গাদী হেৰুৱাব পাৰে ইউনুছে! নিৰ্বাচন খেলিব প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে…
শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ পাছৰে পৰা বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ আছে। বৰ্তমান মহম্মদ ইউনুছে মুখ্য উপদেষ্টা হিচাপে শাসনভাৰ গ্ৰহণ কৰি আছে যদিও তেওঁ হেৰুৱাব পাৰে গাদী।
শ্বেখ হাছিনাই বাংলাদেশ এৰি পলায়ন কৰাৰ পাছৰে পৰা দেশখনৰ ৰাজনৈতিক পৰিস্থিতিত যথেষ্ঠ পৰিবৰ্তন হৈছে। বৰ্তমান মহম্মদ ইউনুছে মুখ্য উপদেষ্টা হিচাপে কাৰ্যভাৰ চম্ভালি আছে। কিন্তু শীঘ্ৰেই ইউনুছে গাদী হেৰুৱাব পাৰে। কিয়নো এইবাৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন প্ৰধানমন্ত্ৰী খালিদা জিয়াই। যোৱা কেইটামান বছৰৰ পৰা জিয়া অত্যন্ত অসুস্থ আছিল যদিও এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে সাজু হৈছে।
বিএনপিৰ ভাইচ চেয়াৰমেন আব্দুল আৱাল মিণ্টোৱে বুধবাৰে কয় যে দলৰ অধ্যক্ষগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে আৰু তেওঁ ৰাষ্ট্ৰীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জিয়াই ফেনীৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয়। ইয়াৰ পাছতে এতিয়া বাংলাদেশৰ ৰাজনীতিত যথেষ্ঠ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইয়াৰোপৰি দলটোৱে কয় যে,নিয়ম অনুসৰি ৯০ দিনৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে।