামী…

Trishna Kalita
Trishna Kalita | Published: 31 Jul 2025 21:52 PM

ছুনামীৰ পিছত বহুতে কৈছে যে জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হ’ল। বহুতে এইটোও কৈছে যে হয়তো ৰিয়া টাটছুকিয়ে ৫ জুলাইৰ কথা কোৱা নাছিল, বৰঞ্চ গোটেই মাহটো বিপদৰ সতৰ্কবাণী দিছিল। জাপানী বাবা ভাংগাৰৰ এই ভৱিষ্যদ্বাণী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

তাৰিখৰ কিছু অমিল থাকিলেও সঁচা হ’ল জাপানৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী! প্ৰথমে ৰাছিয়াত প্ৰবল ভূমিকম্প আৰু তাৰ পিছত জাপানকে ধৰি কেইবাখনো ঠাইত ছুনামীয়ে আঘাত হানিলে। আতংকিত হৈ পৰিল মানুহ। জাপানৰ ভূমিকম্প বিশেষজ্ঞ ৰিয়া তাটছুকিয়ে এনে এক ভয়ানক দুৰ্যোগৰ কথা পূৰ্বেই উল্লেখ কৰিছিল।

বুধবাৰে ৰাছিয়াৰ কামচাটকাত ৮.৮ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প অনুভূত হয়। ইয়াৰ পিছত ৰাছিয়াৰ কুৰিল দ্বীপ আৰু জাপানৰ উত্তৰ হোকাইডো দ্বীপত ছুনামীৰ প্ৰভাৱ পৰে। ছুনামীৰ ফলত যথেষ্ট ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। কিন্তু জাপানী মাংগা শিল্পী ৰিয়া তাটছুকিয়ে ১৯৯৯ চনত তেওঁৰ কিতাপখনত এনে দুৰ্যোগৰ বিষয়ে লিখা থকাটোৱে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। সেই কিতাপখনত লিখা আছিল যে ২০২৫ চনৰ ৫ জুলাইত প্ৰবল ভূমিকম্প আৰু ছুনামী হ’ব।