শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
How To Know Real Or Fake Aadhar Card: আধাৰ কাৰ্ড প্ৰকৃত নে ভুৱা, হঠাৎ দেখি কেনেকৈ গম পাব?

How To Know Real Or Fake Aadhar Card: আধাৰ কাৰ্ড প্ৰকৃত নে ভুৱা, হঠাৎ দেখি কেনেকৈ গম পাব?

barasha-misra
Barasha Misra | Published: 31 Jul 2025 20:21 PM

প্ৰতিখন আধাৰ কাৰ্ডৰ এটা QR ক'ড থাকে। সেই ক'ডৰ জৰিয়তে আধাৰ কাৰ্ডৰ মালিকৰ সকলো তথ্য এনক্ৰিপ্টেড থাকে। যদি আপুনি সেই QR ক’ড ৰিডাৰৰ সহায়ত স্কেন কৰে, তেন্তে আপুনি সেই কাৰ্ডৰ সকলো তথ্য দেখিব। যদি স্কেনিং কৰি পোৱা তথ্য কাৰ্ডৰ তথ্যৰ লগত মিল নাথাকে, তেন্তে আপুনি বুজিব যে কোনো খেলিমেলি আছে।

বৰ্তমান আধাৰ কাৰ্ড অন্যতম গুৰুত্বপূৰ্ণ নথি। বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি ৰে’লৰ টিকট কিনালৈকে প্ৰতিটো ক্ষেত্ৰতে এই কাৰ্ডখন প্ৰয়োজনীয়। কিন্তু একে সময়তে ভুৱা আধাৰ কাৰ্ডৰ সংখ্যাও বাঢ়িছে।

কিন্তু আধাৰ কাৰ্ড ভুৱা হয়নে নহয় তৎক্ষণাত কেনেকৈ গম পাব? তাৰ বাবে এটা বিশেষ পদ্ধতি আছে। অৱশ্যে এই পদ্ধতিৰ দ্বাৰা আধাৰ কাৰ্ড ভুৱা হয়নে নহয় সদায় কোৱাটো টান। বহু ক্ষেত্ৰত ইয়াক ধৰা পেলাব পাৰি।

UIDAI বা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে ঘোষণা কৰিছে যে, ইয়াৰ এটা সহজ উপায় আছে। এই পদ্ধতি অনুসৰণ কৰিলে ভুৱা আধাৰ কাৰ্ড ধৰা পেলোৱাটো একেবাৰে সহজ হ’ব। সেই উপায়টো কি?

প্ৰতিখন আধাৰ কাৰ্ডৰ এটা QR ক’ড থাকে। সেই ক’ডৰ জৰিয়তে আধাৰ কাৰ্ডৰ মালিকৰ সকলো তথ্য এনক্ৰিপ্টেড থাকে। যদি আপুনি সেই QR ক’ড ৰিডাৰৰ সহায়ত স্কেন কৰে, তেন্তে আপুনি সেই কাৰ্ডৰ সকলো তথ্য দেখিব। যদি স্কেনিং কৰি পোৱা তথ্য কাৰ্ডৰ তথ্যৰ লগত মিল নাথাকে, তেন্তে আপুনি বুজিব যে কোনো খেলিমেলি আছে।

ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে কয় যে, যদি QR ক’ড স্কেন কৰিব নোৱাৰি বা তথ্যৰ মিল নাথাকে, তেন্তে আধাৰ কাৰ্ড ভুৱা বুলি গম পাব। মন কৰিবলগীয়া যে যদি আপুনি পৰিচয়ৰ প্ৰমাণ হিচাপে আপোনাৰ আধাৰ ক’ৰবাত জমা দিয়ে, তেন্তে সাৱধান।